Logo
image

কমতাপুৰৰ লগতে জীৱনো অপ্ৰাসংগিক হৈ গ’ল নেকি

আমাৰ অসম, ২৩ জানুৱাৰীঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া স্থিতিৰ পিছতে হঠাতে অপ্ৰাসংগিক হৈ পৰিল নেকি কমতাপুৰৰ দাবী আৰু জীৱন সিংহৰ প্ৰত্যাবৰ্তন৷ শনিবাৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই জনতা ভৱনত এখন সংবাদমেলত স্পষ্টভাৱে কৈছিল ইমান বছৰ বাহিৰত থকাৰ পিছত মানুহজন উভতি আহিছে৷ তেওঁক চাহ খাবলৈ দিয়ক৷ অসমখন চাবলৈ দিয়ক৷ বুজিব দিয়ক৷ আলোচনা কৰা মানুহ আছে নহয়৷ তেওঁলোকে আলোচনা কৰিব৷ তেওঁক জিৰণি ল’বলৈ দিয়ক৷ কমতাপুৰ সন্দৰ্ভত অসম চৰকাৰ বা মুখ্যমন্ত্ৰী হিচাপে মোক এই পৰ্যন্ত কোনেও একো কোৱা নাই৷’ মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ পিছতে এটা কথা স্পষ্ট হ’ল যে কে এল অ বা পশ্চিম অসমৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ একাংশ নেতা আৰু ব্যক্তি বিশেষে ২৬ জানুৱাৰীৰ পূৰ্বে কমতাপুৰ গঠনৰ যি ৰাজহুৱা দাবী কৰি আছে সেয়া বৰ্তমানো সূদ্দৰ পৰাহত৷ 

ম্যানমাৰৰ পৰা আহি নাগালেণ্ডৰ মনত অসম ৰাইফলছৰ ওচৰত আত্মসমৰ্পন কৰাৰ পাছত জীৱন সিংহক সতীৰ্থসহ নতুন দিল্লীলৈ লৈ যোৱা হয়৷ নতুন দিল্লীৰ পৰা তেওঁক অসমলৈ লৈ অনা হয়৷ বৰ্তমান কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ প্ৰত্যক্ষ তত্বাবধানত জীবন সিংহ গুৱাহাটীৰ পাশ্বৱৰ্তী নিৰাপত্তা বাহিনীৰ চাউনীত চিকিৎসা গ্ৰহণ কৰি আছে৷ বিভিন্ন ৰোগত আক্ৰান্ত জীৱন সিংহক নিৰাপত্তা বাহিনীৰ এই চাউনীত কিছুদিন ৰখা হ’ব বুলি প্ৰকাশ৷ অৱশ্যে জীৱন সিংহ একাংশ সতীৰ্থক বৰ্তমানো কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই নতুন দিল্লীত নিজৰ জিম্মাত ৰাখিছে৷ কেন্দ্ৰীয় চৰকাৰৰ নিয়ম অনুসৰি প্ৰথমে কে এল অৰ কেডাৰ সকলে অস্ত্ৰ সমৰ্পন কৰিব লাগিব৷ তাৰ পিছত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে অস্ত্ৰ বিৰতিৰ চুক্তি স্বাক্ষৰ হ’ব৷ ইয়াৰ পিছত প্ৰস্তুত হ’ব আলোচনাৰ মডেলিটিজ ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অনুমতিৰ পিছতে চূড়ান্ত হ’ব আলোচনাৰ মডেলিটিজ ৷ ইয়াৰ পিছতহে আৰম্ভ হ’ব শান্তি আলোচনাৰ পৰ্ব৷ এই আলোচনা কেতিয়া আৰম্ভ হ’ব আৰু কেতিয়া শেষ হ’ব তাৰ কোনো নিশ্চয়তা নাই৷ দশকৰ পিছত দশক ধৰি শান্তি আলোচনা চলি থকাৰ পিছতো এই পৰ্যন্ত কেন্দ্ৰীয়  চৰকাৰ আৰু এন এছ চি অৰ মাজত সম্পাদিত হোৱা নাই শান্তি চুক্তি৷ অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলফাৰ সৈতে এই পৰ্যন্ত শান্তি আলোচনাৰ প্ৰক্ৰিয়াই আৰম্ভ হোৱা নাই৷ আলোচনাৰ বাবে আজিও কেন্দ্ৰীয় চৰকাৰৰ আমন্ত্ৰণলৈ অপেক্ষা কৰি থাকিবলগীয়া হৈ আলফাৰ নেতৃত্বই৷ 

আনহাতে কে এল অই অসম, পশ্চিমবংগ আৰু বিহাৰৰ বৃহৎ অংশক সামৰি কমতাপুৰ গঠনৰ দাবী জনাই আছে৷ কে এল অৰ প্ৰস্তাৱিত কমতাপুৰত অসমৰ ৬ খনকৈ জিলা অন্তৰ্ভুক্ত হৈ আছে৷ কিন্তু আজিৰ তাৰিখত অসমক পুনৰ দ্বিখণ্ডিত কৰাৰ ক্ষেত্ৰত কোনে লোকে যে সমৰ্থন নজনাব সেয়া নিশ্চিত৷ অৱশ্যে কে এল অৰ প্ৰস্তাবিত কমতাপুৰৰ দাবীক সমৰ্থন জনাই অসম দ্বিখণ্ডিত কৰাৰ পক্ষত মাত মাতি থকা কোচ ৰাজবংশী জনগোষ্ঠীৰ একাংশ নেতা এই ক্ষেত্ৰত ব্যতিক্ৰম হ’ব পাৰে৷ লক্ষণীয়ভাৱে কমতাপুৰৰ দাবীত সমৰ্থন জনাবলৈ গৈ এই সকল নেতাই আমি কোনো দিনে অসমীয়া নাছিলো ‘ইচ্ছাৰ বিৰুদ্ধে আমি অসমৰ সৈতে আছো’ আদি ধৰণৰ বিছিন্নতাবাদী মন্তব্যও কৰি আছে ৰাজহুৱাভাবে৷ অৱশ্যে অবিভক্ত গোৱালপাৰা জিলাত বসবাস কৰা অন্য জাতি জনগোষ্ঠীৰ লোকসকলে ইতিমধ্যে অসমৰ পৰা ফালৰিকাটি পৃথক কমতাপুৰ গঠনৰ মুকলি বিৰোধিতা কৰি আছে৷ কিন্তু মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ শেহতীয়া ভাষ্য আৰু স্থিতিৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে প্ৰস্তাবিত কমতাপুৰৰ দাবীৰ প্ৰতি কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব দিয়া নাই৷ ৰাজনৈতিক আৰু প্ৰশাসনিক দৃষ্টিকোনৰ পৰাও এই দাবী পূৰণ সহজ নহয়৷ একে সময়তে তিনিখনকৈ ৰাজ্য খণ্ডিত কৰিবলৈ হ’লে যথেষ্ট সাংবিধানিক নিয়ম মানিব লাগিব৷ ই এটা দীঘলীয়া প্ৰক্ৰিয়া৷ মুখ্যমন্ত্ৰীয়ে নিজৰ সংবাদ মেলত স্পষ্টভাবে কৈছে যে কোচ ৰাজবংশী জনগোষ্ঠীক ইতিমধ্যে স্বায়ত্ব শাসিত পৰিষদ দিয়া হৈছে৷ জীবন সিংহৰ আগমনৰ লগে লগে২৬চ্ছ জানুৱাৰীত কমতাপুৰ ঘোষণা হ’ব বুলি জনগোষ্ঠীটোৰ মাজত যি আনন্দ উল্লাসৰ সৃষ্টি হৈছিল শেহতীয়াভাৱে সেই আনন্দ-উল্লাস যথেষ্ট পৰিমানে ম্লান পৰিছে৷ অধিকাংশ লোকে বুজি উঠিছে বাস্তব চিত্ৰখন৷ কিন্তু ইয়াৰ পিছতো একাংশ নেতাই এই পৰ্যন্ত বন্ধ কৰা নাই জনগোষ্ঠীটোৰ লোকক প্ৰৰোচনা কৰা ক্ষেত্ৰত চলাই থকা নিজৰ অভিযান৷