Logo
image

মফিদুলৰ বিলৈ : মুক্তিৰ পূৰ্বেই 'পাঠান' চাবলৈ ১২০ টা টিকট ক্ৰয় কৰাৰ বাবে আবদ্ধ হ'ল আৰক্ষী থানাত

ডিজিটেল ডেস্কঃ বহু বিতৰ্কৰ মাজতে বুধবাৰে মুক্তি পালে শ্বাহৰুখ খান-দীপিকা পাডুকন অভিনীত 'পাঠান'৷ মুক্তিৰ লগে লগে দৰ্শকৰ সঁহাৰি লাভ কৰিলে বোলছবিখনে৷ মুক্তি পূৰ্বেই পাঠানৰ  বুকিং হ'ল ৪৬ কোটি টকাৰ টিকট ৷

আনহাতে অসমৰ মফিদুল ইছলাম নামৰ এজন যুৱকে মুক্তিৰ পূৰ্বেই 'পাঠান' চাবলৈ ক্ৰয় কৰিছিল ১২০ টা টিকট৷ বিতৰ্ক চলি থকা সময়তে বন্ধুৰ স'তে চিনেমাখন উপভোগ কৰিবলৈ যুৱকজনে ক্ৰয় কৰিছিল টিকটখিনি৷ পিছে চিনেমাখন মুক্তিৰ পিছত ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' উপভোগ কৰিবলৈ নাপালে মফিদুলে৷ পাঠানৰ মুক্তিৰ দিনা মঙ্গলদৈৰ ধূলা থানাত আবদ্ধ কৰি ৰখা হ'ল মফিদুলক। যুৱকজনে ১২০ টা টিকট সংগ্ৰহ কৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

উল্লেখ্য যে সাম্প্ৰদায়িক অশান্তিৰ আশংকাত ধূলা থানাত আবদ্ধ কৰি ৰখা হ'ল যুৱকজনক৷ ১১ বজাৰ পৰা আৰম্ভ হোৱা মঙ্গলদৈৰ ড্ৰীম থিয়েটাৰ হলত 'পাঠান' চোৱাৰ কথা আছিল যুৱকজনে৷ কিন্তু আইন-শৃংখলাজনিত কাৰণত আৰক্ষী থানাত আৱদ্ধ কৰি ৰখাত 'পাঠান'ৰ প্ৰথম প্ৰদৰ্শনী চোৱাটো সপোন হৈ ৰ'ল মফিদুলৰ৷