Logo
image

নতুনকৈ ৬০খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত অসম চৰকাৰৰ

ডিজিটেল ডেস্ক: অসম চৰকাৰে বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ ৬০খন গাঁও অন্তৰ্ভুক্ত কৰি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নৰ ভূখণ্ড বৃদ্ধি কৰাৰ সিদ্ধান্ত ঘোষণা কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ঘোষণা কৰে যে ২০২০ চনৰ জানুৱাৰী মাহত স্বাক্ষৰিত ত্ৰিপাক্ষিক বড়ো চুক্তি অনুসৰি ঢেকীয়াজুলি, বেহালী, ছুটীয়া, গহপুৰ আৰু বিশ্বনাথৰ ৮০ শতাংশ বা তাতকৈ অধিক বড়ো জনসংখ্যা থকা গাঁওসমূহ বিটিআৰত অংশ হিচাপে অন্তৰ্ভুক্ত কৰা হ'ব।

উত্তৰ অসমৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত ৪৩খন ৰাজহ গাঁও আৰু ১৭খন বনাঞ্চলিক গাঁও বিটিআৰত অন্তৰ্ভুক্ত হ’ব ।বৰ্তমান বিটিআৰত চাৰিখন জিলা আছে — বাকছা, চিৰাং, কোকৰাঝাৰ আৰু উদালগুৰি। বিশেষকৈ ১০০ শতাংশ বড়ো সংখ্যাগৰিষ্ঠতা থকা গাঁওসমূহকে ধৰি বিটিআৰ পৰিষদৰ সীমা গহপুৰলৈকে সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি দিয়া বুলিও শৰ্মাই কয়।

উল্লেখ্য যে, তৃতীয় বড়ো চুক্তিত স্বাক্ষৰ কৰা হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ , তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,  বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, এবছু, এনডিএফবি,  তেতিয়াৰ  গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সম্পাদক সত্যেন্দ্ৰ গাৰ্গ আৰু তেতিয়াৰ অসমৰ সচিব প্ৰধান কুমাৰ সঞ্জয় কৃষ্ণৰ উপস্থিতিত।