Logo
image

১৫ বছৰৰ তলৰ কিশোৰীক বিয়া কৰিলেই জে’ল

আমাৰ অসম, ২৪ জানুৱাৰী: ‘ৰাজ্যত প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ এটাৰ প্ৰধান কাৰণ হ’ল বাল্যবিবাহ৷ জানি আচৰিত হ’ব যে অসমত ৯ বছৰীয়া শিশুও মাতৃ হৈছে,  প্ৰায় ১ লাখ বাল্য বিবাহ হৈছে৷ কেৱল ধুবুৰী, দক্ষিণ শালমাৰা জিলাতেই নহয় শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড় আদি জিলাতো বাল্যবিবাহ হৈছে৷ নেচনেল ফেমিলী হেল্‌থ ছাৰ্ভে-৫১ [এন এফ এইচ এছ] প্ৰতিবেদনত প্ৰকাশ পাইছে যে অসমত ১১.৮ শতাংশ ছোৱালীয়েই কম বয়সত মাতৃত্বৰ বোজা ল’বলগীয়া হৈছে৷’   –এই মন্তব্য মুখ্যমন্ত্ৰী ড॰হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে আজিৰ কেবিনেটে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি এক বৃহৎ অভিযান চলাবৰ বাবে অসম আৰক্ষীক দায়িত্ব দিছে৷ আৰক্ষীক কোৱা হৈছে যে জে’লত যিমান জেগা আছে, সিমান খিনি বাল্য বিবাহ কৰা লোকক গ্ৰেপ্তাৰ কৰি ভৰ্তি কৰক৷ এতিয়াৰ পৰা ১৪ বছৰৰ তলৰ  ছোৱালী বিয়া কৰালে দৰাজনৰ পক্‌ছো আইনৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড হ’ব৷ আনহাতে ১৪-১৮ বছৰৰ ভিতৰত বিয়া হ’লে বাল্য বিবাহ প্ৰতিৰোধ আইন ২০০৬ৰ অধীনত দুই বছৰ জে’ল, জৰিমণা হ’ব৷ বাল্য বিবাহ কৰোৱা পূজাৰী, কাজী তথা পিতৃ-মাতৃৰ বিৰুদ্ধে আইন অনুসৰি শাস্তিৰ ব্যৱস্থা হ’ব৷ কেবিনেটে বাল্য বিবাহ প্ৰতিৰোধ আইন ২০০৬ৰ অধীনত ৰাজ্যৰ ২১৯৭ জন গাঁও পঞ্চায়তৰ সচিবক বাল্য বিবাহ প্ৰতিৰোধ [নিষেধাজ্ঞা] বিষয়া হিচাপে নিযুক্তি দিছে৷ পঞ্চায়তৰ সচিবসকলে এতিয়াৰে পৰা নিজ নিজ এলেকাত বাল্য বিবাহ সংঘটিত হ’লে দাখিল কৰিব লাগিব এজাহাৰ৷’ মুখ্যমন্ত্ৰীয়ে কয় যে ‘অসমত অভূতপূৰ্ব হাৰত বাল্য বিবাহ সংঘটিত হৈছে৷ এন এফ এইছ এছৰ  ছাৰ্ভেই এই কথা উদঙাইছে৷ ক্ৰমে ধুবুৰী-দক্ষিণ শালমাৰা জিলাত ২২ শতাংশ, দৰঙত ১৬ শতাংশ, কামৰূপত ১৬ শতাংশ, হোজাইত ১৬.৬ শতাংশ, বঙাইগাঁৱত ১৫.৪ শতাংশ, নগাঁৱত ১৫ শতাংশ,বৰপেটাত ১৪ শতাংশ ছোৱালীৰ কম বয়সতে মাতৃ হবলগীয়া হৈছে৷ ঠিক তেনেদৰে মাতৃ হোৱা নাই অথচ বিয়া পাতিছে কম বয়সতে, তেনেকুৱা যুৱতীৰ সংখ্যা হৈছে ধুবুৰীত ৫০ শতাংশ৷ অৰ্থাৎ ৫০ শতাংশ বিবাহ নিষিদ্ধ  বয়সত হৈছে৷ একেদৰে দক্ষিণ শালমাৰাত ৪৪.৭ শতাংশ, দৰঙত ৪২ শতাংশ, নগাঁৱত ৪২ শতাংশ, গোৱালপাৰাত ৪১ শতাংশ, বঙাইগাঁৱত ৪১ শতাংশ, বৰপেটাত ৪১ শতাংশ, মৰিগাঁৱত ৩৯ শতাংশ, ডিমা হাচাওত ১৫ শতাংশ ছোৱালীৰ নিষিদ্ধ বয়সত বিয়া হৈছে৷ গড় হিচাপত অসমত ৩১ শতাংশ ছোৱালীৰ নিষিদ্ধ বয়সত বিয়া হৈছে৷ যোৰহাট, শিৱসাগৰতো ২৪ শতাংশ ছোৱালীয়ে নিষিদ্ধ বয়সৰ ভিতৰত বিয়াত বহিছে৷ ডিব্ৰুগড়তো ২৩ শতাংশ ছোৱালীৰ নিষিদ্ধ বয়সত বিয়া হৈছে৷ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ‘১৪বছৰৰ তলৰ ছোৱালীক কোনো মতে তেওঁলোকৰ যৌন অংগত কোনো মানুহে পক্‌ছো আইনৰ অধীনত হাত দিব নোৱাৰে৷ যদি বাচ্ছা জন্ম হৈ গ’ল তেন্তে ডেফিনেটলী যৌন অংগত হাত দিয়া হ’ল৷ যিহেতু বিয়াখনে ইলিগেল, স্বামীজনো ইলিগেল হৈ গ’ল৷ অসমৰ দহ জিলাত বাল্য বিবাহৰ ঘটনা অধিক৷ ২০০৬চনতে সংসদত বাল্য বিবাহৰ বিৰুদ্ধে আইন গৃহীত হৈছিল যদিও অসমত অত বছৰে ইয়াক পালন কৰা হোৱা নাছিল৷ কিন্তু এতিয়া ইয়াক চৰকাৰৰ গভৰ্ণেঞ্চৰ  অংশ কৰা হৈছে৷ দুষ্কাৰ্য কৰি কোনো সাৰি যাব নোৱাৰিব৷ আইনৰ একচন আৰু বুজনি দুয়োটা স্তৰতে কাম কৰা হ’ব৷ ইয়াত কোনো জাতি ধৰ্ম বিচাৰ কৰা নহয়৷ ইতিমধ্যে জিলা উপায়ুক্ত সকলক যাৱতীয় নিৰ্দেশ দিয়া হৈছে৷’

তিতাবৰৰ মুক্তিনগৰ গাঁৱত ধাৰাবাহিকভাৱে সংঘটিত হৈছে বাল্য বিবাহৰ ঘটনা

ৰাজ্য চৰকাৰে যিসময়ত বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিছে ঠিক সেই সময়তেই যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ অন্তৰ্গত মুক্তিনগৰ গাঁৱত সংঘটিত হৈছে বাল্য বিবাহৰ একাধিক ঘটনা৷ চৈধ্য, পোন্ধৰ বছৰীয়া কিশোৰ-কিশোৰীয়ে নিৰ্বিঘ্নে সংঘটিত কৰা এই বাল্য বিবাহৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা গাঁওখনৰ সচেতন মহলে৷ এবছৰৰ ভিতৰতে তিনিখনকৈ বাল্য বিবাহৰ ঘটনা সংঘটিত হৈছে উক্ত গাঁওখনত৷ গাঁওখনৰ উঠি অহা কিশোৰ-কিশোৰীয়ে নিজ ইচ্ছামতে পলাই গৈ যুগ্ম জীৱন আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷ এইক্ষেত্ৰত স্থানীয় আৰক্ষী চকী আৰু মহকুমা প্ৰশাসনে সন্তোষজনক পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপিত হৈছে৷ গাঁওখনত কোনো সজাগতামূলক সভা আহ্ৱান কৰা নাই প্ৰশাসনে৷ প্ৰেমৰ জালত ভৰি থৈ ফুলকুমলীয়া বয়সতে অধ্যয়নৰত কিশোৰীক পলুৱাই নি বিয়া পতা ঘটনা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে গাঁওখনত৷ উল্লেখ্য যে, এনেদৰে পলাই গৈ বাল্য বিবাহৰ চিকাৰ হোৱা দুগৰাকী ছাত্ৰী বিগত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলহে মাথোঁন৷ এইবৰ্ষতো এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে একে গাঁৱৰে এজন যুৱকৰ লগত বিবাহপাশত আৱদ্ধ হৈছে৷ তদুপৰি, গাঁওখনৰ বহু যুৱকেও নাবালক কিশোৰী বিয়া পতা পৰিলক্ষিত হয়৷ পিতৃ-মাতৃৰ তৰফৰ পৰাও থানাত গোচৰ তৰা নহয় এনে বাল্য বিবাহক লৈ৷ ফলত গাঁওখনত বৃদ্ধি পাইছে বাল্য বিবাহৰ ঘটনা৷ ইফালে সদ্য বিবাহিত কিশোৰীসকল নিৰ্দিষ্ট বয়সৰ পূৰ্বেই গৰ্ভৱতী হোৱাত তেওঁলোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত এক জটিল সমস্যাৰো মুখামুখি হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ ইপিনে ১৪ বছৰৰ তলৰ কিশোৰীক বিয়া কৰালে যাৱজ্জীৱন কাৰাদণ্ড বিহা হ’ব বুলি চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এইক্ষেত্ৰত উক্ত অঞ্চলত সংঘটিত আইনবিৰূ¸দ্ধ ঘটনাৰ সন্দৰ্ভত আৰক্ষী-প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷