Logo
image

‘গান্ধী-গড্‌ছে’ৰ পৰিচালক ৰাজকুমাৰ সন্তোষীক হত্যাৰ ভাবুকি

আমাৰ অসম, ২৫ জানুৱাৰী:  শ্বাহৰুখ খানৰ পাঠান ছবিখনে মুক্তি পোৱাৰ ২৪ ঘণ্টাৰ পাছতে মুক্তি পাব আন এখন ছবিয়ে৷ এই ছবিখনৰ নাম হৈছে ‘গান্ধী গড্‌ছে এক যুদ্ধ’৷ উল্লেখ্য যে এই ছবিখনত গান্ধী হত্যাকাৰী নাথুৰাম গডছেক ভগৱানৰ ৰূপত উপস্থাপন কৰা বুলি অভিযোগ  উঠিছে৷ ইয়াৰ মাজতে ছবিখনৰ পৰিচালক ৰাজ কুমাৰ সন্তোষীয়ে তেওঁক কোনো অজ্ঞাত লোকে অনলাইনত মৃত্যুৰ ভাবুকি দিয়া বুলি মুম্বাই আৰক্ষীৰ কাষ চাপিছে৷ সোমবাৰে পৰিচালকজনে অতিৰিক্ত নিৰাপত্তা বিচাৰি মুম্বাই আৰক্ষীৰ ওচৰত আবেদন কৰিছে৷ আবেদনত ৰাজকুমাৰে মুম্বাই আৰক্ষীক কৈছে যে শেহতীয়াকৈ ‘গান্ধী গডছে এক যুদ্ধ’ চলচ্ছিত্ৰখনৰ প্ৰচাৰৰ সময়ত ছবিখনৰ মুক্তি বন্ধ কৰিবলৈ বহু সতৰ্কবাণী লাভ কৰিছে৷ কোনো অজ্ঞাত লোকে অনলাইনত তেওঁ আৰু তেওঁৰ পৰিয়ালক মৃত্যুৰ ভাবুকি দিছে৷ উল্লেখ্য যে ৰাজকুমাৰ সন্তোষীৰ ‘গান্ধী-গডছে এক যুদ্ধ’ ২৬ জানুৱাৰীত মুক্তি পাব৷ ছবিখনৰ ট্ৰেইলাৰ ১১ জানুৱাৰীত মুকলি কৰা হৈছে৷