Logo
image

ভাস্কৰজ্যোতি মহন্তৰ 'বুদ্ধৰ হাতৰ সৰিয়হমুঠি' উন্মোচন

ডিজিটেল সংবাদ, গুৱাহাটীঃ নিজৰ কৰ্মৰাজিৰ দ্বাৰা কেনেকৈ এখন সুন্দৰ সমাজ আমি গঢ়িব পাৰোঁ তাৰে চিন্তা কৰিব লাগে- এইদৰে কয় অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক ড০ ধ্ৰুৱজ্যোতি বৰাই। গুৱাহাটী টাউন ক্লাৱত শনিবাৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ নৱতম গ্ৰন্থৰ অন্যতম উন্মোচকৰ বক্তব্যত তেওঁ লগতে কয়, 'বুদ্ধৰ হাতৰ সৰিয়হমুঠি' নামটো সুন্দৰ হৈছে। এই গ্ৰন্থখনত ভাস্কৰ জ্যোতি মহন্তই সৰহভাগ শ্বহীদ আৰক্ষীৰ কথা লিখিছে। যিসকলে কৰ্তব্যৰ খাতিৰত নিজৰ জীৱন বিসৰ্জন দিছিল। আধুনিক ড্ৰাগছৰ পৰ্ব আৰম্ভ হোৱাৰ সময়ত ভাস্কৰ জ্যোতি মহন্তই বহু কষ্ট কৰি এটা প্ৰৱন্ধ লিখিছিল। এইখন গ্ৰন্থই আৰক্ষী আৰু জনগণৰ মাজত বুজাবুজি, যোগসূত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব। পাঠক সমাজে এইগ্ৰন্থখন পঢ়ি ভাল পাব, আদৰি ল'ব বুলি আশা কৰিলোঁ।'

সভাত আন এজন উন্মোচক, সাহিত্য অকাডেমি বঁটা প্ৰাপক, বিশিষ্ট গল্পকাৰ, 'আমাৰ  অসম'ৰ মূখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে কয়, "অসম আৰক্ষীৰ বৌদ্ধিক চৰ্চাৰ এটা পুৰণি সংস্কৃতি আছে। অসম আৰক্ষীয়ে সাহিত্য, সংস্কৃতি জগতত পৰোক্ষ, প্ৰত্যক্ষভাৱে জড়িত হৈ মান উন্নয়ন কৰিছে। ভাস্কৰ জ্যোতি মহন্তৰ এইখন চাকৰিকালৰ শেষ গ্ৰন্থ। গ্ৰন্থখনৰ নামটো অনুসন্ধিসুৎ আছে। গ্ৰন্থখনৰ এটা  এটা অধ্যায় এটা এটা গল্প। ভাস্কৰজ্যোতি মহন্ত অংকীয়া ভাওনা, সত্ৰীয়া সংস্কৃতি, তথ্যচিত্ৰ নিৰ্মাণৰ কাম আদিতো জড়িত। পুলিচিং তেওঁৰ ব্যৰ্থ হোৱা নাই। তেওঁৰ চাকৰি জীৱনৰ এয়া ডাঙৰ প্ৰাপ্তি। অসম আৰক্ষীৰ মানৱীয় সুখ, লোমহৰ্ষক ঘটনাক তেওঁ লিপিবদ্ধ কৰি গৈছে। তেওঁ সূক্ষ্ম, অনুভূতিপ্ৰবন লেখক। তেওঁৰ এক ধৰণৰ মানৱীয়তা, সু-হৃদয়তা আছে সেয়া এই গ্ৰন্থখন পঢ়িলে বুজি পোৱা যাব। আমি নতুনকৈ ভবা, চিন্তা চৰ্চা কৰাৰ সময় আহি পৰিছে। আমাৰ মাজত এতিয়াও ৫০ বছৰ পুৰণি মানসিকতা সলনি হোৱা নাই। দেশ, সমাজকলৈ ভাবিবলৈ বহু কথা থাকি গ'ল। মান্ধাতা, ব্ৰিটিছৰ যুগৰ আইন-কানুনেৰে আজিৰ প্ৰজন্মক পৰিচালিত কৰিব বিচাৰিলে কিধৰণৰ সু-ফল পোৱা যাব সেয়া বিচাৰ্য বিষয়। এনকাউন্টাৰ বা লাঠীৰ কোবেৰে এখন সমাজলৈ সচেতনা আনিব নোৱাৰি। আমি আইনক সন্মান জনাব লাগিব, ভয় কৰিব নালাগিব। ড্ৰাগছৰ বিৰূদ্ধে অভিযান চলোৱা বাবে তেওঁ ধন্যবাদ পাত্ৰ। পাঠক সমাজৰ লগতে সকলো বয়সৰ লোকে এই গ্ৰন্থখন আদৰি ল'ব বুলি আশা কৰিলোঁ।"

সভাত আন এজন উন্মোচক বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকীয়ে কয়, "ভাস্কৰ জ্যোতি মহন্ত এজন সংবেদনশীল লেখক। তেওঁ ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈছে। তেওঁ ডি জি পি হোৱাৰ পাছত ২৫ টা প্ৰৱন্ধ লিখি এইখন গ্ৰন্থত সন্নিবিষ্ট কৰিছে। লেখকে বাস্তৱ সমাজক সুন্দৰকৈ এই গ্ৰন্থখনত উনুকিয়াইছে। এই গ্ৰন্থখনে নতুম দিশৰ সন্ধান দিব।"

গ্ৰন্থখনৰ আঁৰৰ কথা উল্লেখ কৰি লেখক তথা আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয়, "পুলিচিঙৰ নতুন মাত্ৰা দিব বিচাৰিছোঁ। গাওঁবুঢ়া, শিক্ষক, অভিভাৱক, সাংবাদিক সকলোৱে পুলিচিং কৰে। নাগৰিক সমাজৰ লগত কথাবার্তা পাতি আৰক্ষী সমাজৰ বাবে ভাল কৰিব বিচাৰিছোঁ সেয়া মুকলিকৈ কৰিম। সমাজৰ উন্নয়ন কেনেদৰে  কৰিব পাৰি তাৰ চিন্তা চৰ্চা কৰিম। কেইবাবাৰো মৃত্যু মুখৰ পৰা হাত সাৰি আহিছোঁ। এতিয়া উত্তৰ আধুনিকতাৰ যুগ। এতিয়া কবিতা,গল্প, ছবিৰ জগতত উত্তৰণ ঘটিছে।"

আঁক বাক প্রকাশনে প্ৰকাশক সৌমিত্ৰ যোগীয়ে আদৰণি ভাষণ দিয়া সভাখনত কবি তথা ভাস্কৰ জ্যোতি মহন্তৰ স্বপ্নালী মহন্তই এটা কবিতা পাঠ কৰে।আঁক বাক প্রকাশনে প্ৰকাশ কৰা গ্ৰন্থ উন্মোচনী সভাখন আঁতধৰে কবি, সাংবাদিক মৃদুল হালৈয়ে। সভাত বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাৰ আৰম্ভণিতে এটা গীত পৰিবেশন কৰে সৃজনী ভাস্ব মহন্তই৷ কাব্যঋষি নীলমণি ফুকনলৈ তেওঁৰ কবিতাৰে শ্ৰদ্ধা জনোৱা হয়। সভাত প্ৰয়াত আৰক্ষী বিষয়াৰ কন্যা জয়শ্ৰী ডেকা, উগ্ৰপন্থীৰ সৈতে হোৱা আৰক্ষীৰ গুলিয়াগুলীত আঘাতপ্ৰাপ্ত আৰক্ষী বিষয়া হিমজ্যোতি পাঠকে চমু বক্তব্য আগবঢ়ায়।