মহিলা খেলুৱৈৰ বিৰুদ্ধে যৌন নিপীড়ন
ভাৰতীয় ক্ৰীড়াত শেহতীয়াকৈ ব্যাপক চৰ্চা লাভ কৰা বিষয়টো হৈছে মহিলা খেলুৱৈৰ ওপৰত যৌন নিৰ্যাতন৷ ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ প্ৰদেশৰ লোকসভাৰ সাংসদ তথা ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সভাপতি ব্ৰীজ ভূষণ চাৰণ সিঙৰ বিৰুদ্ধে দেশৰ আগশাৰীৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফগটে যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পাছত বিষয়টোৱে দেশৰ ক্ৰীড়াক্ষেত্ৰক জোকাৰি গৈছে৷ ব্ৰীজ ভূষণ চাৰণ সিঙৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী তুলি দেশৰ কেইবাগৰাকী মল্লযোদ্ধাই প্ৰতিবাদী কাৰ্যসূচীও লৈছিল৷ শেষত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে হোৱা আলোচনাৰ পাছত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী উঠাই লৈছিল৷ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে বিষয়টোত ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনে ব্ৰীজ ভূষণ চাৰণ সিঙক ৰক্ষণাবেক্ষণ দিবলৈহে বিচাৰিছে৷ ফেডাৰেশ্বনে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা আঠ পৃষ্ঠাৰ পত্ৰত উল্লেখ কৰিছে যে দেশৰ একাংশ মল্লযোদ্ধা ব্ৰীজভূষণৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে৷ পত্ৰখনত লগতে উল্লেখ কৰা হয় যে ধৰ্ণাৰ মাধ্যমেৰে একাংশ মল্লযোদ্ধাই ব্ৰীজভূষণক বদনাম কৰাৰ অপচেষ্টা চলাইছে৷ ফেডাৰেশ্বনৰ সভাপতিজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগৰো কোনো সত্যতা নাই বুলি পত্ৰখনত উল্লেখ কৰা হৈছে৷ যৌন নিৰ্যাতনৰ বিষয়টো সন্দৰ্ভত ৱিনেশ ফগাটে মল্লযুঁজ ফেডাৰেশ্বনৰ সভাপতিজনৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিযোগ দিবলৈ ওলোৱাত তেওঁক হত্যাৰ ভাবুকি দিয়া বুলিও অভিযোগ উত্থাপন হৈছে৷ ভাৰতীয় ক্ৰীড়াত এনে ঘটনা এয়াই প্ৰথম নহয় যদিও শেহতীয়া ঘটনাটোক লৈ দেশৰ ক্ৰীড়াক্ষেত্ৰত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে ইতিমধ্যে বিষয়টোৰ তদন্তৰ বাবে এখন কমিটী গঠন কৰি দিছে৷ এই কমিটীখনৰ নেতৃত্বত থাকিব ছবাৰৰ বিশ্ব মহিলা বক্সিং চেম্পিয়ন এম চি মেৰী কম৷ তদন্ত কমিটীখনক এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে৷ এই কমিটীখনে এমাহৰ বাবে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ দৈনন্দিন কাম-কাজো চোৱাচিতা কৰিব৷ এতিয়া সৰ্বসাধাৰণৰ মনত উদ্ৰেক হোৱা প্ৰশ্নটো হৈছে যে অভিযোগ প্ৰমাণ হ’লে প্ৰভাৱশালী ব্ৰীজ ভূষণ চাৰণ সিঙে শাস্তি পাব নে ক্ষমতাৰ বলেৰে তেওঁ সাৰি যাব৷
খেলুৱৈসকলে বহু পৰিশ্ৰমৰ পাছত ৰাষ্ট্ৰীয় দলত স্থান পায়৷ বহু কষ্ট, সাধনাৰে তেওঁলোকে দেশৰ হৈ যশো কঢ়িয়াই আনে৷ কিন্তু এইসকল খেলুৱৈৰ ওপৰত যেতিয়া আতিশয্য চলোৱা হয়, তেন্তে অভিভাৱকে কন্যা সন্তানক খেলক পেছা হিচাপে ল’বলৈ উৎসাহ যোগাবনে? এইক্ষেত্ৰত নিয়মবোৰ কঠোৰ হোৱা উচিত৷ ব্ৰীজ ভূষণ চাৰণ সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কিছুদিন পূৰ্বে এগৰাকী মহিলা হকী প্ৰশিক্ষকে প্ৰাক্তন হকী খেলুৱৈ সন্দীপ সিঙৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উত্থাপন কৰিছিল৷ সন্দীপ সিং হাৰিয়ানাৰ ৰাজ্যিক মন্ত্ৰীসভাৰো সদস্য৷ ভাৰতীয় খেলুৱৈ কোনো প্ৰতিযোগিতাত ভাগ ল’বলৈ বিদেশলৈ যোৱাৰ সময়তো প্ৰশিক্ষক অথবা টীম মেনেজমেণ্টৰ আন সদস্যৰ দ্বাৰা অপমানিত হোৱাৰ বহু উদাহৰণ আছে৷ সেইবাবেই বিদেশ ভ্ৰমণত মহিলা খেলুৱৈৰ সৈতে মহিলা প্ৰশিক্ষকক পঠিওৱা সন্দৰ্ভতো এক নিৰ্দেশনা আছে৷ কিন্তু এই নিদেৰ্শনাবোৰ সঠিকভাৱে পালন কৰা হয়নে? একাংশ খেলুৱৈয়ে তেওঁলোকৰ বিৰুদ্ধে হোৱা আতিশয্যৰ সাহসেৰে প্ৰতিবাদ সাব্যস্ত কৰে যদিও এনে বহু খেলুৱৈ আছে, যিসকলে কেৰিয়াৰ বিঘ্নিত হোৱাৰ ভয়ত অথবা ভয়, লজ্জাৰ বাবে পৰিয়ালৰ লোক আৰু সংবাদ মাধ্যমৰ আগত সেইবোৰ অৱগত কৰাৰ পৰা বিৰত থাকে৷ আৰু ক্ৰীড়া সংগঠকেই হওক অথবা প্ৰশিক্ষক, বিভিন্ন প্ৰলোভন দিয়েই হওক অথবা ভাবুকি দি তেওঁলোকৰ ওপৰত অত্যাচাৰ চলাই যায়৷ ৱিনেশ ফগাটে যি সাহস দেখুৱাইছে, সেই সাহস প্ৰতিগৰাকী মহিলা খেলুৱৈৰ থকা উচিত৷ নিজৰ ওপৰত চলা অত্যাচাৰৰ যদি সবল প্ৰতিবাদ কৰা নহয়, তেনেহ’লে এনেধৰণৰ ঘটনাবোৰ ঘটিয়েই থাকিব৷ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰায়েই লিংগ-বৈষম্যৰ কথা কোৱা হয়৷ ক্ৰীড়াত লিংগ-বৈষম্য অনাৰ বাবে বিভিন্ন দেশত বহু পদক্ষেপ লোৱা হৈছে৷ কিন্তু ভাৰতত কি হৈছে? মহিলাৰ ওপৰত অত্যাচাৰ পূৰ্বৰ পৰা চলি আহিছে আৰু এতিয়াও চলি আহিছে৷ ক্ৰীডা.ক্ষেত্ৰত এনেধৰণৰ ঘটনাবোৰ ৰোধ কৰিবলৈ হ’লে দোষী ব্যক্তিক কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা থাকিব লাগিব৷ তেতিয়াহে আন ক্ৰীড়া সংগঠক অথবা প্ৰশিক্ষকে মহিলা খেলুৱৈৰ ওপৰত কু-দৃষ্টি পেলোৱাৰ আগত এবাৰলৈ ভাবি চাবলৈ বাধ্য হ’ব৷
ৱিনেশ ফগাটৰ অভিযোগৰ তদন্তৰ বাবে চৰকাৰে গঠন কৰি দিয়া কমিটীখনে নিৰপেক্ষভাৱে তদন্ত চলাই প্ৰতিবেদন দাখিল কৰাটো বিচাৰিছে সকলোৱে৷ অশেষ কষ্টৰে খেলুৱৈসকলে দেশলৈ সন্মান কঢ়িয়াই আনে আৰু চৰকাৰৰ পৰা তাৰ কৃতিত্ব লয় ফেডাৰেশ্বনৰ সভাপতি তথা বিষয়ববীয়াই৷ আৰু এইসকল লোকৰে দুব্যৰ্ৱহাৰ সহিবলগীয়া হয় খেলুৱৈসকলে৷ ক্ৰীড়াক্ষেত্ৰত এনেধৰণৰ অশুভ পৰম্পৰা উৎখাত কৰিবলৈ হ’লে কঠোৰ ব্যৱস্থা ল’বই লাগিব৷ এইক্ষেত্ৰত চৰকাৰৰো বহুখিনি কৰণীয় আছে৷






