Logo
image

কেন্দ্ৰত পৰৱৰ্তী চৰকাৰ হয়তো বিজেপিৰ, কিন্তু ...

আমাৰ অসম, ২৮ জানুৱাৰী: কেন্দ্ৰত পৰৱৰ্তী চৰকাৰ হয়তো বিজেপিয়ে গঠন কৰিব৷ কিন্তু বিজেপি নেতৃত্বাধীন এনডিএ শিৱিৰে পূৰ্বতকৈ আসন কম পাব৷ শেহতীয়া এক সমীক্ষাই এই ইংগিত প্ৰদান কৰিছে৷ যাক লৈ এতিয়া কিছু হ’লেও শংকিত হৈ পৰিছে গেৰুৱা শিৱিৰৰ লগতে বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁট৷ উল্লেখ্য যে লোকসভা নিৰ্বাচনলৈ আৰু প্ৰায় ১৫ মাহ বাকী৷ এনে অৱস্থাত নিৰ্বাচনী যুঁজক লৈ ইতিমধ্যে ৰণনীতি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে শাসক-বিৰোধী দুয়োটা শিৱিৰ৷ ইয়াৰ মাজতে এনডিএৰ তৰফৰ পৰা ঘোষণা কৰা  হৈছে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো নৰেন্দ্ৰ মোদীয়েই এনডিএ শিৱিৰৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হ’ব৷ তদুপৰি বিজেপিয়ে নিৰ্বাচনী যুঁজখনৰ প্ৰতি  লক্ষ্য ৰাখি ইতিমধ্যে বিভিন্ন ধৰণৰ জনসংযোগ কাৰ্যসূচীও গ্ৰহণ কৰিছে৷ কিন্তু নিৰ্বাচনৰ বাবে গেৰুৱা শিৱিৰে চলোৱা তৎপৰতাৰ মাজতে চলা  সমীক্ষাটোৰ মতে এই মুহূৰ্তত যদি দেশত নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে বিজেপি তথা এনডিএ মিত্ৰজোঁটে হেৰুৱাব লাগিব বহুসংখ্যক আসন৷ স্মৰ্তব্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত এনডিএ মিত্ৰজোঁটে ৩৪০ খনৰো অধিক আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু দেশজুৰি শেহতীয়াকৈ চলোৱা সমীক্ষাটোত কোৱা হৈছে যে আজিৰ তাৰিখত যদি দেশত নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে এনডিএ মিত্ৰজোঁটে ৩০০ তকৈও কম আসনহে লাভ কৰিব৷ সমীক্ষাটোত এইবুলিও কোৱা হৈছে যে এই মুহূৰ্তত নিৰ্বাচন হ’লে এনডিএ-ই ২৯৮খন আসনতে সন্তুষ্ট থাকিব লাগিব৷ তদুপৰি দল হিচাপে বিজেপিয়েও ভালেসংখ্যক আসন হেৰুৱাবলগীয়া হ’ব বুলি কোৱা হৈছে৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী শিৱিৰ ইউপিএ মিত্ৰজোঁটৰ আসনৰ সংখ্যা পূৰ্বতকৈ বহু বেছি হ’ব পাৰে বুলি উল্লেখ কৰা হয়৷ ২০১৯ত ইউপিএ শিৱিৰে ৯০ খনতকৈ কেইখনমানহে বেছি আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু শেহতীয়া সমীক্ষাটোৰ মতে এইবাৰৰ নিৰ্বাচনত ইউপিএ শিৱিৰে ডেৰশতকৈ অধিক আসন লাভ কৰিব৷ ইউপিএ শিৱিৰে লাভ কৰিবলগীয়া আসনৰ সংখ্যা ১৫৩ স্পৰ্শ কৰিব পাৰে বুলিও কোৱা হৈছে৷ সমীক্ষাটোৰ মতে ইয়াৰে ৯১খন আসনতে কংগ্ৰেছে জয়লাভ কৰাৰ সম্ভাৱনা আছে৷ অন্যান্যৰ হাতলৈ যাব প্ৰায় ৯২খন আসন৷ তাৎপৰ্যপূৰ্ণ যে ৯ বছৰ ক্ষমতাত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ জনপ্ৰিয়তা  অটুট ৰাখিবলৈ সক্ষম হৈছে যদিও এনডিএ শিৱিৰৰ জনপ্ৰিয়তা হ্ৰাস পোৱাটো গেৰুৱা শিৱিৰৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে৷ সমীক্ষাটোৰ মতে দেশৰ ৬৭ শতাংশ নাগৰিকে নৰেন্দ্ৰ মোদীকেই পুনৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে যদিও এই মুহূৰ্তত নিৰ্বাচন অনুষ্ঠিত হ’লে বিজেপিয়ে ৪৩ শতাংশ ভোটহে লাভ কৰিব৷  যিটো ২০১৯ চনৰ নিৰ্বাচনত লাভ কৰা ভোটৰ হাৰতকৈ ২ শতাংশ কম৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ শিৱিৰে ৩০ শতাংশ ভোট লাভ কৰাৰ আশা কৰা হৈছে সমীক্ষাটোত৷ আনহাতে অন্যান্যৰ হাতলৈ প্ৰায় ২৭ শতাংশ ভোট যোৱাৰ সম্ভাৱনা আছে৷ সেইদৰে বিজেপি বিৰোধী  দলসমূহে একত্ৰিত হৈ যদি যোগ্য কোনো এজনক নেতা হিচাপে মোদীৰ বিপৰীতে থিয় কৰায় তেন্তে গেৰুৱা শিৱিৰ অৰ্থাৎ বিজেপি দলটো চাপত পৰাৰ সম্ভাৱনা আছে বুলিও সমীক্ষাটোত উল্লেখ কৰা হয়৷ সমীক্ষাটোৰ মতে বিৰোধী শিৱিৰৰ নেতা হিচাপে এই মুহূৰ্তত কংগ্ৰেছৰ ৰাহুল গান্ধীতকৈ তৃণমূলৰ মমতা বেনাজ¹ আৰু আম আদমি পাৰ্টীৰ অৰবিন্দ কেজৰিৱাল বেছিভাগ লোকৰ পছন্দ৷ ২৮ শতাংশ লোকৰ মতে বিৰোধী শিৱিৰৰ নেতা হিচাপে অৰবিন্দ কেজৰিৱালহে মোদীৰ প্ৰত্যাহ্ৱান হ’ব পাৰে৷ আন ২০ শতাংশই আকৌ বিৰোধী নেতা হিচাপে বিচাৰিছে তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীক৷ ইপিনে বিৰোধী দলসমূহৰ মতে নিৰ্বাচন যিমানেই আগুৱাই আহিব দেশত চৰকাৰ বিৰোধী ক্ষোভ সিমানেই বৃদ্ধি পাব৷ জনসাধাৰণৰ এই ক্ষোভক বিৰোধী দলসমূহে বিজেপিৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে কামত লগাব৷