Logo
image

ন্যায়ালয়ত আৱেদন খাৰিজ, অসম চৰকাৰক সকাহ

আমাৰ অসম, ২৮ জানুৱাৰী: ভুৱা এনকাউণ্টাৰ সম্পৰ্কীয় এটা গোচৰত অসম চৰকাৰক সকাহ দিলে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ ভুৱা এনকাউণ্টাৰ সম্পৰ্কীয় এটা গোচৰত অভিযোগকাৰীয়ে আদালতত পতিয়নযোগ্য নথি দাখিল কৰিব নোৱৰা বাবে গুৱাহাটী উচ্ছ ন্যায়ালয়ে আবেদনখন খাৰিজ কৰে৷ দিল্লীৰ আৰিফ মহম্মদ য়াছিন জোৱাদ্দাৰ নামৰ এজন লোকে দাখিল কৰা ৰাজুহুৱা স্বাৰ্থজড়িত আৱেদনৰ ভিত্তিত ৰুজু কৰা ৮৬/২০২১ নম্বৰৰ গোচৰৰ দীঘলীয়া শুনানি গ্ৰহণ কৰি আৱেদনখন খাৰিজ কৰে৷ আৱেদনকাৰীজনে ভুৱা এনকাউণ্টাৰৰ ঘটনা সন্দৰ্ভত চিবিআই বা  উচ্ছ পৰ্যায়ৰ তদন্তৰ আৰ্জিৰে উচ্ছ ন্যায়ালয়ত আৱেদন জনাইছিল জোৱাদ্দাৰে৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যাম আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰি আৱেদনখন খাৰিজ কৰে৷ বিচাৰপীঠখনে অভিযোগকাৰীক ৰাজ্যৰ ১৭১খন বিভিন্ন থানাৰ আৰক্ষীৰ বিৰুদ্ধে কৰা গোচৰৰ এফ আই আৰ আৰু তদন্তৰ প্ৰতিবেদন ইমেইলযোগে প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে৷ আৱেদনকাৰীয়ে ২০২১ চনৰ পৰা  মে’ৰ পৰা ২০২২ চনৰ জানুৱাৰীপৰ্যন্ত ৮০টা ভুৱা এনকাউণ্টাৰ সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল৷ এনে ভুৱা এনকাউণ্টাৰৰ ফলত ২৮জন লোক মৃত্যুমুখত পৰা, ৪৮জনতকৈ অধিক লোক আহত হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল জোৱাদ্দাৰে৷ উক্ত অভিযোগৰ সমৰ্থনত ভুৱা এনকাউণ্টাৰৰ ফলত নগাঁৱত এজন ছাত্ৰনেতা মৃত্যুমুখত পৰা ঘটনা সন্দৰ্ভত আদালতক অৱগত কৰোৱা হৈছিল৷ গৃহ বিভাগে ভুৱা এনকাউণ্টাৰত জড়িত আৰক্ষীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল৷ কিন্তু এই সকলো অভিযোগ সন্দৰ্ভত অভিযোগকাৰীয়ে আদালতক উপযুক্ত তথ্য যোগান ধৰিব নোৱৰা বাবে খাৰিজ কৰা হয় আবেদনখন৷ স্মৰ্তব্য যে ভুৱা এনকাউণ্টাৰৰ গোচৰক লৈ কাৰ্যতঃ বিপদৰ সন্মুখীন হৈছিল অসম চৰকাৰৰ গৃহ বিভাগ৷ আদালতে আৱেদনখন খাৰিজ কৰাৰ পাছতেই সকাহ লাভ কৰে ৰাজ্য চৰকাৰে৷