কমতাপুৰৰ লগতে জীৱনো অপ্ৰাসংগিক হৈ গ’ল নেকি
আমাৰ অসম, ২৩ জানুৱাৰীঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া স্থিতিৰ পিছতে হঠাতে অপ্ৰাসংগিক হৈ পৰিল নেকি কমতাপুৰৰ দাবী আৰু জীৱন সিংহৰ প্ৰত্যাবৰ্তন৷ শনিবাৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই জনতা ভৱনত এখন সংবাদমেলত স্পষ্টভাৱে কৈছিল ইমান বছৰ বাহিৰত থকাৰ পিছত মানুহজন উভতি আহিছে৷ তেওঁক চাহ খাবলৈ দিয়ক৷ অসমখন চাবলৈ দিয়ক৷ বুজিব দিয়ক৷ আলোচনা কৰা মানুহ আছে নহয়৷ তেওঁলোকে আলোচনা কৰিব৷ তেওঁক জিৰণি ল’বলৈ দিয়ক৷ কমতাপুৰ সন্দৰ্ভত অসম চৰকাৰ বা মুখ্যমন্ত্ৰী হিচাপে মোক এই পৰ্যন্ত কোনেও একো কোৱা নাই৷’ মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ পিছতে এটা কথা স্পষ্ট হ’ল যে কে এল অ বা পশ্চিম অসমৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ একাংশ নেতা আৰু ব্যক্তি বিশেষে ২৬ জানুৱাৰীৰ পূৰ্বে কমতাপুৰ গঠনৰ যি ৰাজহুৱা দাবী কৰি আছে সেয়া বৰ্তমানো সূদ্দৰ পৰাহত৷
ম্যানমাৰৰ পৰা আহি নাগালেণ্ডৰ মনত অসম ৰাইফলছৰ ওচৰত আত্মসমৰ্পন কৰাৰ পাছত জীৱন সিংহক সতীৰ্থসহ নতুন দিল্লীলৈ লৈ যোৱা হয়৷ নতুন দিল্লীৰ পৰা তেওঁক অসমলৈ লৈ অনা হয়৷ বৰ্তমান কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ প্ৰত্যক্ষ তত্বাবধানত জীবন সিংহ গুৱাহাটীৰ পাশ্বৱৰ্তী নিৰাপত্তা বাহিনীৰ চাউনীত চিকিৎসা গ্ৰহণ কৰি আছে৷ বিভিন্ন ৰোগত আক্ৰান্ত জীৱন সিংহক নিৰাপত্তা বাহিনীৰ এই চাউনীত কিছুদিন ৰখা হ’ব বুলি প্ৰকাশ৷ অৱশ্যে জীৱন সিংহ একাংশ সতীৰ্থক বৰ্তমানো কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই নতুন দিল্লীত নিজৰ জিম্মাত ৰাখিছে৷ কেন্দ্ৰীয় চৰকাৰৰ নিয়ম অনুসৰি প্ৰথমে কে এল অৰ কেডাৰ সকলে অস্ত্ৰ সমৰ্পন কৰিব লাগিব৷ তাৰ পিছত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে অস্ত্ৰ বিৰতিৰ চুক্তি স্বাক্ষৰ হ’ব৷ ইয়াৰ পিছত প্ৰস্তুত হ’ব আলোচনাৰ মডেলিটিজ ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অনুমতিৰ পিছতে চূড়ান্ত হ’ব আলোচনাৰ মডেলিটিজ ৷ ইয়াৰ পিছতহে আৰম্ভ হ’ব শান্তি আলোচনাৰ পৰ্ব৷ এই আলোচনা কেতিয়া আৰম্ভ হ’ব আৰু কেতিয়া শেষ হ’ব তাৰ কোনো নিশ্চয়তা নাই৷ দশকৰ পিছত দশক ধৰি শান্তি আলোচনা চলি থকাৰ পিছতো এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰ আৰু এন এছ চি অৰ মাজত সম্পাদিত হোৱা নাই শান্তি চুক্তি৷ অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলফাৰ সৈতে এই পৰ্যন্ত শান্তি আলোচনাৰ প্ৰক্ৰিয়াই আৰম্ভ হোৱা নাই৷ আলোচনাৰ বাবে আজিও কেন্দ্ৰীয় চৰকাৰৰ আমন্ত্ৰণলৈ অপেক্ষা কৰি থাকিবলগীয়া হৈ আলফাৰ নেতৃত্বই৷
আনহাতে কে এল অই অসম, পশ্চিমবংগ আৰু বিহাৰৰ বৃহৎ অংশক সামৰি কমতাপুৰ গঠনৰ দাবী জনাই আছে৷ কে এল অৰ প্ৰস্তাৱিত কমতাপুৰত অসমৰ ৬ খনকৈ জিলা অন্তৰ্ভুক্ত হৈ আছে৷ কিন্তু আজিৰ তাৰিখত অসমক পুনৰ দ্বিখণ্ডিত কৰাৰ ক্ষেত্ৰত কোনে লোকে যে সমৰ্থন নজনাব সেয়া নিশ্চিত৷ অৱশ্যে কে এল অৰ প্ৰস্তাবিত কমতাপুৰৰ দাবীক সমৰ্থন জনাই অসম দ্বিখণ্ডিত কৰাৰ পক্ষত মাত মাতি থকা কোচ ৰাজবংশী জনগোষ্ঠীৰ একাংশ নেতা এই ক্ষেত্ৰত ব্যতিক্ৰম হ’ব পাৰে৷ লক্ষণীয়ভাৱে কমতাপুৰৰ দাবীত সমৰ্থন জনাবলৈ গৈ এই সকল নেতাই আমি কোনো দিনে অসমীয়া নাছিলো ‘ইচ্ছাৰ বিৰুদ্ধে আমি অসমৰ সৈতে আছো’ আদি ধৰণৰ বিছিন্নতাবাদী মন্তব্যও কৰি আছে ৰাজহুৱাভাবে৷ অৱশ্যে অবিভক্ত গোৱালপাৰা জিলাত বসবাস কৰা অন্য জাতি জনগোষ্ঠীৰ লোকসকলে ইতিমধ্যে অসমৰ পৰা ফালৰিকাটি পৃথক কমতাপুৰ গঠনৰ মুকলি বিৰোধিতা কৰি আছে৷ কিন্তু মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ শেহতীয়া ভাষ্য আৰু স্থিতিৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে প্ৰস্তাবিত কমতাপুৰৰ দাবীৰ প্ৰতি কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব দিয়া নাই৷ ৰাজনৈতিক আৰু প্ৰশাসনিক দৃষ্টিকোনৰ পৰাও এই দাবী পূৰণ সহজ নহয়৷ একে সময়তে তিনিখনকৈ ৰাজ্য খণ্ডিত কৰিবলৈ হ’লে যথেষ্ট সাংবিধানিক নিয়ম মানিব লাগিব৷ ই এটা দীঘলীয়া প্ৰক্ৰিয়া৷ মুখ্যমন্ত্ৰীয়ে নিজৰ সংবাদ মেলত স্পষ্টভাবে কৈছে যে কোচ ৰাজবংশী জনগোষ্ঠীক ইতিমধ্যে স্বায়ত্ব শাসিত পৰিষদ দিয়া হৈছে৷ জীবন সিংহৰ আগমনৰ লগে লগে২৬চ্ছ জানুৱাৰীত কমতাপুৰ ঘোষণা হ’ব বুলি জনগোষ্ঠীটোৰ মাজত যি আনন্দ উল্লাসৰ সৃষ্টি হৈছিল শেহতীয়াভাৱে সেই আনন্দ-উল্লাস যথেষ্ট পৰিমানে ম্লান পৰিছে৷ অধিকাংশ লোকে বুজি উঠিছে বাস্তব চিত্ৰখন৷ কিন্তু ইয়াৰ পিছতো একাংশ নেতাই এই পৰ্যন্ত বন্ধ কৰা নাই জনগোষ্ঠীটোৰ লোকক প্ৰৰোচনা কৰা ক্ষেত্ৰত চলাই থকা নিজৰ অভিযান৷