Logo
image

বিটিআৰৰ পৰিসৰ বৃদ্ধি, কমতাপুৰ অদৃশ্য

আমাৰ অসম, ২৮ জানুৱাৰী: ২৬ জানুৱাৰী গ’ল কমতাপুৰ নহ’ল৷ অথচ পশ্চিম অসমৰ  কোচ-ৰাজবংশী জনগোষ্ঠীৰ একাংশ দল-সংগঠনে সজোৰে দাবী কৰিছিল যে ২৬ জানুৱাৰীত কোচ-ৰাজবংশী লোকৰ এটা দীঘলীয়া সপোন পূৰণ হ’ব৷ এনে দল-সংগঠনৰ নেতাৰ অপপ্ৰচাৰত ভোল গৈ জনগোষ্ঠীটোৰ একাংশ লোকে ২৬ জানুৱাৰীৰ দিনাখন কেন্দ্ৰীয় চৰকাৰে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ সিদ্ধান্ত ঘোষণা কৰিব  বুলি সপোন দেখিবলৈ আৰম্ভ কৰে৷ বিশেষকৈ দীৰ্ঘদিন ধৰি কমতাপুৰৰ দাবী সশস্ত্ৰ সংগ্ৰাম  চলাই থকা কে এল অৰ মুৰব্বী জীৱন  সিংহ ম্যানমাৰৰ পৰা আহি ভাৰতীয় সুৰক্ষা বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছতে কমতাপুৰৰ অপপ্ৰচাৰে অধিক গতি লাভ কৰে৷ কমতাপুৰৰ লাভৰ উল্লাসত এই সকল নেতা ইমানে আত্মহাৰা হৈ পৰে যে আনকি ‘কোচ ৰাজবংশী জনগোষ্ঠী অসমীয়া নহয়’, ‘আমি কোনোদিনে অসমীয়া নাছিলোঁ ইচ্ছাৰ বিৰুদ্ধে আমি অসমত আছো’ আদিধৰণৰ বিভাজনমুখী মন্তব্য ৰাজহুৱাভাৱে  ক’বলৈ আৰম্ভ কৰে৷ অৱশ্যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ২৬ জানুৱাৰীৰ পূৰ্বে কমতাপুৰৰ দাবী স্পষ্টভাৱে নৎসাত কৰি কৈছিল যে জীৱন সিংহ বহুদিন পিছত অসমলৈ আহিছে৷ তেওঁ কিছুদিন বিশ্ৰাম লওক৷ অসমখন ঘুৰি ফুৰক৷ অলপ বুজক৷ আলোচনা কৰা মানুহে আলোচনা কৰি থাকিব৷ চৰকাৰী তথ্য অনুসৰি অসুস্থতাৰ সূত্ৰে গৃহ মন্ত্ৰণালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত জীৱন সিংহক গুৱাহাটীৰ ওচৰতে নিৰাপত্তা বাহিনীৰ চাউনীত প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰি থকা হৈছে৷ এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে কমতাপুৰ গঠন বা জীৱন সিংহ নেতৃত্বাধীন কে এল আৰ সৈতে শান্তি আলোচনা প্ৰক্ৰিয়া তাৎক্ষনিকভাৱে আৰম্ভ কৰাৰ ক্ষেত্ৰত বিশেষ তৎপৰতা প্ৰদৰ্শন কৰা নাই৷ কেন্দ্ৰীয় চৰকাৰৰ নীতি অনুসৰি প্ৰথমে দুয়োজনৰ মাজত অস্ত্ৰবিৰতিৰ চক্তি স্বাক্ষৰ হ’ব৷ তাৰ পিছত কে এল আই আত্মসমৰ্পণ কৰিব লাগিব তেওঁলোকৰ ওচৰত মজুত থকা অস্ত্ৰশস্ত্ৰ সহ৷ তাৰ পিছত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অনুমতি সাপেক্ষে আলোচনাৰ মাডলিটিজ চূড়ান্ত হ’ব৷ ইয়াৰ পিছতেই লাহে লাহে আৰম্ভ হ’ব শান্তি আলোচনাৰ প্ৰক্ৰিয়া৷ শান্তি আলোচনাৰ মেজতহে চূড়ান্ত হ’ব কমতাপুৰৰ ভাগ্য ৷ কে এল অই দাবী কৰা ধৰণে অসম, পশ্চিমবংগ আৰু বিহাৰৰ বৃহৎ অংশক কাটি কমতাপুৰ ৰাজ্য গঠনত কেন্দ্ৰীয় চৰকাৰ সন্মত হয় নে নাই সেইটো চূড়ান্ত হ’ব আলোচনাৰ মেজতহে৷ এই পৰ্যায়টো লৈ যাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব৷ সেয়ে ২৬ জানুৱাৰীত কমতাপুৰ গঠনৰ সিদ্ধান্ত ঘোষণাৰ কথা সম্পূৰ্ণ ৰূপে যে উদ্দেশ্য প্ৰণোদিতভাৱে অপপ্ৰচাৰ চলোৱা হৈছিল সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ উল্লেখ্য যে পশ্চিম অসমৰ ছয় খন জিলা ক্ৰমে ধুবুৰী, কোক্‌ৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা আৰু দক্ষিণ শালমৰা মানকাচৰ জিলা কে এল অৰ প্ৰস্তাৱিত কমতাপুৰৰ অন্তৰ্ভুক্ত হৈ আছে৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ একাংশ দল-সংগঠনে এই ৬ খন জিলাক অসমৰ পৰা ফালৰি কাটি কে এল অৰ কমতাপুৰ ৰাজ্যগঠনৰ প্ৰস্তাৱক মুকলি সমৰ্থন জনাই আছে৷ অসমৰ ৬ খন জিলাৰ উপৰিও পশ্চিমবংগৰ কোচ বিহাৰ, দাৰ্জিলিঙ, জলপাইগুৰী, উত্তৰ আৰু দক্ষিণ  দিনাজপুৰ জিলা কমতাপুৰৰ অন্তৰ্ভুক্ত হ’ব লাগে বুলি কে এল অই দাবী কৰি আহিছে৷ আনকি নেপালৰ ঝাপা কমতাপুৰৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰি ৰাখিছে কে এল অই৷ উত্তৰ বংগৰ বাসিন্দা জীৱন  সিংহৰ সৈতে এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে প্ৰত্যক্ষ আলোচনাত বহা নাই৷ ফলত ২৬ জানুৱাৰী অতিক্ৰম কৰাৰ পিছত এতিয়া আশাহঁত হৈ পৰিছে শীঘ্ৰে কমতাপুৰ গঠনৰ সপোন দেখুওৱা জনগোষ্ঠীটোৰ একাংশ দল-সংগঠন আৰু ব্যক্তি বিশেষ৷ এক কথাত ক’বলৈ গ’লে অসম তথা দিল্লীৰ ৰাজনৈতিক দৃশ্যটোৰ পৰা যেন ক্ৰমাৎ অদৃশ্য হৈ পৰিল কমতাপুৰ৷ কে এল অৰ জন্মদাতা আলফাত ইতিমধ্যে অসমৰ পৰা ফালৰি কাটি কমতাপুৰ গঠনৰ মুকলি বিৰোধীতা কৰি ভূটানৰ শিবিৰত সংগঠন দুটাৰ মাজত স্বাক্ষৰিত চুক্তিৰ কথা সোঁৱৰাই দিছে৷ কে এল অই বি টি আৰৰ অন্তৰ্গত কোকৰাঝাৰ আৰু চিৰাং জিলা তথা ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত গোৱালপাৰা জিলাকো কমতাপুৰৰ অন্তৰ্গত বুলি দাবী কৰিছে যদিও এই ক্ষেত্ৰত যথেষ্ট সাংবিধানিক বাধ্যবাধকতা আছে৷ পশ্চিমবংগৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু দেশৰ লোকসভাৰ নিৰ্বাচনত জীৱন সিংহক বিজেপি দল আৰু চৰকাৰে পশ্চিমবংগত ট্ৰাম্প কাৰ্ড হিচাপে যে ব্যৱহাৰ কৰিব সেয়ে স্পষ্ট হৈ পৰিছে৷

জীৱন সিংহৰ সৈতে শীঘ্ৰে শান্তি চুক্তিৰ দাবী আক্ৰাছুৰ

আজি বঙাইগাঁও প্ৰেছ ক্লাবত আক্ৰাছুৰ দুই গোটে [বলোৰাম গোট আৰু ক্ষিতিশ গোট] যৌথভাৱে সংবাদ মেলৰ আয়োজন কৰে৷  আগন্তুক ৫১৩ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস ধুবুৰী জিলাৰ শালকোচাত দুই আক্ৰাছুৱে যৌথভাৱে ৫ ফেব্ৰুৱাৰীত উদ্‌যাপন কৰা হ’ব বুলি আজিৰ সংবাদ মেলযোগে জনোৱা হয়৷ সংবাদ মেলত আক্ৰাছুৰ দুই গোটৰ নেতৃবৃন্দই বিশ্ব মহাবীৰ চিলাৰায়ৰ জয়ন্তী উদ্‌যাপনত আমাৰ স্ব-গোষ্ঠীও বিভিন্ন ভাগ ভাগ হৈ থকা দল-সংগঠনসমূহক মতভেদ এৰি জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত সহযোগিতা কৰাৰ কাৰণে আহ্ৱান জনায়৷ লগতে কোৱা হয় যে, আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত বিভিন্ন সময়ত বিভিন্ন গণতান্ত্ৰিক আন্দোলন কৰি আহিছোঁ কিন্তু আজিলৈকে অসম তথা ভাৰত চৰকাৰে আমাৰ দাবীসমূহ পুৰণ নকৰিলে৷ কালি গণৰাজ্য দিৱসৰ দিনা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব সৰ্মাই বিটিআৰৰ ৪৫খন গাঁও নতুনকৈ অন্তৰ্ভুক্ত কৰাৰ কথা যি ঘোষণা কৰিছে এই পদক্ষেপক আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ৷ অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ বিটিআৰত অন্তৰ্ভুক্তিৰ কথাহে ভাবে আৰু কত্তৰ্নৰ কথা কেতিয়াও নাভাবে৷ এয়া একপক্ষীয় সিদ্ধান্ত বুলিও মন্তব্য কৰা হয় সংবাদ মেলত৷ লগতে কোৱা হয় যে, ইতিমধ্যে বিটিআৰত গাঁও অন্তৰ্ভুক্ত আৰু কত্তৰ্ন আয়োগক অ-জনজাতীয় সীমামূৰীয়া গাঁওসমূহ কৰ্তনৰ বাবে স্মাৰক-পত্ৰ দাখিল কৰিছিলোঁ কিন্তু আজিলৈকে কোনোধৰণৰ কাৰ্যকৰী নহ’ল আনকি তাৰ বিপৰীত ছবিহে দেখা পালোঁ৷ অতি কমসময়ৰ ভিতৰত কোচ ৰাজবংশী অধ্যুষিত সীমামূৰীয়া অঞ্চলসমূহ কৰ্তন কৰিব লাগে লগতে কোচ ৰাজবংশী জনগোষ্ঠীটোক ৫ ফেব্ৰুৱাৰী বিশ্ব মহাবীৰ চিলাৰায়ৰ জয়ন্তী পৱিত্ৰ দিনটোতে যাতে জনজাতিকৰণ কৰে তাৰ কাৰণে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আহ্ৱান জনোৱা হয় সংবাদ মেলযোগে৷ কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ নামত বৰ্তমানৰ চৰকাৰখনে যি ভেঁকোভাওনা তথা প্ৰতাৰণা কৰিলে এইকাৰ্য বন্ধ কৰিবলৈ আহ্ৱান জনোৱা হয় অন্যথা ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ইয়াৰ ফল ভুগিব লাগিব বুলিও জনোৱা হয়৷ ১৭ জানুৱাৰীত তিনিটা দশক ধৰি জাতিটোৰ ন্যায্যপ্ৰাপ্তি আদায়ৰ কাৰণে হাতত অস্ত্ৰ তুলি লোৱা কেএলঅ’ সংগঠনৰ অধ্যক্ষ জীৱন সিংহই যি শান্তি চুক্তি আলোচনাত অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে মাতি আনিছে পদক্ষেপক আদৰণি জনোৱা হয়৷ শান্তি চুক্তিৰ জৰিয়তে সমস্যা সমাধান বিচৰা হৈছে যদিও কিন্তু খুবেই দুখৰ কথা যে বৰ্তমান জীৱন সিংহৰ লগত শান্তি চুক্তি কি হৈ আছে আৰু তেওঁক কেনেকৈ ৰাখিছে কোনো জ্ঞাত নহয়৷ সংবাদ মেলৰ জৰিয়তে সংগঠনটোৱে অসম তথা ভাৰত চৰকাৰক দাবী জনাই কোৱা হয় যে, অতি কমসময়ৰ ভিতৰত কেএলঅ’ৰ অধ্যক্ষ জীৱন সিংহৰ লগত শান্তি চুক্তি কৰি এক ৰাজনৈতিক সমাধানৰ ব্যৱস্থা কৰে যেন৷