লেপ-কম্বল পৰিষ্কাৰ কৰিবলৈ এইখিনি কৰক
শীতকালত লেপ-কম্বল একেৰাহে ব্যৱহাৰ কৰাৰ ফলত কেতিয়াবা দুৰ্গন্ধ ওলোৱাৰ লগতে মলি জমা হয়৷ ইয়াৰ ফলত শোৱাৰ সময়ত অস্বস্তি হয়৷ এইকেইটা সহজ উপায়েৰে লেপ-কম্বল পৰিষ্কাৰ কৰি ৰাখিব পাৰি৷
⬛লেপ-কম্বল প্ৰতিদিনে ব্যৱহাৰ কৰাৰ পাছত ৰ’দত কিছু সময়ৰ বাবে ৰাখিব লাগে৷ এইদৰে ৰ’দত দিলে লেপ-কম্বলৰ পৰা ওলোৱা গোন্ধ দূৰ হোৱাৰ লগতে জমা হোৱা ধুলি আদিও আঁতৰাব পাৰি৷
⬛ক’ভাৰ সলনিঃ সাধাৰণতে লেপ-কম্বলৰ ক’ভাৰ সময় মতে নোধোৱাৰ ফলত তাৰ পৰা দুগন্ধ বাহিৰ হোৱাৰ লগতে মলি জমা হয়৷ সেয়েহে কমেও এসপ্তাহৰ অন্তত লেপ-কম্বলৰ ক’ভাৰ ধোৱাৰ ব্যৱস্থা কৰিব লাগে৷ এনে কৰিলে লেপ-কম্বল গাত ল’বলৈ উপযোগী হৈ পৰে৷
⬛ ভিজা কাপোৰেৰে পৰিষ্কাৰঃ কম্বলত মলি জমা হ’লে ভিজা কাপোৰেৰে সহজে পৰিষ্কাৰ কৰিব পাৰি৷ সুতাৰ কাপোৰ পানীত ভিজাই লৈ কম্বলত লগা দাগ আদি মুচি পেলাব পাৰি৷ এইদৰে ভিজা কাপোৰেৰে কম্বল পৰিষ্কাৰ কৰি লৈ অলপ সময়ৰ বাবে ৰ’দত দিলে সহজে গোন্ধ আঁতৰি যোৱাৰ লগতে পৰিষ্কাৰো হয়৷
⬛কুহুমীয়া পানীত কিছুসময়ৰ কাৰণে কম্বল ভিজাই ৰাখি ৰ’দত দিলে সহজে পৰিষ্কাৰ হয়৷ কেতিয়াবা ডিটাৰজেন্ট প্ৰয়োগ কৰিও কম্বল পৰিষ্কাৰ কৰিব পাৰি৷
⬛বিচনা পৰিষ্কাৰঃ শীতকালত লেপ-কম্বলেই নহয় বিচনা চাদৰ সময় মতে পৰিষ্কাৰ কৰা উচিত৷ যিহেতু বিচনা চাদৰতে লেপ-কম্বল ৰখা হয় সেয়েহে বিচনা চাদৰখন পৰিষ্কাৰ হৈ নাথাকিলে লেপ-কম্বল সহজে অপৰিষ্কাৰ হৈ পৰে৷ এইদৰে শীতকালত লেপ-কম্বল পৰিষ্কাৰ কৰি ৰাখিলে টোপনিটো কোনো ব্যঘাত নহয়৷






