Logo
image

কোনোবাই ফটকা ফুটালেই বিটিআৰত গাঁও নোসোমায়

আমাৰ অসম, ২৮ জানুৱাৰী:  বিটিআৰত নতুন গাঁও অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত নিজৰ দলৰে চৰকাৰক সমালোচনা কৰিলে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই৷ ক্ষুব্ধ বিধায়কজনে আজি চাৰিদুৱাৰত গাঁও অন্তৰ্ভুক্তৰ বিৰুদ্ধে কৰা প্ৰতিবাদকাৰীক আশ্বাস দি কয় যে ‘কোনোবাই ফটকা ফুটালেই গাঁও অন্তৰ্ভুক্ত নহয় বিটিআৰত৷ আন্দোলনকাৰী কোনোবাই গোটেই শোণিতপুৰ জিলাখন বিচাৰিব পাৰে, কিন্তু পাব নেকি! চাৰিদুৱাৰ কোনো কাৰণতে বিটিআৰত অন্তৰ্ভুক্ত হ’বলৈ দিয়া নহ’ব৷ ইতিমধ্যে এই কথা চৰকাৰক জনাইছো৷ মই এই প্ৰতিবাদস্থলীৰ পৰা বাহিৰে বাহিৰে দিছপুৰলৈ গৈ আছো৷ দুদিনৰ ভিতৰত নটিফিকেশ্বন সন্দৰ্ভত সকলো কথা স্পষ্ট কৰিম৷ ‘মই ৰাইজৰ লগত আছোঁ  আৰু থাকিম৷ চাৰিদুৱাৰ বিটিআৰত অন্তৰ্ভুক্তিৰ বিৰুদ্ধে মই ষ্টেণ্ড দিম৷’ ইফালে প্ৰতিবাদস্থলীত বিধায়ক পদ্ম হাজৰিকাৰ বিৰুদ্ধে ক্ষোভ উজাৰি একাংশ প্ৰতিবাদকাৰীয়ে আজি এনেদৰে কয়– ‘আমাৰ ফৰেষ্ট ভিলেজৰ মাটি ম্যাদি পট্টা কৰিবৰ  বাবে আমি ৫০, ১০০ টকাকৈ তুলি পদ্ম হাজৰিকাক হাতত দিছিলো৷ তেওঁ আমাক আশ্বাস দিছিল যে দিল্লীত গৈ আমাৰ মাটি ম্যাদি কৰি আনিব৷ গাঁৱে গাঁৱে আহি আমাৰ চহীবোৰ লৈ তেওঁ শুই থাকিলে৷ এই কাগজবোৰ গাৰুৰ তলত থৈ দিলে৷ আজি আমি মাটি-ভেটি নথকা অবড়োৱে হৈ থাকিলো৷ বিজেপি চৰকাৰে আমাক বিশ্বাসঘাটকতা কৰিলে৷ আজি আমাক ঘটিয়ে ঘটিয়ে পানী খুৱাইছে পদ্ম হাজৰিকাই৷ পদ্ম হাজৰিকাই মাটিৰ পট্টা, চাকৰি দিম বুলি কৈ আমাক বিটিআৰ দিলে৷ আজি বিজেপিয়ে বিটিআৰৰ নামত সাতামপুৰুষীয়া বড়ো, নেপালী, মিছিং, অসমীয়া, আদিবাসীৰ মাজত ভাঙোন আনিছে৷’

বিটিআৰৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়লৈ যাব আন্তঃৰাষ্ট্ৰীয় কোচ ৰাজবংশী সংস্থা

কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে জাতীয় সংগঠন বা সশস্ত্ৰ সংগঠনৰ লগত শান্তিচুক্তি স্বাক্ষৰ কৰে সেই শান্তি চুক্তিৰ দফাসমূহ কাৰ্যকৰী কৰাটো চৰকাৰৰ দায়িত্ব৷ চুক্তিৰ প্ৰতিটো দফাই কাৰ্যকৰী কৰি তাত বাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ নিৰাপত্তা সুনিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব৷ বুধবাৰে ৭৪সংখ্যক গণৰাজ্য দিৱসৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২০ চনৰ ২৭ জানুৱাৰীত স্বাক্ষৰ হোৱা বিটিআৰ চুক্তি কাৰ্যকৰী কৰাত যি পদক্ষেপ লৈছে তাত আন্তঃৰাষ্ট্ৰীয় কোচ ৰাজবংশী সংস্থাই আদৰণি জনাইছে৷ কিন্তু পৰিতাপৰ বিষয় এই যে, শান্তি চুক্তিৰ ৩ নং দফাত ২ নং অনুচ্ছেদত সংখ্যাগৰিষ্ঠ থকা অনাবড়ো গাঁওসমূহ কৰ্ত্তন কৰাৰ কথা স্পষ্টকৈ উল্লেখ আছে৷ সেই চুক্তি কাৰ্যকৰী কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় কোচ ৰাজবংশী সংস্থাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক দিল্লীৰ কাৰ্যালয়ত উপস্থিত হৈ ২০২২ চনৰ ২০ ছেপ্টেম্বৰত বিটিআৰ চুক্তিমতে অনাবড়ো গাঁও কৰ্ত্তন কৰিবলৈ এখন স্মাৰক-পত্ৰ প্ৰদান কৰিছিল আন্তঃৰাষ্ট্ৰীয় কোচ ৰাজবংশী সন্থা চমুকৈ ইকৰাৰ সভাপতি ভৰ্দেশ্বৰ বৰ্মনে৷ সংবাদ মাধ্যমলৈ প্ৰেৰিত প্ৰেছ বিবৃতিত ইকৰাৰ সভাপতি ভৰ্দেশ্বৰ বৰ্মনে কয় যে, ২০২২ চনৰ ৭ অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ মুখ্য সচিবক স্মাৰক-পত্ৰ প্ৰদান কৰিছিল যদিও কোনোধৰণৰ সহাঁৰি নোপোৱাত আকৌ একেবৰ্ষৰ ২৩ ডিচেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, পূৰ্বৰ অসমৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় গৃহ সচিব, অসমৰ মুখ্য সচিব, বিটিআৰপ্ৰধান প্ৰমোদ বড়োৰ লগতে চুক্তি স্বাক্ষৰকাৰী আন আন সকলোকে বিটিআৰৰ পৰা অনাবড়ো সংখ্যাগৰিষ্ঠ বসতিপ্ৰধান গাঁও বিটিআৰৰ পৰা কত্তৰ্ন কৰি অনাবড়োসকলৰ মৌলিক অধিকাৰ, ভূমিৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ নিশ্চিত কৰাৰ দাবী জনায় স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছিল৷ কিন্তু দুৰ্ভাগ্য এই যে, একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অনাবড়োসকলৰ আশা-আকাংক্ষাত চেঁচাপানী ঢালি একমাত্ৰ বিটিআৰৰ বাহিৰত থকা বড়োসকলৰ গাঁওসমূহ বিটিআৰত অন্তৰ্ভুক্ত কৰা বুলি ঘোষণা কৰাত আন্তঃৰাষ্ট্ৰীয় কোচ ৰাজবংশী সংস্থাই আশ্ৱৰ্য প্ৰকাশ কৰে৷ লগতে যদি ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিটিআৰৰ পৰা অনাবড়ো গাঁওসমূহ কত্তৰ্ন নকৰে তেন্তে আন্তঃৰাষ্ট্ৰীয় কোচ ৰাজবংশী সংস্থাই বিটিআৰৰ বিৰূদ্ধে দেশৰ উচ্ছতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিব বুলিও বিবৃতিটোত প্ৰকাশ কৰিছে৷