Logo
image

বিটিচিত লুণ্ঠন! হাগ্ৰামাক ৰঙাঘৰত ভৰোৱাৰ হুমকি প্ৰমোদ বড়োৰ

আমাৰ অসম, ২৩ জানুৱাৰীঃ বিটিচিত হাগ্ৰামা মহিলাৰীৰ লুণ্ঠনৰ তথ্য ফাদিল কৰি এইবাৰ হাগ্ৰামাক ৰঙাঘৰত ভৰোৱাৰ হুমকি দিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে৷ উল্লেখ্য যে হাগ্ৰামা মহিলাৰীৰ শাসনকালত ৩ হাজাৰ কোটি টকাৰ কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ তুলি দুৰ্নীতি সন্দৰ্ভত অডিট ৰিপ’ৰ্ট প্ৰস্তুত কৰিবলৈ নিটকোণ লিমিটেড নামৰ এটা দিল্লীৰ প্ৰতিষ্ঠানক গোপনে দায়িত্ব দিছিল প্ৰমোদ বড়োৱে৷ কোকৰাঝাৰৰ মছনদত অধিষ্ঠিত হোৱাৰ পাছতে দিল্লীৰ উক্ত বিত্তীয় সংস্থাক হাগ্ৰামাৰ কেলেংকাৰি সন্দৰ্ভত তদন্ত কৰিবলৈ দায়িত্ব দিছিল প্ৰমোদ বড়োৱে৷ 

যোৱা ১৫ মাহে নিটকোণ লিমিটেডে  অনুসন্ধান চলাই আজি বিটিচি সচিবালয়ৰ বৈঠকত অডিট ৰিপ’ৰ্ট দাখিল কৰে৷ নিটকোণৰ এই অডিট ৰিপ’ৰ্ট লৈ হাগ্ৰামাৰ বিৰুদ্ধে পুনৰ সোচ্ছাৰ হ’ল  প্ৰমোদ বড়ো৷ সাংবাদিকৰ আগত বড়োৱে এনেদৰে কয়– হাগ্ৰামা মহিলাৰীৰ আমোলত চিডি পুঁজিকেই ধৰি ২৮টা বিভাগৰ সৰ্বমুঠ ৮,৫১৬টা প্ৰকল্পৰ অডিট চলাইছিল নিটকোণে৷ অডিট ৰিপ’ৰ্টত সৰ্বমুঠ ২,৯১৫ কোটি ৬৫ লাখ টকাৰ বিটিচি প্ৰশাসনৰ অনুমোদিত  পুঁজিৰ ভিতৰত অডিট তদন্তত লাইবিলিটি ১০২৩ কোটি ৯৩ কোটি পোৱা বুলি সদৰি কৰিছে৷ প্ৰায় ১৯০০ কোটি টকাৰ বিল আছিল ভুৱা৷ একাংশ ফাইল  ঠিকাদাৰ, ৰাজনৈতিক নেতা আৰু বিষয়াৰ হাতত আছে৷ অতিশীঘ্ৰে এই ফাইলসমূহ ঘূৰাই নিদিলে আইনী ব্যৱস্থা লোৱা হ’ব৷ ‘হাগ্ৰামা চৰকাৰৰ দিনত এপ্ৰভেল দিয়া প্ৰায় তিনি হাজাৰ কোটি টকাৰ ভিতৰত প্ৰায় পোন্ধৰ শ আঁচনিৰ কামেই আৰম্ভ নহ’ল আৰু ১,২৬১টা আঁচনি কাম আধৰুৱা হৈ ৰল৷’ ইফালে নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ হোৱা বুলি মুখ্যমন্ত্ৰীয়ে কৰা ভাষ্যৰ প্ৰশংসা কৰি প্ৰমোদ বড়োৱে কয় যে এয়া  অসমৰ স্বাৰ্থত কৰা মন্তব্য৷ অসমৰ খিলঞ্জীয়াৰ ভূমি  সম্পদ আৰু নাগৰিকত্বক সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য আগবঢ়াব পাৰে৷ নাগৰিকত্বৰ ভিত্তিবৰ্ষ কাৰো ক্ষতি নোহোৱাকৈ হওক বুলি প্ৰমোদ বড়োৱে মন্তব্য কৰে৷