বিজেপিৰ আপদত সুযোগৰ সন্ধান
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আপদা মে অৱসৰ ধুন্দনেকা’ অৰ্থাৎ আপদৰ মাজত সুযোগৰ সন্ধান কৰাৰ বা ‘আপদা কো অৱসৰ মে বদলনেকা’ অৰ্থাৎ আপদক সুযোগলৈ ৰূপান্তৰ কৰাৰ কথা বিভিন্ন প্ৰসংগত কৈছে৷ প্ৰধানমন্ত্ৰীয়ে নানা আহুকালেৰে জৰ্জৰ দেশখনে অৰ্থনৈতিক উন্নতিৰ বাবে আপদবোৰৰ মাজতে সুযোগৰ সন্ধান কৰাৰ কথা কৈছে৷ উদাহৰণস্বৰূপে, দেশৰ বিজুলী যোগানৰ অৱস্থা শোচনীয়, এয়া দেশখনৰ বাবে, উদ্যোগ-ব্যৱসায়ৰ বাবে, সাধাৰণ লোকৰ বাবে এটা মহা আপদ৷ কিন্তু এই আপদে সৃষ্টি কৰিছে সুযোগৰ৷ বিজুলী উৎপাদনৰ বাবে ব্যৱসায়ী, উদ্যোগীয়ে জেনেৰেটৰ কিনিবলৈ বাধ্য হৈছে৷ জেনেৰেটৰ উৎপাদন কৰা উদ্যোগৰ প্ৰচণ্ড বিকাশ ঘটিছে৷ প্ৰায় প্ৰতিঘৰ মানুহে নিয়মীয়া বিজুলী যোগান নিশ্চিত কৰিবলৈ ঘৰত ইনভাৰ্টাৰ প্ৰতিষ্ঠা কৰিব লগা হৈছে৷ ইনভাৰ্টাৰ উৎপাদন কৰা কোম্পানীয়ে ভাল ব্যৱসায় কৰিছে৷ সঘনাই বিজুলী সংযোগ নোহোৱা হোৱাৰ আপদটো নথকাহেঁতেন অৰ্থাৎ দেশত বিজুলী যোগান ব্যৱস্থা দক্ষ আৰু নিয়মীয়া হোৱাহেঁতেন জেনেৰেটৰ আৰু ইনভাৰ্টাৰ উৎপাদন কৰাৰ কোম্পানীৰ সৃষ্টিয়েই নহ’লহেঁতেন, কিমান মানুহ জীৱিকাৰ পৰা বঞ্চিত হ’লহেঁতেন! গতিকে আপদবোৰ সমাধান কৰাতকৈ সেই আপদবোৰৰ মাজত সুযোগ বিচৰাটোহে জৰুৰী৷ গুৱাহাটী মহানগৰী বাৰিষা সঘনাই বানত বুৰ যায়৷ সুদৃস্য প্ৰাসাদসদৃশ অট্টালিকা ঠাহ খাই থকা নলা নথকা ঠেক লেতেৰা গলিৰ পৰা ওলাই অহা দামী গাড়ীবোৰ পানীৰ মাজত বিকল হৈ পৰে৷ তেতিয়া আপদৰ মাজত সুযোগৰ সন্ধান কৰি থকা কিছুমান উদ্যোগী ল’ৰাই সেই গাড়ীবোৰ শকত ধনৰ বিনিময়ত পানীৰ মাজৰ পৰা ঠেলি উলিয়াই আনে৷ গুৱাহাটী বানত বুৰ গৈ এই সুযোগ সন্ধানীসকলক দুপইচা ঘটাৰ সুযোগ দিয়ে৷ ক্ষমতাধিষ্ঠিত দল-চৰকাৰ, ব্যৱসায়ী আৰু বিষয়াৰ মাজৰ মিতিৰালিৰ কথা সকলোৱে জানে৷ এনে মিতিৰালিৰে বান-খহনীয়া আদিৰ দৰে আপদৰ সময়ত তেওঁলোকে ৰাজহুৱা ধনৰ কিয়দংশ নিজৰ জেপলৈ অনাৰ বাবে নিজৰ ক্ষমতা, দক্ষতা আৰু কল্পনাশক্তিৰ ভৰপূৰ প্ৰয়োগ কৰে৷ তেওঁলোকে লগে-ভাগে আপদৰ মাজত সুযোগৰ সন্ধান কৰে৷ শেহতীয়াকৈ ভাৰতৰ বৃহৎ উদ্যোগপতি আদানিৰ বিৰুদ্ধে নানা অনিয়মৰ অভিযোগ উঠিছে৷ নিজৰ সম্পদ বৃদ্ধিৰ উদ্দেশ্যে শ্বেয়াৰৰ দাম বৃদ্ধি কৰিবলৈ আদানিৰ মালিকানাধীন সাতোটাকৈ কোম্পানীয়ে অনিয়ম আৰু দুন¹তিৰ আশ্ৰয় লৈছিল, এতিয়াও লৈ আছে৷ কৰ’নাৰ সময়ত সমগ্ৰ পৃথিৱীৰ অৰ্থনীতি ৰসাতললৈ যোৱাৰ সময়ত ভাৰতৰ অৰ্থনীতি ২০ শতাংশ হ্ৰাস পোৱাৰ সময়ত আদানি গ্ৰুপৰ সম্পত্তিৰ পৰিমাণ ১০০ বিলিয়ন ডলাৰ বাঢ়িছে৷ বিজেপি চৰকাৰৰ আদানিৰ প্ৰতি থকা বিশেষ মৰমৰ বাবেই আৰু এই মৰমৰ আদানি গ্ৰুপে সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰাৰ বাবেই আদানি গ্ৰুপৰ এই চমকপ্ৰদ উন্নতি হৈছে৷
বিজেপিয়ে আপদক সুযোগলৈ পৰিৱৰ্তন কৰাৰ কিটিপ জানে৷ ২০১৯ চনৰ নিৰ্বাচনৰ ঠিক আগে আগে পুলৱামাত সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণেৰে ৩০জনকৈ নিৰাপত্তাৰক্ষী জোৱানক হত্যা কৰিছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰত সেইবাৰ প্ৰথমবাৰৰ বাবে ভোটদানৰ অধিকাৰ লাভ কৰা দেশৰ নতুন পুৰুষক আহ্ৱান জনাইছিল তেওঁলোকৰ ভোট এই সন্ত্ৰাসবাদী আক্ৰমণত নিহত জোৱানসকলৰ স্মৃতিত উছৰ্গা কৰিবলৈ৷ নিৰ্বাচনত বিজেপিয়ে বৃহৎ জয়লাভ কৰিছিল৷
বিজেপিয়ে আপদৰ মাজত সুযোগ বিচাৰিব জানে৷ সাম্প্ৰদায়িক অসূয়া তথা উত্তেজনা দেশৰ বাবে মহা আপদ৷ ইয়াৰ ফলত সামাজিক শান্তি বিঘ্নিত হয় আৰু ইয়াৰ প্ৰভাৱ দেশত সৰ্বাত্মকভাৱে পৰে৷ বিশেষকৈ সংঘৰ্ষৰ পৰ্যায়লৈ গ’লে সাম্প্ৰদায়িক অসূয়াই দেশক ভয়ংকৰ বিপদলৈ ঠেলি দিব পাৰে৷ কিন্তু বিজেপিয়ে মুছলমান বিদ্বেষক এক ৰাজনৈতিক অস্ত্ৰৰ ৰূপ দিছে৷ ভাৰতৰ গৰিষ্ঠসংখ্যক হিন্দুৰ ভোট পাবলৈ মুছলমান আৰু কেতিয়াবা খ্ৰীষ্টান বিদ্বেষক সাৰপানী দিছে৷ ইয়াৰ ফলত বিজেপিৰ এটা বৃহৎ হিন্দু ভোটবেংক গঢ়ি উঠিছে৷ বিজেপিয়ে সকলো শক্তি প্ৰয়োগ কৰি এই ভোটবেংকটো অক্ষুণ্ণ ৰাখিব বিচাৰে৷ ইয়াৰ বাবে সময়ে সময়ে মুছলমানবিদ্বেষ বা ভীতি বিয়পাই থকাৰ প্ৰয়োজন, যাতে হিন্দু ভোটবেংকৰ কোনো হৰণ-ভগন নহয়৷ এই ভোটবেংকটোৱে বিজেপিক ক্ষমতাত অধিষ্ঠিত কৰা ৰখাটো হিন্দুত্বৰ স্বাৰ্থত নিতান্তই প্ৰয়োজনীয় বুলি পতিয়ন যায়, গতিকে আন সকলো কথা অপ্ৰাসংগিক হৈ পৰে৷
‘পাঠান’ নামৰ এখন মনোৰঞ্জনৰ বাবে নিৰ্মিত চিনেমাক লৈ শেহতীয়াভাৱে এনে এক বিদ্বেষ বিয়পোৱাৰ চেষ্টা চলিছে৷ চিনেমাখনৰ নায়ক শ্বাহৰুখ খান বিজেপিৰ প্ৰিয় নহয় আৰু নায়িকা দীপিকা পাড়ুকন জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ বিজেপিয়ে ভাল নোপোৱা এটা অনুষ্ঠানত অংশগ্ৰহণৰ পাছৰে পৰা বিজেপিৰ মতে ৰাষ্ট্ৰদ্ৰোহী ‘টুকৰে টুকৰে গেং’ৰ সদস্য৷ তদুপৰি চিনেমাখনত দীপিকাই গেৰুৱা ৰঙৰা অন্তৰ্বাস উদঙাই দেখুৱাইছে৷ এই ‘দেশদ্ৰোহিতা’ৰ বিৰুদ্ধে বিজেপিৰ সমৰ্থকসকল সৰৱ হৈ পৰিছে আৰু পাঠান হৈ পৰিছে হিন্দুত্ববাদী ভোটবেংকক একগোট কৰি ৰখাৰবাবে ব্যৱহাৰ কৰা এটা অস্ত্ৰ৷ বিৰোধীসকলে যিয়েই নকওক শেষ বিচাৰত পাঠান হ’ব বিজেপিক ৰাজনৈতিকভাৱে সহায় কৰা এটা উপাদান৷
পাঠান চাবলৈ আহ্ৱান জনোৱা তথাকথিত মুছলমানৰ ত্ৰাণকৰ্তাসকলৰ পদক্ষেপে বিজেপিক ভোট গোটোৱাত আৰু অধিক সহায় কৰিব৷ বিজেপিয়ে পাঠানৰ দৰে ছবি এখনক প্ৰথমতে দেশৰ বাবে, বিশেষকৈ হিন্দুৰ বাবে আপদ বুলি প্ৰতিষ্ঠা কৰি এতিয়া সেই আপদক ৰাজনৈতিক লাভৰ বাবে সুযোগৰূপে ব্যৱহাৰ কৰিছে৷ একেদৰে শেহতীয়াকৈ বিবিচিয়ে নৰেন্দ্ৰ মোদীৰ ওপৰত গুজৰাটৰ ২০০২ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষক লৈ নিৰ্মাণ কৰা তথ্যচিত্ৰখনৰ এতিয়ালৈ প্ৰচাৰিত দুটা খণ্ডকো বিজেপিয়ে ভাৰতৰ বিৰুদ্ধে আৰু মোদীৰ বিৰুদ্ধে অপপ্ৰচাৰ বুলি অভিহিত কৰিছে আৰু সেই তথ্যচিত্ৰখনৰ প্ৰচাৰ ভাৰতত ৰোধ কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাইছে৷ ইয়াৰ বিপৰীতে বিজেপি বিৰোধীয়ে এই তথ্যচিত্ৰখনৰ ৰাজহুৱা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে৷ এই তথ্যচিত্ৰখনে সৃষ্টি কৰা আপদটোক বিজেপিয়ে নিজৰ লাভ হোৱাকৈ সুযোগলৈ পৰিৱৰ্তন কৰাৰ বাবে সকলোখিনি কৰিছে৷ ইয়াক বিদেশী শক্তিৰ ভাৰতৰ বিৰুদ্ধে আৰু নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা অপপ্ৰচাৰ বুলি বিজেপিয়ে হিন্দুত্ববাদী ভোটবেংকক একত্ৰিত কৰি ৰখাৰ আন এটা শক্তিশালী অস্ত্ৰ লাভ কৰিলে৷
আপদবোৰক, ব্যৰ্থতাবোৰক নিজৰ বাবে আহুকালৰ সলনি একোটা সুযোগলৈ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত অন্ততঃ নিজৰ সমৰ্থকক এইক্ষেত্ৰত পতিয়ন নিওৱাৰ ক্ষেত্ৰত আন কোনেও এতিয়ালৈ বিজেপিৰ সমান দক্ষতা দেখুৱাব পৰা নাই৷






