Logo
image

পদত্যাগ কৰিব মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগৎ সিং কোশিয়াৰীয়ে

আমাৰ অসম, ২৪ জানুৱাৰী: মাৰাঠী সম্পৰ্কীয় অপমানজনক মন্তব্য আৰু ছত্ৰপতি শিৱাজীক তাৎচ্ছিল্য কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল  ভগৎ সিং কোশিয়াৰীয়ে পদত্যাগ কৰিব৷ শেহতীয়াকৈ ৰাজ্যপালগৰাকীয়ে নিজৰ এই সিদ্ধান্তৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱগত কৰিছে৷  ৰাজ্যপাল কোশিয়াৰীয়ে এই সন্দৰ্ভত সোমবাৰে এটা টুইটো কৰে৷ নিজৰ টুইটাৰ হেণ্ডেলত কোশিয়াৰীয়ে এইবুলি উল্লেখ কৰে যে– ‘শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ মুম্বাই ভ্ৰমণৰ সময়ত মই তেওঁক মোৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছো৷ মোক যাতে সকলোধৰণৰ ৰাজনৈতিক দায়িত্বৰ পৰা অব্যাহতি দিয়া হয় তাৰ বাবে মই তেওঁক অনুৰোধ জনাইছো৷ জীৱনৰ বাকীখিনি সময় মই পঢ়াশুনা, লিখামেলা আৰু অন্যান্য কামত ব্যস্ত থাকিব বিচাৰো৷’ ইয়াৰ পাছতে ৰাজ্যপাল কোশিয়াৰীয়ে পুনৰ উল্লেখ কৰে– ‘মহাৰাষ্ট্ৰৰ দৰে মহান ৰাজ্যৰ ৰাজ্যপাল বা ৰাজ্যসেৱকৰ কাম কৰাটো মোৰ বাবে গৌৰৱৰ বিষয় আছিল৷ তিনি বছৰৰো অধিক কাল ৰাজ্যপালৰ দায়িত্ব পালন কৰি মই মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ মৰম পাবলৈ সক্ষম হৈছো৷ তাৰ বাবে মই কৃতজ্ঞ৷’ স্মৰ্তব্য যে উদ্ধৱ থাকৰে চৰকাৰৰ পৰা ওলাই আহি একনাথ সিন্ধেই বিজেপিৰ সহায়ত চৰকাৰ গঠন কৰাৰ পাছতেই ভগৎ সিং কোশিয়াৰীয়ে কৰা কেতবোৰ মন্তব্যক লৈ গেৰুৱা শিৱিৰত অস্বস্তিৰ সৃষ্টি হৈছিল৷ আনকি মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা মহাৰাষ্ট্ৰ বিজেপিৰ শীৰ্ষনেতা দেৱেন্দ্ৰ ফাৰনৱিশেও বিৰক্ত হৈ দিল্লীৰ দ্বাৰস্থ হ’বলগাত পৰিছিল৷