Logo
image

মুখ্যমন্ত্ৰীক চেলেঞ্জ : গণৰাজ্য দিৱসৰ পূৰ্বে 'জেহাদী'ৰ ভাবুকি

ডিজিটেল ডেস্কঃ গণৰাজ্য দিৱসৰ পূৰ্বে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় জেহাদী সংগঠনৰ নামত প্ৰেৰণ কৰা হৈছে ভাবুকি পত্ৰ৷ বৰপেটাৰ বহৰিৰ বুনাগোঁসাই থানৰ চৌহদত উদ্ধাৰ হৈছে  জেহাদী সংগঠনৰ নামত প্ৰেৰণ কৰা ভাবুকি পত্ৰখন৷ মন্দিৰৰ চৌহদত উদ্ধাৰ কৰা হৈছে কেইবাখনো ভাবুকি পত্ৰ৷ 

উল্লেখ্য যে বান্দালী জানৰ পাৰ জেহাদী ক্লাবৰ নামত প্ৰেৰণ কৰা হৈছে এই ভাবুকি পত্ৰ৷ ৷ মন্দিৰৰ চৌহদৰ পৰা তাৰাবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে পত্ৰখন৷ ভাবুকি পত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায় বান্দালী ৰিজাৰ্ভত উচ্ছেদ চলাবলৈ প্ৰত্যাহ্বান জনোৱা হৈছে৷ দম আছে যদি বান্দালী ৰিজাৰ্ভত উচ্ছেদ কৰি দেখুওৱাক বুলি উল্লেখ কৰা হৈছে পত্ৰত৷ লগতে ভাগৱত মন্দিৰত গৰু কুৰবাণীৰো ভাবুকি দিয়া হৈছে৷

ইফালে জেহাদীৰ ভাবুকি পত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে কয় যে এই বিষয়ত মই খবৰ ৰখা নাই৷ সমগ্ৰ ঘটনাৰ তদন্ত কৰিব আৰক্ষীয়ে৷