Logo
image

মাৰ্কিন সংস্থাৰ নেতিবাচক ৰিপ’ৰ্ট, আদানি সাম্ৰাজ্যত পতন

আমাৰ অসম, ২৮ জানুৱাৰী: সম্পূৰ্ণ আৰ্থিক বিপৰ্যয়ৰ সন্মুখত থিয় হৈ আছে আদানী গ্ৰূপৰ কোম্পানী বিলাক৷ ঋণৰ বোজাত যিজনে মুহূৰ্তত পতন ঘটিব পাৰে আদানীৰ ব্যৱসায়ীক সাম্ৰাজ্য৷ দ্ৰুতভাৱে হ্ৰাস পাব ধৰিছে শ্বেয়াৰৰ শূন্য৷ বিগত সপ্তাহত হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ নামৰ মাৰ্কিন সংস্থাটোৱে ৰাজহুৱা কৰিছিল আদানীৰ ব্যৱসায়ীক সাম্ৰাজ্য পতনৰ  এক বিস্তৃত প্ৰতিবেদন৷ এই নেতিবাচক প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছতে আদানী গ্ৰূপৰ ৭টা কোম্পানীৰ শ্বেয়াৰৰ মূল্য অভাবনীয়ভাবে হ্ৰাস পায়৷ প্ৰায় দুবছৰ ধৰি গৱেষণা কৰাৰ অন্তত হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে ১০৬ পৃষ্ঠাৰ এই বৃহৎ প্ৰতিবেদন ৰাজহুৱা কৰে৷ শ্বেয়াৰৰ মূল্য অভাবনীয়ভাৱে হ্ৰাস পোৱাৰ ফলত বুধবাৰৰ দিনটোতে আদানীৰ মুঠ সম্পত্তিৰ মূল্য ৬০০ কোটি ডলাৰ কমি যায়৷ শ্বেয়াৰ বজাৰত জালিয়তি কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে আদানী গ্ৰূপৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পায়৷ বিশ্বৰ তৃতীয় ধনী লোক হিচাপে বিবেচিত আদানীৰ মুঠ সম্পত্তিৰ মূল্য প্ৰায় ১২ হাজাৰ কোটি ডলাৰ৷ অষ্ট্ৰেলিয়াৰ কয়লাখনিৰ পৰা ভাৰতৰ বন্দৰ পৰ্যন্ত সকলোতে ব্যৱসায়ীক সাম্ৰাজ্য গঢ়ি তুলিছে আদানীয়ে৷ হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে দাবী কৰিছে আৰ্থিক অৱস্থা আৰু সচ্ছতা অটুট ৰখাৰ স্বাৰ্থত অপ্ৰক্যাশিত লেনদেন আৰু উপাৰ্জনৰ খেলিমেলি কৰাৰ অনেক উদাহৰণ আছে আদানী গ্ৰূপৰ বিৰুদ্ধে৷ এনে অভিযোগৰ ফলত দুদিনত আদানী গ্ৰূপে হেৰুৱাবলগীয়া হয় প্ৰায় ৪,১৭,৮২৪.৭৯ কোটি টকা৷ শুকুৰবাৰে শ্বেয়াৰ বজাৰত আদানী এণ্টাৰপ্ৰাইজে ১৮ শতাংশ, আদানী পোৰ্টে ১৬ শতাংশ, আদানী ট্ৰেন্সমিছন আৰু আদানী গ্ৰীণ এনাৰ্জীয়ে ১৯.৯৯ শতাংশ, আদানী গেছে ২০ শতাংশ আৰু আদানী পাৱাৰে ৫ শতাংশ লোকচানৰ সন্মুখীন হয়৷ এনেদৰে প্ৰতিদিনে লাখ লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱাৰ ফলত বিনিয়োগকাৰীৰ পৰা তীব্ৰ হেচাৰ সন্মুখীন হৈছে আদানী গ্ৰূপে৷ ইতিমধ্যে হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ আৰু আদানী গ্ৰূপৰ মাজত এই প্ৰতিবেদন খনক কেন্দ্ৰ কৰি অব্যাহত আছে অভিযোগ প্ৰতি অভিযোগৰ৷ আজিৰ তাৰিখত গৌতম আদানীয়ে যি স্পৰ্শকাতৰ পৰিস্থিতিৰ সন্মুখীন হৈছে তাক কেন্দ্ৰ কৰি ধুমুহাৰ সৃষ্টি হৈছে দেশৰ বাণিজ্যিক মহলত৷