Logo
image

ৰাজ্যত ২ লাখ ৩০ হাজাৰজন ভোটাৰ বৃদ্ধি

আমাৰ অসম, ২৮ জানুৱাৰী: ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে আজি প্ৰকাশ কৰিছে ২০২৩ বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা৷ পহিলা জানুৱাৰী ২০২৩ লৈ প্ৰকাশ কৰা এই চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ৰাজ্যৰ মুঠ ভোটাৰ হৈছে ২ কোটি ৪১ লাখ ১১ হাজাৰ ৭৪৩ জন৷ ইয়াৰে ১ কোটি ১৯ লাখ ৮২ হাজাৰ ৮০৪গৰাকী মহিলা আৰু ৰ কোটি ২১ লাখ ২৮ হাজাৰ ৫৪৩ জন পুৰুষ৷ তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে ৩৯৬গৰাকী৷ প্ৰতি ১ হাজাৰ লোকৰ বিপৰীতে ভোটাৰৰ সংখ্যা ৬৩৮গৰাকী৷ প্ৰতি ১ হাজাৰ পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ৯৮৮গৰাকী৷ ১৮১ পৰা ১৯ বছৰ বয়সৰ নতুন ভোটাৰৰ সংখ্যা ৪ লাখ ৰ হাজাৰ ৫৭১ গৰাকী৷ ৰাজ্যত ৮০ ঊধবৰ্ৰ ভোটাৰৰ সংখ্যা ৩ লাখ ১১ হাজাৰ ৩২গৰাকী৷ বিশেষভাৱে সক্ষম ভোটাৰ ১ লাখ ৬৯ হাজাৰ ৫৭৩ গৰাকী৷ উল্লেখ্য যে বিগত বৰ্ষৰ ৯ নৱেম্বৰত প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকা অনুসৰি ৰাজ্যত মুঠ ভোটাৰৰ সংখ্যা আছিল ২৩৮৮১৯৬ জন৷ সেই হিচাপে মুঠ ভোটাৰৰ সংখ্যা ২,৩০,৫৪৭ জন বৃদ্ধি পালে৷ গুৱাহাটীৰ চাৰিটা বিধানসভা সমষ্টিৰ ভিতৰত দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা ৪,২৩,৩০৭ জনলৈ বৃদ্ধি পালে৷ এয়া ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ইয়াৰ পাছতে পশ্চিম গুৱাহাটী সমষ্টিৰ ভোটাৰ ৩০৫৯৮০ জনলৈ বৃদ্ধি পালে৷ পূব গুৱাহাটী সমষ্টিৰ ভোটাৰ বৃদ্ধি পালে ২৪৩২৩২ জনলৈ, জালুকবাৰী সমষ্টিৰ ভোটাৰ বৃদ্ধি পালে ২০৬৯৪৮ জনলৈ৷ গুৱাহাটী লোকসভা সমষ্টিৰ মুঠ ভোটাৰ হ’লগৈ ১১,৭৯,৪৬৭ জন৷