Logo
image

পুনৰ গণৰাজ্য দিৱসত অসম বন্ধৰ আহ্ৱান আলফাৰ

আমাৰ অসম, ২৫ জানুৱাৰী: আলফা-চৰকাৰৰ প্ৰস্তাৱিত শান্তি আলোচনা প্ৰক্ৰিয়াত ইতি পৰিল৷ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কূটনৈতিক সম্পৰ্কত ফাট মেলাটো যেন স্পষ্ট হৈ পৰিছে৷ কিয়নো বিদ্ৰোহী সংগঠন আলফা স্বাধীনে পুনৰবাৰ গণৰাজ্য দিৱস বৰ্জনৰ আহ্ৱান জনাই সমাগত ২৬ জানুৱাৰীৰ দিনটোত সৰ্বাত্মক  অসম বন্ধৰ আহ্ৱান জনাইছে৷ অথচ বিগত দুটা বছৰৰ গণৰাজ্য দিৱসত পূৰ্বৰ পৰম্পৰা ভংগ কৰি আলফা [স্বা]ই বন্ধৰ দৰে কোনো নিষেধাজ্ঞা আৰোপ কৰা নাছিল৷ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পাছতেই শান্তি আলোচনাৰ প্ৰতি সদিচ্ছা দেখুওৱাত আলফাৰ মুৰব্বী পৰেশ বৰুৱাই একপক্ষীয় অস্ত্ৰবিৰতিৰ লগতে গণৰাজ্য দিৱস তথা স্বাধীনতা দিৱসত বন্ধ ঘোষণা কৰাৰ পৰম্পৰা ভংগ কৰিছিল৷ বিগত বৰ্ষৰ গণৰাজ্য দিৱসতো আলফাই কোনো ধৰণৰ বন্ধ কাৰ্যসূচী ঘোষণা কৰা নাছিল৷ কিন্তু শান্তি আলোচনা প্ৰক্ৰিয়াই কোনো ফলপ্ৰসূ ৰূপ নোপোৱাত বিদ্ৰোহী সংগঠনটোৱে এতিয়া পূৰ্বৰ স্থিতিলৈ ঘূৰি আহিছে৷ যাৰ বাবে এইবাৰ ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচী বৰ্জনৰ আহ্ৱান জনাই উক্ত দিনা সৰ্বাত্মক অসম বন্ধ ঘোষণা কৰিছে আলফাই৷ আলফা [স্বা]ৰ লগতে উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠন এন এছ চি এন আৰু জি পি আৰ এনে যৌথ বিবৃতিযোগে দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসক ভুৱা আখ্যা দি দিৱস উদ্‌যাপনৰ বিৰোধিতা কৰিছে৷ আলফাৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমৰ স্বাক্ষৰিত এক যৌথ বিবৃতি যোগে আলফাৰ লগতে আটাইকেইটা সংগঠনে এই আহ্ৱান জনাইছে৷ অসমৰ লগতে নাগালেণ্ডৰো সৰ্বাত্মক বন্ধৰ আহ্ৱান জনাইছে সংগঠন কেইটাই৷ আলফাই ২৬ জানুৱাৰীৰ নিশা ১২ বজাৰ পৰা আবেলি ৬ বজালৈ এই বন্ধৰ আহ্ৱান জনাইছে৷ এই বন্ধত আলফাই জৰুৰীকালীন সেৱা, সংবাদ মাধ্যম আৰু ধৰ্মীয় কাম-কাজ অব্যাহত ৰখাত কোনো বাধা নিষেধ নাথাকিব বুলি বিবৃতিটোত জনাইছে৷ পূৰ্বৱৰ্তী সময়বোৰৰ দৰেই ৰাজহুৱা স্থান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়তো গণৰাজ্য দিৱস প্ৰত্যাখান কৰিবৰ বাবে আহ্ৱান জনাইছে আলফা স্বাধীনে৷ লক্ষণীয়ভাৱে  আলফাই দীৰ্ঘদিন ধৰি দেশৰ স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস বৰ্জনৰ আহ্ৱান জনাই আহিলেও শেহতীয়া কিছু বছৰ ধৰি জনসাধাৰণে মুক্ত মনেৰে এনে দিৱসৰ কাৰ্যসূচীত অংশ লোৱা দেখা গৈছে৷ অৱশ্যে আলফাৰ ৪০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে নিষিদ্ধ ঘোষিত সংগঠনটোৱে শান্তি আলোচনাৰ প্ৰতি সঁহাৰি জনাই ২০২১ বৰ্ষত স্বাধীনতা দিৱস উদ্‌যাপন কৰিবলৈ বাধা প্ৰদান কৰা নাছিল বা বৰ্জনৰ বাবে আহ্ৱান জনোৱা নাছিল৷ অৱশ্যে আলফাৰ গণৰাজ্য দিৱস বৰ্জনৰ আহ্ৱানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়– এয়া আলফাৰ গতানুগতিক কাৰ্যলৈ পৰিণত হৈছে৷ মই আশা কৰো এইবাৰ অন্যবাৰতকৈ অধিক উলহ-মালহেৰেই গণৰাজ্য দিৱস জনসাধাৰণে পালন কৰিব৷