Logo
image

ৰাজনীতিকৰ পাভলুটি

সুযোগ-সুবিধা অনুসৰি ৰাজনীতিকসকল যে পাভলুটি মৰাত সিদ্ধহস্ত, সেই কথা সৰ্বজনবিদিত৷ প্ৰতিটো ৰাজনৈতিক দলতে এনে নেতা থাকে যি ভোটাৰৰ চকুত ধূলি দি নিজৰ স্বাৰ্থৰ অনুকূলে কোনো এটা বিষয়ত সময়ে সময়ে নিজৰ স্থিতি সলায়৷ কংগ্ৰেছত থকাৰ সময়ত নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগে অতি কঠোৰ স্থিতি গ্ৰহণ কৰিছিল৷ ৰাইজক লগত লৈ নিৰৱচ্ছিন্নভাৱে ৰাজপথত বিধেয়কবিৰোধী আন্দোলন কৰিছিল৷ এই জাতিধবংসী আইন নমনাৰ ৰাজহুৱা অংগীকাৰ লৈছিল৷ সৰ্বসাধাৰণ ৰাইজক আন্দোলনত জঁপিয়াই পৰিবলৈ প্ৰবুদ্ধ কৰিছিল৷ এখোজ আগুৱাই গৈ বিধেয়কখনৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ত গোচৰপৰ্যন্ত তৰিছিল৷ বৰ্তমানো সেই গোচৰ চলি আছে৷ নিশাটোৰ ভিতৰত তেওঁ হঠাৎ কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ গ’ল৷ বিজেপিৰ নীতি-আদৰ্শ মানি এতিয়া তেওঁ এই বিধেয়কৰ সমৰ্থনত পুনৰ ৰাজপথত নামিব লাগিব৷ উচ্ছতম ন্যায়ালয়ৰ গোচৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ব৷ কিন্তু ৰাইজ একেখিনিয়ে৷ যিখিনি সমৰ্থকক লগত লৈ তেওঁ ‘কা’বিৰোধী আন্দোলন কৰিছিল, সেই একেখিনি সমৰ্থকক লগত লৈ তেওঁ এতিয়া ‘কা’ৰ সমৰ্থনত আন্দোলন কৰিব লাগিব৷ সমৰ্থকসকলে তেওঁক সংগ দিয়ে নে নাই, সেইটো সময়ৰ কথা৷ অজন্তা নেওগ এটা উদাহৰণহে মাত্ৰ৷ বিৰোধীত থকাৰ সময়ত বিজেপি দলে বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰুদ্ধে আন্দোলন কৰিলে৷ অথচ সেই বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাতে বৰ্তমান বৃহৎ নদীবান্ধ নিৰ্মাণ হৈ আছে৷ বৃহৎ নদীবান্ধৰ অন্যতম বিৰোধী গণশক্তিৰ বিধায়ক ভুবন পেগু এটা সময়ত, বিশেষকৈ কংগ্ৰেছৰ চৰকাৰৰ সময়ত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে অসম বিধানসভাৰ মজিয়া অকলে উত্তাল কৰি তুলিছিল৷ অথচ সেইজন ভুবন পেগু আজি নদীবান্ধৰ সমৰ্থক হৈ পৰিছে৷ বাংলাদেশক অসমৰ এক ইঞ্চি ভূমিও নিদিওঁ বুলি হুংকাৰ দি বৰ্তমানে বিজেপি চৰকাৰ চলাই থকাসকলে সীমান্তলৈ গৈ পতাকা উত্তোলন কৰি চমক সৃষ্টি কৰিছিল৷ কংগ্ৰেছ চৰকাৰে বাংলাদেশৰে অসমৰ ভূমি আদান-প্ৰদান কৰিবলৈ ওলোৱাত দলটোক দেশদ্ৰোহী সজাই দিলে৷ অথচ সেই বিজেপি চৰকাৰৰ শাসনকালতে বাংলাদেশক ভূমি হস্তান্তৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ল৷ নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজৰ হেঁচাত সেও মানিবলৈ বাধ্য হৈ অগপ দলে ৰাজপথত নামিল, উচ্ছতম ন্যায়ালয়ত গোচৰ দিলে৷ মন্ত্ৰী পদ এৰি চৰকাৰৰ পৰা ওলাই আহিল৷ কিন্তু সেই অগপ দলৰ নেতাসকল আজি সম্পূৰ্ণৰূপে পাভলুটি মাৰি এই আইনখনৰ মূল স্তাৱক হৈ পৰিল৷ যি বিজেপি দলে মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দুৰ্নীতিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল, আজিৰ তাৰিখত সেই হিমন্ত বিশ্ব শৰ্মা অসমত বিজেপি দলৰ মূল চালিকাশক্তি৷ যিজন সৰ্বানন্দ সোণোৱালে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ দলৰ সংসদীয় ব’ৰ্ডত গ্ৰহণ কৰিছিল, সেইজন সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত হিমন্ত বিশ্ব শৰ্মা অন্যতম শক্তিশালী আৰু প্ৰভাৱশালী মন্ত্ৰী৷ এইবিলাক উদাহৰণহে মাত্ৰ৷ ৰাজনীতিক এজেন যেতিয়া একমাত্ৰ নিজৰ স্বাৰ্থৰ কাৰণে জাতীয় জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয়টো আপোচ কৰে, তেতিয়া জাতিৰ বাবে ভয়ানক দুৰ্যোগ নামি আহে৷ ভাৰতীয় সমাজ আৰু শাসন ব্যৱস্থাত ৰাজনীতিক এজনৰ প্ৰভাৱ আৰু ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ সমাজ এখনক ৰাজনীতিক এজনে পৰিচালিত কৰে, দিশ নিৰ্দেশনা দিয়ে৷ তেনে ক্ষেত্ৰত যেতিয়া ৰাজনীতিকজনে পাভলুটি মাৰে নিজৰ স্বাৰ্থৰ কাৰণে, তেনে সময়ত তেওঁ নেতৃত্ব দিয়া সমাজখনো বিভ্ৰান্ত হৈ পৰে৷ ভুল-শুদ্ধ বিচাৰৰ ক্ষমতা নাইকিয়া হৈ পৰে৷ মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া মুখত মাস্ক নিপিন্ধি, সামাজিক দূৰত্ব নামানি ৰাজহুৱাভাৱে নিৰ্বাচনী প্ৰচাৰ চলালে, তেতিয়া ৰাইজেও তেওঁক অনুসৰণ কৰি ক’ভিড বিধি নমনা হ’ল৷ মন্ত্ৰীজনৰ এনে কামে ৰাইজৰ মনত গভীৰভাৱে প্ৰভাৱিত কৰিলে আৰু ক’ভিডক তুচ্ছ-তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰিলে৷