Logo
image

মানাহ ৰাষ্ট্ৰীয় উদ্য়ানত অঘটনঃ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা গঁড়ৰ মৃত্যু

ডিজিটেল সংবাদঃ বিশ্ব ঐতিহ্যক্ষেত্ৰ তথা ব্যাঘ্ৰ প্ৰকল্পখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হ'ল এটা গঁড়ৰ৷ দেওবাৰে পুৱতি নিশা ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ বেঁকী নৈৰ পশ্চিমে অৱস্থিত নাৰায়ণগুৰি বন শিৱিৰৰ কাষতে উদ্ধাৰ হয় গঁড়টোৰ মৃতদেহ৷ জানিব পৰা মতে, মৃত গঁড়টো ৰাষ্ট্ৰীয় উদ্যানখনৰ অইন গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ কেবাদিন ধৰি অসুস্থ হৈ আছিল৷ মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গঁড়টোৰ চিকিৎসা কৰি বিশেষ পৰ্যবেক্ষণত ৰাখিছিল যদিও অৱশেষত দুৰ্ভাগ্যক্ৰমে আজি পুৱতি নিশা মৃত্যু হয় গঁড়টোৰ৷ 

উল্লেখ্য যে মৃত গঁড়টো ২০১৪ চনৰ ২৮ জানুৱাৰীত কাজিৰঙাৰ পৰা মানাহলৈ আনি ৰামু নামেৰে পুনৰ সংস্থাপন কৰা হৈছিল৷ আজি পুৱা গঁড়টোৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানত মানাহৰ বন বিভাগৰ বিষয়া, বিভাগীয় চিকিৎসক উপস্থিত হৈ গঁড়টোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি গাঁত খান্দি পুতি থোৱাৰ ব্যৱস্থা কৰে বনবিভাগে৷ ইফালে গঁড়টোৰ মৃত্যুৰ লগে লগে মানাহত ৫১ টালৈ হ্ৰাস পালে গঁড়ৰ সংখ্যা ৷ স্মতৰ্ব্য যে বিগত ২০১৬ চনৰ পিছত এতিয়ালৈ মানাহত কোনো গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হোৱা নাই যদিও আজি গঁড়টোৰ অকাল মৃত্যুত স্বাভাৱিকতে ব্যথিত হৈছে মানাহ কৰ্তৃপক্ষ তথা প্ৰকৃতিপ্ৰেমী ৷