এইবোৰ নিয়ম নামানিলে হাৰ্ট এটেকৰ আশংকা বাঢ়ে
হৃদযন্ত্ৰ সুস্থ ৰখাটো যে অকল বয়সস্থসকলৰ বাবেই জৰুৰী সেয়া নহয়৷ আজিকালি কুৰি বছৰ বয়স পাৰ হোৱাজনো হৃদযন্ত্ৰৰ সমস্যাত আক্ৰান্ত হোৱাটো ধৰা পৰিছে৷ সেয়ে কম বয়সৰ পৰাই হৃদযন্ত্ৰ সুস্থ ৰখাৰ ক্ষেত্ৰত সতৰ্ক হোৱা উচিত৷ হৃদযন্ত্ৰ সুস্থ ৰাখিবলৈ আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব লাগে সেই বিষয়ে চিকিৎসা বিশেষজ্ঞ ডাঃ শুদ্ধসত্ব চট্টোপাধ্যায় আৰু ডাঃ অৰ্পণ চক্ৰৱৰ্তীয়ে কেইটামান পৰামৰ্শ আগবঢ়াইছে৷ চিকিৎসা বিশেষজ্ঞ দুজনৰ মতে হৃদযন্ত্ৰৰ কিছুমান সমস্যা জন্মগতভাৱেও হ’ব পাৰে৷ বয়স বঢ়াৰ লগে লগে মানুহ একিউট কৰোনাৰী চিন্ড্ৰমত আক্ৰান্ত হয়৷ এই সমস্যা এদিনতে নহয়৷ ই শৰীৰৰ ভিতৰত লাহে লাহে বাঢ়ি থাকে৷ কিন্তু প্ৰাথমিক অৱস্থাত এনে সমস্যা ধৰা পৰিলে সুস্থ হোৱাৰ পথ থাকে৷ কেইটামান নিয়ম মানি চলিলে হৃদৰোগ বা হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা নাথাকে৷ উল্লেখ কৰা হ’ল এনে কেইটামান নিয়ম–
[১] দেহত অতিৰিক্ত মেদ জমা হ’বলৈ দিবলৈ নালাগে৷ সমীক্ষাত দেখা গৈছে যে অত্যধিক শকত মানুহৰ হৃদযন্ত্ৰ অসুস্থ হোৱাৰ প্ৰৱণতা বেছি৷ সেয়ে স্বাস্থ্যৰ প্ৰতি নজৰ ৰখাটো জৰুৰী৷ অতিৰিক্ত মেদৰ পৰা ৰেহাই পাবলৈ নিতৌ শৰীৰ চৰ্চা, কম তেলযুক্ত খাদ্য খোৱা উচিত৷ পৰাপক্ষত ঘিউ বা মাখন নোখোৱাই ভাল৷
[২] নিমখ কমকৈ খোৱা উচিত৷ বহুতে ব্যঞ্জনৰ সৈতে অতিৰিক্তভাৱে নিমখ খায়৷ এই অভ্যাসে উচ্ছ ৰক্তচাপৰ আশংকা বঢ়ায়৷ ইয়াৰ লগে লগে বৃদ্ধি পায় হাৰ্ট এটেকৰ সম্ভাৱনা৷ স্বাস্থ্য বিশেষজ্ঞৰ মতে এজন প্ৰাপ্তবয়স্ক লোকে দৈনিক ৬ গ্ৰাম নিমখহে খোৱা উচিত৷
[৩] চেনি কমকৈ খোৱা কৰক৷ অতিৰিক্ত চেনি খোৱাৰ অভ্যাসে ওজন বঢ়ায়৷
[৪] ছাগলীৰ মাংস, বিশেষকৈ খাহি ছাগলীৰ মাংস আৰু দুগ্ধজাতীয় খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকক৷ ছাগলীৰ মাংসই কলেষ্টেৰলৰ মাত্ৰা বঢ়ায়৷ তেল, মছলা আৰু জ্বলাযুক্ত খাদ্য খোৱাটো কমাই দিয়ক৷
[৫] টোপনি ক্ষতি নকৰিব৷ নিশা সাত-আঠ ঘণ্টা শোৱা কৰক৷ কিবা কাৰণত যদি টোপনি কম হয়, তেন্তে কামৰ মাজে মাজে বিশ্ৰাম লোৱা কৰক৷
[৬] কাৰ্ডিঅ’ভাছকুলাৰ ৰোগৰ অন্যতম কাৰণ হৈছে ধুমপানৰ অভ্যাস৷ যিসকলৰ ধুমপান কৰাৰ অভ্যাস আছে তেওঁলোকৰ হাৰ্ট এটেক হোৱাৰ আশংকা আনতকৈ দুগুণ বেছি৷
[৭] অত্যধিক সুৰাপানৰ অভ্যাসে উচ্ছ ৰক্তচাপৰ লগতে শৰীৰৰ অন্যান্য সমস্যা হোৱাৰ আশংকা বঢ়ায়৷ সুৰাপানৰ অভ্যাস এৰিব নোৱাৰিলে নিয়ন্ত্ৰণৰ চেষ্টা কৰক৷
[৮] মানসিক চাপ নল’ব৷ অত্যধিক মানসিক চাপে হাৰ্ট এটেকৰ প্ৰৱণতা বঢ়ায়৷ সেয়ে কৰ্মক্ষেত্ৰৰ টেনচন ঘৰলৈ নানিব৷ কোনো কাৰণত দীৰ্ঘ সময় মানসিক চাপত ভুগিলে চাইক’লজিষ্টৰ পৰামৰ্শ লওক৷