Logo
image

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল উত্তৰ পূবৰ কন্যা

ডিজিটেল ডেস্কঃ পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল আন এগৰাকী উত্তৰ পূবৰ কন্যা৷ সংগীতৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব' সা ৰে গা মা পা লিটিল চেম্পছৰ নৱম সংস্কৰণত বিজয়ৰ মুকুট পিন্ধিলে ছিক্কিমৰ জেটছেন ডোহনা লামাই৷ বিজয়ী খিতাপ দখল কৰা লামাই লাভ কৰিছে ট্ৰফীৰ লগতে লগতে ১০ লাখ টকা চেক৷

ফাইনেলত ছিক্কিমৰ পাকয়ঙৰ ৯ বছৰীয়া জেটছেন ডোহনা লামাই কণ্ঠৰ যাদুৰে হৰ্ষ ছিকন্দৰ আৰু ধানেশ্বৰী গদাগেক পৰাস্ত কৰে৷ মাত্ৰ ৩ বছৰ বয়সৰ পৰাই গান গাবলৈ আৰম্ভ কৰা জেটছনে আৰম্ভণিৰ পৰাই শ্ব'টোৰ বিচাৰকৰ লগতে লাখ লাখ ভাৰতীয়ক কণ্ঠৰ যাদুৰে মোহিবলৈ সক্ষম হৈছিল৷ লামাৰ জয়ৰ পিছতে এতিয়া আনন্দৰ বন্যা বৈছে উত্তৰ পূবত৷