Logo
image

প্ৰথমে ফেচবুকতে চিনাকি, তাৰ পিছত প্ৰেমঃ পৰস্ত্ৰীক মাৰপিট কৰি এতিয়া ৰঙা ঘৰৰ আলহী মাজুলী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক পৰাগ চৌধুৰী

ডিজিটেল সংবাদ, মাজুলীঃ সামাজিক মাধ্যমৰ জৰিয়তে চিনাকী হৈ বিবাহিতা মহিলাৰে প্ৰেম কৰি অৱশেষত কাৰাগাৰৰ আলহী হ'ল মাজুলী আৰক্ষী থানাৰ এগৰাকী নৱনিযুক্ত উপ-পৰিদৰ্শক। মাজুলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম গগৈয়ে জানিবলৈ দিয়া মতে, যোৱা বৰ্ষৰ এপ্ৰিল মাহত মাজুলী আৰক্ষী থানাত উপ-পৰিদৰ্শক হিচাপে যোগদান কৰা অবিবাহিত পৰাগ চৌধুৰীৰ কোৱাৰ্টাৰলৈ মঙলবাৰে চাবুৱাৰ বৰা উপাধিৰ এগৰাকী বিবাহিত মহিলা আহে। আৰক্ষী থানাৰ সমীপতে থকা পৰাগ চৌধুৰীৰ কোৱাৰ্টাৰতে নিশাটো কটায় দুয়োৱে।

কিন্তু পুৱাই দুয়োৰে মাজত ভীষণ কাজিয়া, মাৰপিটৰ ঘটনা সংঘটিত হয়। মঙলবাৰে নিশাৰে পৰা দুয়োৰে মাজত চলি থকা কাজিয়াই পুৱা চূড়ান্ত ৰূপ লৈ দুয়োৰে মাজত হতাহতি, মাৰপিট, ব্লেডেৰে কটা-কটি পৰ্যন্ত হয়। এনে মাৰপিটৰ ফলত মহিলাগৰাকীৰ লগতে উপ-পৰিদৰ্শক পৰাগ চৌধুৰীও গুৰুতৰভাৱে আহত হয়। পাছত আহত মহিলাগৰাকীক মাজুলীৰ গড়মূৰস্থিত পীতাম্বৰ দেৱগোস্বামী চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। 

ডিঙি আৰু হাতত আঘাত পোৱা মহিলাগৰাকীক কেবাটাও চিলাইৰ পিছত উন্নত চিকিৎসাৰ বাবে আজি বিয়লি যোৰহাটলৈ প্ৰেৰণ কৰে। ইফালে মহিলাগৰাকীয়ে ঘটনা সংক্ৰান্তত মাজুলী আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰে। মাজুলী আৰক্ষী থানাত ৰজু হোৱা 7/23 U/S 324-307APC নম্বৰৰ উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে উপ-পৰিদৰ্শক পৰাগ চৌধুৰীক আটক কৰি ন্যায়ালয়ত হাজিৰ কৰায়৷ আদালতে তেওঁক জে'ললৈ প্ৰেৰণ কৰে। মহিলাগৰাকীয়ে গড়মূৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কলিতাক জনোৱা মতে, ফেচবুকত চিনাকি হোৱা মাজুলী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক পৰাগ চোধুৰীৰ কোৱাৰ্টাৰত তেওঁ নিশাটো থাকে। কিন্তু নিশাৰ পৰা পুৱালৈকে পৰাগ চৌধুৰীয়ে কাজিয়া, মাৰপিট কৰি তেওঁক আহত কৰে। সামাজিক মাধ্যমত জৰিয়তে চিনাকি হৈ পৰাগ চোধুৰীৰ সৈতে প্ৰেম সম্পৰ্ক গঢ়ি তোলা বিবাহিত মহিলাগৰাকীৰ এটি ৮ বছৰীয়া সন্তানো আছে বুলি জানিব পৰা গৈছে।