Logo
image

জেএনইউত শংকৰদেৱ আসন স্থাপন

আমাৰ অসম, ২৪ জানুৱাৰী: দিল্লীৰ জে এন ইউত স্থাপন কৰা হ’ব শংকৰদেৱ আসন৷ এই আসন প্ৰতিষ্ঠাৰ বাবে চৰকাৰে ব্যয় কৰিব ১০ কোটি ১০ লাখ টকা৷ ৰাজ্য চৰকাৰে এই সন্দৰ্ভত বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰে এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব৷ সোমবাৰে অসম চৰকাৰৰ কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ চৰকাৰী সূত্ৰৰ মতে শংকৰদেৱ আৰু ৰাজ্যৰ ভক্তি আন্দোলনৰ বিষয়ত বহিঃৰাজ্যত অধ্যয়ন আৰু গৱেষণাৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ নতুন দিল্লীৰ  জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত [জে এন ইউ] শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠা কৰা হ’ব৷ ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে শংকৰদেৱ আৰু ইণ্ড’লজীৰ ক্ষেত্ৰত গৱেষণাৰ সুযোগ লাভ কৰিব৷ এই আসন স্থাপনৰ বাবে বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ সৈতে ইতিমধ্যে আলোচনা সম্পূৰ্ণ হৈছে৷ সূত্ৰটোৰ মতে অচিৰেই চৰকাৰ আৰু জে এন ইউ-এ বিষয়টো চূড়ান্ত কৰাৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব৷ এই আসন স্থাপন হ’লে অসমত যুগ যুগ ধৰি চলি অহা সংস্কৃতি, ইতিহাস আৰু ভক্তি আন্দোলনক বিশ্বব্যাপী জানিব পাৰিব৷ একশৰণ হৰিনাম ধৰ্মৰে বৰ অসমৰ ভেটি সুদৃঢ় কৰা গুৰুজনাক সন্মান জনাই ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা এই সিদ্ধান্তত সৰ্বস্তৰৰ ৰাইজে আদৰণি জনাইছে৷