Logo
image

দুৰ্নীতিৰ বিৰুদ্ধে হুংকাৰ মন্ত্ৰী জয়ন্তৰ, ২৪ত ৰাজ্যৰ সকলো গাঁৱত খোৱাপানী

আমাৰ অসম, ২৬ জানুৱাৰীঃ ২০২৪ চনৰ ভিতৰত ৰাজ্যৰ প্ৰতিঘৰ মানুহৰ ঘৰত বিশুদ্ধ খোৱাপানী যোগান ধৰিব জনস্বাস্থ্য কাৰিকৰী বিভাগে৷ জল জীৱন মিছনৰ অধীনত ‘হৰ ঘৰ জল’ আঁচনিৰ জৰিয়তে প্ৰতিটো ঘৰত বিশুদ্ধ খোৱাপানী যোগানৰ সংকল্প লোৱা হৈছে৷ বুধবাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত সদৰ কাৰ্যালয়ত এই কথা ঘোষণা কৰে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ সংবাদমেলত মন্ত্ৰীজনে আৰু কয়– ৰাজ্যত হৰ ঘৰ জল আঁচনিয়ে ২৫,৩৩৫খন গাঁৱক সামৰি লৈছে৷ ইয়াৰে ভিতৰত ১৪৬ গাঁও হৰ ঘৰ জল হিচাপে স্বীকৃত হৈছে৷ জলজীৱন আঁচনিৰ সফল ৰূপায়ণৰ বাবে শীঘ্ৰেই এটা অভিযোগ কোষ মুকলি কৰা হ’ব৷ ফোন, হোৱাট্‌ছএপ, ফেচবুক, ই-মেইল অথবা লিখিত পত্ৰৰ জৰিয়তে জল জীৱন আঁচনি ৰূপায়ণত অনিয়ম, বিষয়া-ঠিকাদাৰৰ গাফিলতি সন্দৰ্ভত অভিযোগ দিব পাৰিব৷ অভিযোগ পোৱাৰ লগে লগে সংশ্লিষ্ট এলেকাৰ বিষয়াৰ দৃষ্টিগোচৰ কৰি ব্যৱস্থা লোৱা হ’ব৷ ঠিকাদাৰসকলেও এতিয়াৰ পৰা বিল পাবৰ বাবে তাঁতবাটি কাঢ়ি থাকিবলগীয়া নহয়৷ ঠিকাদাৰে নিজে ই এম বি আৰু ই বিল দাখিল কৰি কাম কৰাৰ ৩১ দিনৰ ভিতৰত লাভ কৰিব ধন৷ গুণোৎসৱৰ দৰে অসমত জলোৎসৱ অনুষ্ঠিত কৰাৰ কথা সদৰী কৰি মন্ত্ৰীজনে আৰু কয়– অসমত জল জীৱন আঁচনি আৰম্ভ হোৱাৰ পূৰ্বে ২০১৯ চনৰ ১৫ আগষ্টত ঘৰুৱা টেপৰ সংযোগ আছিল ১.১১ লাখ৷ এই হাৰ ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৰ.৬ শতাংশ৷ জল জীৱন আঁচনি ৰূপায়ণ হোৱাৰ তিনিবছৰৰ ভিতৰত অসমত ঘৰুৱা টেপৰ সংযোগৰ সংখ্যা হৈছে ২৮.২৭ লাখ৷ অৰ্থাৎ ৰাজ্যৰ মুঠ জনসংখ্যাৰ ৪২.১ শতাংশ লোকক পানীৰ টেপৰ ঘৰুৱা সংযোগ দিয়া হৈছে৷ বিভাগে ২০২৪ চনত ৰাজ্যৰ এশ শতাংশ লোকক ঘৰুৱা টেপৰ যোগেদি পানী যোগান দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ পানী সংযোগ দিয়া ২৮ লাখৰ ৪ লাখ পৰিয়ালত এতিয়ালৈকে আত্মসহায়ক গোটৰ জৰিয়তে পৰীক্ষণ প্ৰক্ৰিয়া সমাপ্ত হৈছে৷ আত্মসহায়ক গোটসমূহে ৬০ শতাংশ সংযোগ নিখুঁত আছে বুলি জনাইছে৷ বাকী ৪০ শতাংশত থকা বিসংগতি শীঘ্ৰে ঠিক কৰা হ’ব৷ ১০০ শতাংশই শুদ্ধ হ’ব লাগিব জল জীৱন মিছনৰ কাম৷ ৪ লাখৰ ৯৫ শতাংশ মানুহে বিশুদ্ধ খোৱা পানীৰ বিনিময়ত পইচা দিবৰ বাবেও আগ্ৰহ প্ৰকাশ কৰিছে৷ জল জীৱনৰ সংযোগ হোৱা সকলোতে আজিৰ পৰা পুৱা ৬ বজাৰ পৰা জ্জ বজালৈ আৰু সন্ধিয়া চ্ছ্ৰ বজাৰ পৰা প্ত বজালৈ পানী দিয়া হ’ব৷ সকলোৱে এই নিৰ্ধাৰিত সময়মতে আজিৰ পৰা পানী লাভ কৰিব৷ প্ৰতিজন মানুহৰ বিপৰীতে প্ৰতিদিনে ৫৫ লিটাৰ পানী দিয়া হ’ব৷ প্ৰতিদিনে ৭ হাজাৰৰ পৰা ৮ হাজাৰ পৰিয়ালত পানীৰ সংযোগ দিবলৈ সংশ্লিষ্ট কতৃৰ্পক্ষক নিৰ্দেশ দিয়া হৈছে৷ আনহাতে ‘হৰ ঘৰ জল’ৰ জৰিয়তে ২৫ হাজাৰ ৩৩৫টা ঘৰলৈ পানী দিয়াৰ ব্যৱস্থা কৰা হৈছিল৷ হৰ ঘৰ জলৰ লক্ষ্য হৈছে গাঁওখনৰ প্ৰতিঘৰ মানুহক বিশুদ্ধ খোৱা পানী দিয়া৷ ৰাজ্যৰ ২০২১খন গাঁৱৰ প্ৰতি ঘৰ লোকে এতিয়ালৈকে বিশুদ্ধ পানী লাভ কৰিছে৷ এতিয়াৰে পৰা জল জীৱন মিছনৰ লগত জড়িত হ’ব ছাত্ৰ-ছাত্ৰীসকল৷ ছাত্ৰ-ছাত্ৰী সকলক এতিয়া শৈক্ষিক প্ৰজেক্টৰ অধীনত জল জীৱন মিছনৰ কাম পৰীক্ষণ কৰিবৰ বাবে পঠোৱা হ’ব৷ ছাত্ৰ-ছাত্ৰী সকলে নমুনা সংগ্ৰহ কৰি অনাৰ পাছত পৰীক্ষণৰ ব্যৱস্থা কৰা হ’ব৷ নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী সকলে পানীৰ বিশুদ্ধতা বুজি পাবৰ বাবে এই পদক্ষেপ লোৱা হৈছে৷ আনহাতে সকলো পৰীক্ষা-নিৰীক্ষা তথা পৰ্যবেক্ষণ শেষ হোৱাৰ পিছত জল উৎসৱ অনুষ্ঠিত কৰা হ’ব৷ অসমৰ ৮৩ শতাংশ বিদ্যালয়ত বৰ্তমানলৈ পানী যোগান ধৰা হৈছে৷ সেইদৰে ৪,৫০০ জলমিত্ৰক এতিয়ালৈ প্ৰশিক্ষণ দিয়া হৈছে আৰু ৩,০০০ জলমিত্ৰক ইতিমধ্যে নিযুক্তি পত্ৰ দিয়া হৈছে৷ পইচা নোপোৱা জলমিত্ৰসকলক কাৰ্যালয়ত জনাবলৈ অনুৰোধ জনাই তেওঁ কয় যে যদি কোনো বিষয়াৰ গাফিলতিৰ বাবে পইচা পোৱা নাই তেন্তে কঠোৰ ব্যৱস্থা লোৱা হ’ব৷ জলমিত্ৰসকলক ৬,৫০০ টকাকৈ দৰমহা দিয়া হৈছে৷ জলমিত্ৰক দৰমহা দিয়াৰ নামত হেমাহি হোৱাৰ কথা স্বীকাৰ কৰি তেওঁ কয় যে পঞ্চায়তৰ সচিবসকলৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ’ব৷ পঞ্চায়তত জলমিত্ৰৰ ধন জমা আছে৷ দৰমহা নিদিয়াৰ অভিযোগ পালেই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ সাধাৰণ লোকৰ মাজত জল জীৱন মিছনৰ সজাগতা সৃষ্টি কৰিব পৰাকৈ বিদ্যালয়সমূহৰ জৰিয়তে বাটৰ নাট মঞ্চস্থ কৰা হ’ব৷ বাটৰ নাটকৰ বাবে চৰকাৰে বিদ্যালয় সমূহক টকা দিব৷ সাপ্তাহিক বজাৰ, দৈনিক বজাৰ সমূহত পুতলা নাচৰ জৰিয়তেও সজাগতা সৃষ্টি কৰা হ’ব৷ প্ৰসংগ ক্ৰমে তেওঁ কয় যে চৰকাৰে যোগান ধৰা পানী এবছৰ গ্ৰহণ কৰিলেই বেমাৰ আজাৰ কমি যাব আৰু বেমাৰৰ খৰচ কমি যাব৷ আনহাতে শৌচালয় নিৰ্মাণৰ প্ৰসংগত তেওঁ কয় যে এতিয়াৰে পৰা শৌচালয় চৰকাৰে নিৰ্মাণ কৰি নিদিয়ে৷ শৌচালয় নিৰ্মাণৰ বাবে চৰকাৰে হিতাধিকাৰীলৈ এতিয়াৰে পৰা পোনপটীয়াকৈ টকা দিব৷ শৌচালয় হিতাধিকাৰীয়ে নিজেই বনাই ল’ব লাগিব৷