Logo
image

হাগ্ৰামা সন্ধানহীন!

আমাৰ অসম, ২৪ জানুৱাৰী: বিটিচিৰ ৰাজনীতিত এসময়ত নিজকে অপ্ৰতিদ্বন্দ্বী বুলি দাবী কৰা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ কাৰ্যতঃ সন্ধানহীন হৈছে৷ বিটিচি নিৰ্বাচনৰ পাছৰে পৰাই মহিলাৰীৰ সন্ধান পোৱা নাই বিপিএফৰ সমৰ্থক অথবা নিজৰ সমষ্টিবাসীয়ে৷ প্ৰমোদ বড়োৱে বিটিচিৰ মুখ্য কাৰ্যবাহীৰূপে শপত গ্ৰহণ কৰাৰ দিন ধৰি বিটিচি এলেকাত উপস্থিতি দেখা নাই মহিলাৰীৰ৷ বিটিচি বিধানসভাৰ মজিয়া কিম্বা কোনো ৰাজহুৱা স্থানত দেখা নাই মহিলাৰীক৷ আনকি ক্ষনিকৰ বাবে সাংবাদিকৰে মুখামুখিও হোৱা নাই এসময়ত দিছপুৰৰো কিংমেকাৰ স্বৰূপ ৰাজনীতিকজন৷ উল্লেখ্য, দিনদিয়েক পূৰ্বে সন্ধানহীন হাগ্ৰামা মহিলাৰীৰ সন্ধান দিওটাক পুৰষ্কাৰ ঘোষণা কৰিছিল বৰ্তমানৰ বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে৷ সন্ধানহীন হাগ্ৰামা মহিলাৰীক বিচাৰিবলৈ ইচ্ছুক সাংবাদিকক গাড়ী দিয়াৰ অফাৰ ঘোষণা কৰে বড়োৱে৷ উল্লেখ্য, শেহতীয়াভাৱে হাগ্ৰামা মহিলাৰীৰ কাৰ্যকালৰ দুৰ্নীতিৰ তথ্য ফাদিল হৈছে৷ মহিলাৰীৰ দিনত ২৮ বিভাগত ৮,৫১৬টা প্ৰকল্পৰ অডিট হৈছিল৷ ইয়াৰে ১,২৬১টা আঁচনিয়েই অসম্পূৰ্ণ৷ বহু আঁচনি ভুৱা বুলি উল্লেখ কৰিছে নিটকোন নামৰ সংস্থাটোৱে৷ একাংশ আঁচনিত এদিনতে অনুমোদন, এদিনতে বিল আদায় দিয়া হৈছে৷ এতিয়াও বহু আঁচনিৰ ফাইল ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে৷