বাল্য বিবাহ
পুৰুষপ্ৰধান ভাৰতীয় সমাজ ব্যৱস্থাত নাৰী যুগে যুগে শোষিত, নিষ্পেষিত হৈ আহিছে৷ পূৰ্বৰে পৰা ভাৰতীয় সমাজত পুত্ৰ সন্তানক কুলৰ গৌৰৱ বুলি ধাৰণা কৰি অহাৰ বাবেই কন্যা সন্তানক কোনো কোনো সমাজত বোজা বুলিও গণ্য কৰি আহিছে৷ পুত্ৰ সন্তানেই সম্পত্তিৰ অধিকাৰ ভোগ কৰি অহাৰ বাবেই কন্যা সন্তানে আৰ্থিক নিৰাপত্তাহীনতাত ভুগি আহিছে৷ ভাৰতীয় সমাজত অধিকাংশ অভিভাৱকেই কন্যা সন্তানক বোজা বুলি ধাৰণা কৰিছিল বাবেই যিমান সোনকালে পাৰে বিয়া দি সেই বোজাৰ পৰা ৰেহাই পাব বিচাৰিছিল৷ ফলত সমাজত বাল্য বিবাহৰ প্ৰচলন হৈছিল৷ সম্প্ৰতি, পূৰ্বৰ পৰিৱেশ নাই যদিও এতিয়াও বহু অঞ্চলত বাল্য বিবাহ হৈয়েই আছে৷ বাল্য বিবাহৰ বাবেই জনসংখ্যা বৃদ্ধিৰ হাৰ বাঢ়িয়েই আছে৷ জনসংখ্যা বৃদ্ধিৰ কুফল আজি সকলোৱে ভোগ কৰি আছে৷ কেন্দ্ৰীয় চৰকাৰে ২০০৬ চনতে বাল্য বিবাহ প্ৰতিৰোধ আইন গৃহীত কৰে যদিও আজিও বাল্য বিবাহ ৰোধ কৰিব পৰা নাই৷ কেন্দ্ৰীয় চৰকাৰে সৰ্বশিক্ষা অভিযানৰ জৰিয়তে ১৪ বছৰলৈ প্ৰতিটো শিশুৰ শিক্ষাৰ অধিকাৰ আইন ৰূপায়ণ কৰে যদিও এতিয়াও বহু অঞ্চলত ১৪ বছৰীয়া কিশোৰী এগৰাকীয়ে বিদ্যালয়ত শিক্ষা লাভ কৰাৰ পৰিৱৰ্তে মাতৃত্বৰ বোজা গ্ৰহণ কৰি ঘৰ-সংসাৰ চম্ভালিব লগা হয়৷ ফলত এনে অঞ্চলৰ লোক শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত হয়৷ তদুপৰি অসমত প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ অধিক হোৱাৰ এটা প্ৰধান কাৰণ বাল্য বিবাহ৷ নেচনেল ফেমেলী হেল্থ ছাৰ্ভে-৫১ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, অসমত ১১.৭ শতাংশ ছোৱালীয়েই কম বয়সত মাতৃত্বৰ বোজা ল’বলগীয়া হৈছে৷ অসমত ৩১.৮ শতাংশ ছোৱালীয়েই নিষিদ্ধ বয়সত বিয়া হয়৷ দেশত ছোৱালীৰ বিয়াৰ বয়স ১৮ বছৰ আৰু ল’ৰাৰ বিয়াৰ বয়স ২১ বছৰ যদিও এই বয়স পোৱাৰ আগতেই বহুতেই বিবাহপাশত আৱদ্ধ হৈ নিজৰ কেৰিয়াৰ গঢ়াৰ পৰিৱৰ্তে সন্তানৰ দায়িত্ব ল’বলগীয়া হয়৷ যদিও দেশত ১৪ বছৰলৈ শিশুৰ বিৰুদ্ধে যৌন অপৰাধ আইন আছে, তথাপি এই আইন উলংঘা কৰি সমাজত বাল্য বিবাহৰ ঘটনা ঘটিয়েই আছে৷ বিশেষকৈ অসমৰ চৰ-চাপৰি অঞ্চল, জনগোষ্ঠীয় অঞ্চল আৰু চাহ বাগিচা অঞ্চলত বাল্য বিবাহৰ ঘটনা অধিক৷ ইয়াৰ বাবেই এনে অঞ্চলত শিক্ষিতৰ হাৰো কম আৰু তেনেবোৰ অঞ্চল বিভিন্ন ক্ষেত্ৰত পিছপৰা৷ নেচনেল ফেমেলী হেল্থ ছাৰ্ভেৰ প্ৰতিবেদন অনুসৰি, অসমৰ ধুবুৰী জিলাত ৫০ শতাংশ ছোৱালীৰে নিষিদ্ধ বয়সত বিয়া হৈছে৷ তেনেদৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বিবাহ নিষিদ্ধ বয়সত বিয়া হোৱা যুৱতীৰ হাৰ ৪৪.৭ শতাংশ৷ ৰাজ্যৰ প্ৰায়বোৰ জিলাতে বিবাহ নিষিদ্ধ বয়সত বিয়া হোৱাৰ তথ্যৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ৰাজ্যিক কেবিনেটৰ বৈঠকত বাল্য বিবাহ প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ বাবে অসম আৰক্ষীক দায়িত্ব দিয়াৰ উপৰি গাঁও পঞ্চায়তৰ সচিবকো বাল্য বিবাহৰ কথা গম পালে এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে৷ যদিহে কোনো লোকে ১৪ বছৰ তলৰ ছোৱালীক বিয়া কৰায়, তেন্তে তেনে লোকক শিশুৰ বিৰুদ্ধে যৌন অপৰাধ আইনৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ নিৰ্দেশ দিছে৷ আনহাতে ১৪-১৮ বছৰৰ ছোৱালীক যদি বিয়া কৰায়, তেন্তে বাল্য বিবাহ প্ৰতিৰোধ আইন ২০০৬ অনুসৰি দুবছৰ জে’ল আৰু জৰিমনা বিহাৰ নিৰ্দেশ দিছে৷ মুখ্যমন্ত্ৰীৰ এনে প্ৰচেষ্টাই যদিহে ৰাজ্যত বাল্য বিবাহ ৰোধ কৰিব পাৰে, তেন্তে সেয়া সঁচা অৰ্থত নাৰী সবলীকৰণৰ দিশত এক আদৰণীয় পদক্ষেপ হ’ব৷ ইয়াৰ উপৰি ৰাজ্যৰ নাৰী সমাজক শিক্ষিত কৰাৰ লগতে স্বাস্থ্যৰ সুৰক্ষা আৰু আৰ্থিক নিৰাপত্তাৰ ব্যৱস্থা কৰিব পাৰিলেহে নাৰী সমাজৰ কল্যাণ হ’ব৷






