Logo
image

বিজেপিৰ পালিনেতাৰ অশ্লীল ভিডিঅ' ভাইৰেল : মৰিগাঁৱত লগাইছে তোলপাৰ

ডিজিটেল সংবাদ, মৰিগাঁওঃ মৰিগাঁৱৰ এজন বিজেপি পালিনেতাৰ অশ্লীল ভিডিঅ'ক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মহিবুৰ ৰহমানে( চোনামণি) মৰিগাঁৱৰ এটা পেট্ৰ'ল পাম্পত এগৰাকী যুৱতীৰ লগত অশ্লীল কৰ্মত লিপ্ত হোৱাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে। 

মৰিগাঁও পৌৰসভা নিৰ্বাচনত নিজ জীয়ৰীক সদস্যা পদত প্ৰতিদ্বন্দিতা কৰোৱা এই গৰাকী বিজেপিৰ স্বয়ম্ভু নেতা মৰিমুছলমানগাঁৱৰ প্ৰাক্তন সভাপতি হোৱাৰ উপৰি বিখ্যাত সুদখোৰ ৰূপে পৰিচিত৷ মহিবুৰে অশ্লীল কৰ্মত লিপ্ত হোৱাৰ সময়ত সমগ্ৰ দৃশ্য বন্দী হয় চি চি টিভি কেমেৰাত৷ ধনৰ বলত বলীয়ান এই গৰাকী মহিবুৰ ৰহমানৰ এই অশ্লীল ভিডিঅ' এতিয়া দ্ৰুতগতিত ভাইৰেল হৈছে।

সকলোৰে মোবাইল ফোনত এতিয়া মহিবুৰৰ অশ্লীল ভিডিঅ'৷ মৰিগাঁও জিলা কাবাডী সন্থাৰ অধ্যক্ষৰূপে কৰ্মৰত মহিবুৰ ৰহমানৰ এই অশ্লীল ভিডিঅ' কাণ্ডই তোলপাৰ লগোৱাৰ পিছত কাবাডী সন্থাই কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো লক্ষনীয় হ'ব। আনহাতে বিজেপি দলে এইগৰাকী লোকৰ বিৰুদ্ধে গ্ৰহণ কৰিবনে নকৰে সেইটোও লক্ষনীয় হ'ব।