Logo
image

দুখীয়া লোকক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ উদ্দেশ্যে ইউ বি হেলথ চেণ্টাৰ মুকলি

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ পাঞ্জাৱাৰীত বুধবাৰে দুখীয়া লোকক বিনামূলীয়া চিকিৎসা সেৱা দিয়াৰ উদ্দেশ্যে ইউ বি হেলথ চেণ্টাৰ মুকলি কৰে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই। ভাষণ প্ৰসংগত বিধায়ক অতুল বৰাই কয়- ''এই কেন্দ্ৰই যাতে সুন্দৰ কামেৰে আগবাঢ়ি যাব পাৰে তাৰে আশা কৰিলো। ইউ বি ক্লিনিকে চিকিৎসা সেৱাৰ জৰিয়তে মানৱ স্বাৰ্থৰ বাবে কাম কৰিব বিচাৰিছে। তেওঁলোকৰ লক্ষ্য কিছু দুখীয়া লোকক সেৱা কৰা। ফণীন্দ্ৰ মেধিৰ এই প্ৰচেষ্টাক শলাগ লৈছো৷ মেধিয়ে আন্তৰিকাৰে কাম কৰিব বিচাৰিছে৷ তেওঁক সকলোৱে সহায় সহযোগিতা কৰে।''

মিডলেণ্ড হাস্পতালৰ সহযোগত মুকলি কৰা এই কেন্দ্ৰত অটল অমৃত কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ড , ৰেচন কাৰ্ডৰ জৰিয়তে দুখীয়া, নিম্ন মধ‍্যবিত্ত, মধ্যবিত্ত শ্ৰেণীৰ বাবে সদায় পুৱা ৯ বজাৰ পৰা বিয়লি ২বজালৈ বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়োৱা হ'ব। তদুপৰি সাধাৰণ সকলো ধৰণৰ অস্ত্ৰোপচাৰ আদিতো থাকিব বিশেষ ৰেহাই। এই অনুষ্ঠানত মিডলেণ্ড হাস্পতালৰ সঞ্চালক ডাঃ মহিবুল ইছলাম, ডাঃ জাহ্নবী দাস, আমচিং গাঁও পঞ্চায়তৰ সভাপতি কল্পনা বৰা, জিলা পৰিষদৰ উপ-সভাপতি গজেন চেত্ৰী, ৬০ নং ৱাৰ্ডৰ কাউন্সিলাৰ ভূপেন বৰুৱা উপস্থিত থাকে। ইউ বি হেলথ চেণ্টাৰৰ স্বত্বাধিকাৰী ডাঃ খনিন্দ্ৰ মেধিয়ে এই কেন্দ্ৰৰ বিষয়ে চমুকৈ কয়। বনশ্ৰী বৈশ্যই আঁত ধৰা অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।