Logo
image

কাইলৈ নহয়, ৩১ জানুৱাৰীৰ পিছতহে খুলিব বন্ধ খাম

ডিজিটেল ডেস্কঃ জ্ঞানপীঠ বিজয়ী কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠিখনক লৈ উৎকণ্ঠা অব্যাহত আছে৷ কবি ফুকনে চিঠিখনত কি লিখি থৈ গৈছে তাক জানিবলৈ অপেক্ষাৰত অসমবাসী৷ মৃত্যুৰ পূৰ্বে কবিয়ে এটা বন্ধ খামত এখন চিঠি লিখি সাংবাদিক নিত্য বৰাৰ হাতত দি থৈ গৈছিল আৰু তেওঁৰ মৃত্যুৰ পিছতে বন্ধ খামটো খুলিবলৈ কৈ থৈ গৈছিল৷

মঙলবাৰে কবি ফুকনৰ বন্ধ খামৰ চিঠিখন ৰাজহুৱা কৰাৰ কথা আছিল যদিও এতিয়া কবিৰ শ্ৰাদ্ধৰ পিছতহে চিঠিখন ৰাজহুৱা কৰিব নিত্য বৰাই৷ কবিৰ পৰিয়ালে আদ্যশ্ৰাদ্ধ হৈ যোৱাৰ পাছতহে সেই চিঠি ৰাজহুৱা কৰিবলৈ অনুৰোধ জনায় সাংবাদিক বৰাক৷ কবিৰ পৰিয়ালৰ তৰফৰ পৰা নিত্য বৰালৈ এটা অনুৰোধ আহিল যে অহা ৩১ জানুৱাৰীৰ পাছতহে সেই খাম খুলিব লাগে৷ 

উল্লেখ্য যে প্ৰতিদিন কাকতৰ সম্পাদক হৈ থকাৰ সময়ত নিত্য বৰাক এটি বন্ধৰ খাম দিছিল কবি নীলমণি ফুকনে৷ নীলমণি ফুকনৰ বিৰুদ্ধে এসময়ত অসমৰ অসমৰ একাংশ কবি-সাহিত্যিকে ষড়যন্ত্ৰ ৰচনা কৰিছিল আৰু কবিৰ বিৰুদ্ধে আনৰ কবিতা চুৰি কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ সেই অভিযোগে কবি নীলমণি ফুকনক মানসিকভাৱে জৰ্জৰিত কৰিছিল আৰু সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি সেইসময়ত অসমৰ বৌদ্ধিক শিবিৰ দুটা ভাগত বিভক্ত হৈছিল৷ তেনে পৰিস্থিতিত তেওঁৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰত কোন জড়িত সেই বিষয়ে সবিস্তাৰে লিখি নিত্য বৰাৰ হাতত এটি বন্ধৰ খামত জমা দি কবি নীলমণি ফুকনে তেওঁৰ মৃত্যুৰ পিছত সেই খাম খুলিবলৈ অনুৰোধ কৰিছিল৷ মঙলবাৰে অৰ্থাৎ ২৪ ফেব্ৰুৱাৰীত সেই বন্ধ খাম ৰাজহুৱা কৰাৰ কথা আছিল যদিও কবিৰ আদ্যশ্ৰাদ্ধ হৈ যোৱাৰ পাছত তেওঁৰ ইচ্ছা অনুযায়ী সেই তথ্য ৰাজহুৱা কৰি লাগে বুলি পৰিয়ালৰ লোকে কৰা অনুৰোধক সন্মান জনায় নিত্য বৰাই ৩১ জানুৱাৰীৰ পিছত সেই বন্ধ খাম খুলিব বুলি জানিবলৈ দিছে৷