Logo
image

অস্কাৰৰ দৌৰত বাহিৰ কাশ্মীৰ ফাইল্‌ছ, ‘আৰ আৰ আৰ’ৰ গীত মনোনীত

আমাৰ অসম, ২৫ জানুৱাৰী: দেশে বিদেশে চাঞ্চল্যৰ সৃষ্টি কৰিলেও আৰু অস্কাৰৰ বিচাৰকে ছবিখন চাই আগ্ৰহ প্ৰকাশ কৰিলেও ভাৰতে চৰকাৰীভাৱে আৰ আৰ আৰ-ক চলিত বছৰৰ শ্ৰেষ্ঠ বিদেশী ছবিৰ অস্কাৰৰ মনোনয়নৰ বাবে প্ৰেৰণ নকৰিলে৷ ইয়াৰ পৰিৱৰ্তে গুজৰাটী ছবি ‘চেলো শ্ব’ বা ইংৰাজীলৈ অনুদিত ‘লাষ্ট পিকচাৰ শ্ব’ ফিল্ম ফেডাৰেচন অব ইণ্ডিয়াই সেই শাখালৈ প্ৰেৰণ কৰিলেও অস্কাৰৰ মনোনয়ন লাভৰ পৰা বঞ্চিত হ’ল৷ চূড়ান্ত মনোনয়নৰ ক্ষেত্ৰত ব্যৰ্থ হ’ল চলিত বছৰৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয়   ছবিৰ সন্মান লাভ কৰা গুজৰাটী ছবি চেলো শ্ব’৷ বঞ্চিত হ’ল বহু চৰ্চিত ‘দ্য কাশ্মীৰ ফাইলছ’৷ স্বয়ং প্ৰধানমন্ত্ৰী মোদীয়ে ছবিখন উপভোগ কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে দেশবাসীক এই ছবিখন চাবলৈ আহ৩ান জনাইছিল৷ পৰৱৰ্তী সময়ত অসমকে ধৰি বিজেপিশাসিত বিভিন্ন ৰাজ্যত এই ছবিখন চোৱাৰ বাবে চৰকাৰে কৰ্মচাৰীক অৰ্ধছুটী, ছুটীপৰ্যন্ত দিছিল৷ অৱশ্যে আৰ আৰ আৰ-এ হতাশ নকৰিলে ভাৰতীয় অনুৰাগীক৷ আৰ আৰ আৰ-ৰ ‘নাটু নাটু’ গীতটোৱে এইবাৰৰ অকাডেমীৰ বঁটাৰ শ্ৰেষ্ঠ গীতৰ মনোনয়ন লাভ কৰিছে৷ উল্লেখ্য, আৰ আৰ আৰ-ৰ এই গীতটোৱে অলপতে গ’ল্ডেন গ্লোব বঁটা লাভ কৰিছিল৷ লেডী গাগা, ৰিহানা আদিৰ সংগীতক পৰাভূত কৰি গ’ল্ডেন গ্লোব লাভ কৰা নাটু নাটু গীতটোৱে এইবাৰৰ অস্কাৰ অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ কিয়নো গ’ল্ডেন গ্লোবত শ্ৰেষ্ঠ হোৱা ছবি কিম্বা সংগীত অথবা শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীয়ে সাধাৰণতে অস্কাৰো লাভ কৰে৷ নাটু নাটুৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম নহ’ব বুলিয়েই ভাৰতীয় অনুৰাগীৰ আশা৷ ইপিনে, মঙলবাৰে ঘোষণা কৰা মনোনয়নত ভাৰতৰ ‘অল ডেট ব্ৰীডথে’ শ্ৰেষ্ঠ ডকুমেণ্টৰী ছবিৰ শাখাত মনোনয়ন লাভ কৰিছে৷ আনহাতে, ‘দ্য এলিফেণ্ট হুইছপাৰ্ছে’ লাভ কৰিছে শ্ৰেষ্ঠ চুটি তথ্য চিত্ৰৰ মনোনয়ন৷ প্ৰসংগত, অস্কাৰৰ ইতিহাসত এই পৰ্যন্ত ভাৰতৰ তিনিখন ছবি ক্ৰমে মাডাৰ ইণ্ডিয়া, ছালাম বম্বে আৰু লগানে শ্ৰেষ্ঠ বিদেশীৰ ছবি শিতানৰ মনোনয়ন লাভ কৰিছিল৷ অহা ১৩ মাৰ্চত চলিত বছৰৰ অকাডেমী বঁটা বা অস্কাৰ প্ৰদান কৰা হ’ব৷