আজি পাঠশালা থানাত হাজিৰ হ’ব লাগিব হিতেশ দেৱশৰ্মা
'আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২৪ নৱেম্বৰঃ বিতৰ্কই লগ নেৰা অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া হিতেশ দেৱশৰ্মা মঙলবাৰে পাঠশালা থানাত সো-শৰীৰেৰে উপস্থিত হ’ব লাগিব৷ অন্যথা যিকোনো মুহূৰ্তত আৰক্ষীয়ে অৱসৰপ্ৰাপ্ত আই এছ বিষয়া হিতেশ দেৱশৰ্মাক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে৷ শিশু সন্তানসহ সাংবাদিক ৰানা ডেকাক ভাবুকি দিয়া গোচৰ সংক্ৰান্তত আজি পাঠশালা আৰক্ষীয়ে অৱসৰপ্ৰাপ্ত আইএ এছ বিষয়া হিতেশ দেৱশৰ্মাক জেৰা কৰিব৷ জেৰাত সাক্ষ্য প্ৰমাণ লাভ কৰিলে পাঠশালা আৰক্ষীয়ে অৱসৰপ্ৰাপ্ত আই এছ বিষয়া হিতেশ দেৱশৰ্মাক গ্ৰেপ্তাৰ কৰিব বুলি আৰক্ষীৰ শীৰ্ষ সূত্ৰই সদৰি কৰে৷ ইপিনে, বিতৰ্কিত অৱসৰপ্ৰাপ্ত আই এছ বিষয়া হিতেশ দেৱশৰ্মাই নতুন বিপদত পৰিছে৷ অৱসৰপ্ৰাপ্ত আই এছ বিষয়া হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই আজি শিশু সুৰক্ষা অধিকাৰ আয়োগত লিখিত অভিযোগ দাখিল কৰিছে৷ শিশু সন্তানসহ সাংবাদিক ৰানা ডেকাক ভাবুকি দিয়া সংক্ৰান্তত এটা গোচৰ ৰুজু কৰি হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে তদন্ত কৰিবলৈ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই আয়োগৰ ওচৰত দাবী জনাইছে৷
উল্লেখ্য যে, দেওবাৰে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ গীতানগৰৰ বাসগৃহত হঠাতে উপস্থিত হৈছিল পাঠশালা আৰক্ষী৷ বৈদ্যুতিক সংবাদ মাধ্যমৰ এগৰাকী সাংবাদিকক ফোন যোগে মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ পিচত এন আৰ চিৰ প্ৰাক্তন সমন্বয়কগৰাকীৰ বিৰুদ্ধে ৰুজু হৈছিল এক গোচৰ৷ এই গোচৰৰ ভিত্তিতেই দেওবাৰে হিতেশ দেৱ শৰ্মাৰ গীতানগৰৰ বাসগৃহত উপস্থিত হয় পাঠশালা আৰক্ষীৰ দল৷ উল্লেখ্য যে আৰক্ষী বিষয়া গীতাৰ্থ দেৱ শৰ্মাৰ পিতৃ তথা অৱসৰপ্ৰাপ্ত বিষয়া হিতেশ দেৱ শৰ্মাই কেইদিনমান পূৰ্বে সাংবাদিক ৰাণা ডেকাক ফোন যোগে মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰি শৰ্মাৰ বিৰুদ্ধে পাঠশালা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল সাংবাদিকগৰাকীয়ে৷ অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে সাংবাদিকগৰাকীৰ লগতে তেওঁৰ কণমানি পুত্ৰকো মৃত্যৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছিল৷ ইয়াৰ পিছতেই এই বিষয়টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল৷ এই সন্দৰ্ভত সাংবাদিকগৰাকীয়ে হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কেইবাটাও ধাৰা সন্নিবিষ্ট কৰি তদন্ত চলাই আছে৷






