Logo
image

শ্বাহৰুখ-দীপিকাৰ বিৰুদ্ধে গীতানগৰ থানাত এজাহাৰ সত্যৰঞ্জন বৰাৰ

ডিজিটেল ডেস্কঃ ২৫ জানুৱাৰীত মুক্তি পাব লগীয়া শ্বাহৰুখ খান অভিনীত ছবি 'পাঠান'ক লৈ বিতৰ্ক অব্যাহত আছে৷ মুক্তিৰ পূৰ্বেই বিতৰ্কত সোমাই পৰিছে চিনেমাখন৷ ভাৰতীয় সভ্যতা-সংস্কৃতিক অপমান কৰাৰ অভিযোগ ছবিখন কলা-কুশলীৰ লগতে প্ৰযোজক-পৰিচালকৰ বিৰুদ্ধে৷ শেহতীয়াকৈ পাঠানৰ প্ৰদৰ্শনীত বাধা দিবলৈ গুৱাহাটীৰ নাৰেংগীস্থিত এটা ছবিগৃহত পাঠানৰ পোষ্টাৰত অগ্নিসংযোগ কৰিছিল বজৰং দলৰ কৰ্মীয়ে৷

এইবাৰ অসমত পাঠানৰ প্ৰদৰ্শনী বন্ধ কৰিবলৈ ছবিখনৰ প্ৰযোজক-পৰিচালকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কুটুম্ব সুৰক্ষা পৰিষদে৷ ছবিখনৰ প্ৰযোজক-পৰিচালকৰ লগতে 'বে চৰম' গীতৰ গীতিকাৰ আৰু অভিনেতা শ্বাহৰুখ খান-দীপিকা পাডুকনৰ বিৰুদ্ধে গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সংগঠনটোৱে৷ 

ইফালে 'পাঠান' বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে শ্বাহৰুখ খানে টেলিফোনিক বাৰ্তালাপ কৰিছে বুলি জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ গুৱাহাটীত সংঘটিত হোৱা শেহতীয়া ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে অভিনেতাজনে৷ আনহাতে আইন-শৃংখলা পৰিস্থিতি ৰক্ষা কৰাটো চৰকাৰৰ দায়িত্ব বুলি আশ্বাস দিয়াৰ লগতে এনে ঘটনা পুনৰাই সংঘটিত নোহোৱাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে৷ ইফালে পাঠানৰ মুক্তিৰ দিনা আৰক্ষী সষ্টম থাকিব বুলি জনাইছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে৷ সেই দিয়া অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিলে ব্যৱস্থা লোৱা হ'ব বুলি জনাইছে জি পি সিঙে৷