Logo
image

বাৰে বাৰে ‘পাঠান’ৰ গান চাই নিষিদ্ধ কৰাৰ সপক্ষে শিলাদিত্য

আমাৰ অসম, ২৪ জানুৱাৰী: মুক্তিৰ পূৰ্বেই বিতৰ্কৰ সৃষ্টি কৰা হিন্দী ছবি পাঠানৰ বিৰুদ্ধে সৰৱ বিজেপি নেতা শিলাদিত্য দেৱ৷ ‘পাঠান’ৰ বহু বিতৰ্কিত গীত ‘বেচৰম ৰং’ চাই চাই সৰৱ হৈ পৰে প্ৰাক্তন বিধায়কজন৷ তেওঁ সোমবাৰে সংবাদ মাধ্যমৰ   আগত কয়–পাঠানৰ ‘বেচৰম ৰং’ গীতটো আজি প্ৰথমবাৰে চাই দেখিলো যে গানটো অশ্লীল৷ গানটোত ছবি নিৰ্মাতাই যি ধৰণে ‘কালাৰ ডিফাইন’ কৰিছে তাত অশ্লীলতা আছে৷ তেওঁলোকে কৈ আছে বেচৰম ৰং৷ দীপিকা পাডুকনে প্ৰথমে যি ৰঙৰ কাপোৰ পিন্ধি নৃত্য কৰি আছে শেষত তেওঁ কৈছে যে তেওঁ ৰং সলালে৷ তেওঁ বেয়া চৰিত্ৰ লোৱাৰ পাছতো সেইটো ৰং তেওঁ গ্ৰহণ কৰিছে৷ এই কথা স্পষ্ট যে তেওঁলোকে এটা অশ্লীল গান বনাইছে৷ হিন্দু সমাজত গেৰুৱা ৰংটো পৱিত্ৰ বুলি মানো৷ আমাৰ পৌৰাণিক তত্ত্বমতে গেৰুৱা ৰংটো সাধু সন্তসকলে ব্যৱহাৰ কৰে৷ সূৰ্য উদয় বা সূৰ্য অস্ত যোৱাৰ সময়ত তাৰ ৰং গেৰুৱা হৈ পৰে৷ অকল সেয়ে নহয়, বিয়াৰ ক্ষেত্ৰতে হওক বা আন ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰতে হওক জুইক গেৰুৱা ৰূপত দেখা যায়৷ ৩০০ বছৰ ব্ৰিটিছে ভাৰতক শাসন কৰিও হিন্দু ধৰ্মক শেষ কৰিব পৰা নাই৷ যদিওবা ক্ষতি কৰিছে৷ উদাৰতাৰ বাবে আজিও জীয়াই আছে হিন্দু বা সনাতন ধৰ্ম৷ পাঠান হিন্দু পৰিচালকে বনাইছে, দীপিকা পাডুকন নিজে হিন্দু৷ কিন্তু কিছুমান ঘৰ শত্ৰু বিভীষণ স্বৰূপ হিন্দুৱেহে হিন্দু ধৰ্মৰ ক্ষতি কৰে৷ পাঠানৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা বিতৰ্কিত বিজেপি নেতা শিলাদিত্য দেৱে জাতিৰ পিতা মহাত্মা গান্ধীকো অপমান কৰে৷ তেওঁ কয়– জাতিৰ পিতা হ’ব লাগিছিল সুভাষ চন্দ্ৰ বসুহে৷ কি কাৰণে মহাত্মা গান্ধীক জাতিৰ পিতা সজোৱা হ’ল নাজানো৷ উল্লেখ্য, প্ৰাক্তন বিজেপি বিধায়ক শিলাদিত্য দেৱ অথবা আন উগ্ৰ হিন্দুত্ববাদী সংগঠনে পাঠানক লৈ প্ৰশ্ন উত্থাপন কৰিলেও অসমত ছবিখনৰ মুক্তিৰ পূৰ্বে ৫০ লাখ টকাৰো অধিক টিকট বিক্ৰী হৈ গৈছে৷ প্ৰকাৰন্তৰে প্ৰাক্তন বিধায়কজনে পাঠানৰ প্ৰদৰ্শন নিষিদ্ধ কৰাৰ বাবে যুক্তি প্ৰদৰ্শন কৰে৷