Logo
image

দীপৰ বিলৰ বোকা পানীত মৃত অৱস্থাত হাতী পোৱালি উদ্ধাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ দেশী-বিদেশী চৰাইৰ লগতে বনৰীয়া হাতীৰ বিচৰণথলী হিচাপে পৰিগণিত হৈ অহা দীপৰ বিলৰ পাৰৰ চকৰদৌ মিকিৰপাৰাৰ সমীপৰ পানী যুৱলীত বোকা পানীত আবদ্ধ হৈ দুৰ্ভাগ্যজনকভাবে মৃত্যুক আঁকোৱালি লোৱা অৱস্থাত শনিবাৰে পুৱাৰ ভাগত এটা হাতী পোৱালী উদ্ধাৰ কৰা হয়। প্ৰায় দুইমহীয়া মতা হাতী পোৱালীটো নিশাৰ ভাগত বোকাত আবদ্ধ হৈ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকর্মীৰ দলে। 

প্ৰাপ্ত খবৰ মতে শনিবাৰে পুৱাৰ ভাগত এটা বনকর্মীৰ দলে নিয়মীয়া তহলৰ সময়ত মৃত অৱস্থাত প্ৰত্যক্ষ কৰি অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া ধনেশ্বৰ দলেক অৱগত কৰে। পাছত বনাঞ্চলিক বিষয়া ধনেশ্বৰ দলেয়ে এই সন্দৰ্ভত ৰাজ্যিক চিৰিয়াখানাৰ পশু চিকিৎসা বিষয়াক অৱগত কৰাত এজন পশু চিকিৎসক ঘটনাস্থলীত উপস্থিত হয়। পশু চিকিৎসকজনে দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া দলেৰ নেতৃত্বত অহা বনকর্মীৰ সহযোগত হাতী পোৱালীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত ওচৰতে সমাধিস্থ কৰা হয় । 

আনহাতে মিকিৰপাৰাৰ একাংশ বাসিন্দাই সদৰি কৰা অনুসৰি শুকুৰবাৰে সন্ধিয়াৰ পাছত কাষৰীয়া ৰাণী বনাঞ্চলৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত আঠ-দহজনীয়া এটা বনৰীয়া হাতীৰ দল দীপৰ বিলত নামিছিল। পুৱতি নিশা উভতি অহাৰ সময়ত হয়তো দলটোৰ লগত থকা হাতী পোৱালীটো বোকাত আবদ্ধ হৈ অৱশেষত দুৰ্ভাগ্যজনকভাবে মৃত্যুক আঁকোৱালি লোৱা বুলি সন্দেহ কৰা হৈছে ।