Logo
image

প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ উদ্যোগত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই শুভ উদ্বোধন কৰে 'প্ৰাগজ্যোতিষ লাইভ'

ডিজিটেল সংবাদ, গুৱাহাটীঃ "এটা জাতি আৰু জনগোষ্ঠীৰ প্ৰচাৰৰ ক্ষেত্ৰত ছপা মাধ্যমৰ গুৰুত্ব আছে। তেনে ক্ষেত্ৰত প্ৰাগজ্যোতিষ মাইলৰ খুঁটি। ছপা মাধ্যমৰ শক্তি বহুত, এয়া সকলোৱে জানে। প্ৰণালীবদ্ধভাৱে সংবাদ প্ৰচাৰ কৰাটো এক গুৰুত্বপূৰ্ণ দায়িত্ব। ডিজিটেল মিডিয়াৰ জগতত গুৰুত্ব এই কাৰণে বেছি ভাৰতৰ দৰে দেশত ৯০ শতাংশ লোকেই ছ'চিয়েল মিডিয়াৰ সৈতে জড়িত।  এক সৎ চিন্তা সদ উদ্দেশ্যৰ বাবে যি যাত্ৰা আৰম্ভ কৰিবলৈ লৈছে নিউজ পৰ্টেলটো তাত সুন্দৰকৈ আগবাঢ়ি যাব এয়া মোৰ দৃঢ় বিশ্বাস" বুলি পবিত্ৰ মাৰ্ঘেৰিটাই  প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ উদ্যোগত গুৱাহাটীৰ বামুনী মৈদামস্থিত প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিক কাকতৰ কাৰ্য্যালয়ত শনিবাৰে "প্ৰাগজ্যোতিষ লাইভ" নামৰ নিউজ পৰ্টেলৰ শুভ উদ্বোধন কৰি এনেদৰে ভাষণ আগবঢ়ায়।  

দিনৰ ৪ বজাত মংগলাচৰণেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত দেশপ্ৰেমমূলক গীতৰ জৰিয়তে পৰিৱেশ সুন্দৰ কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ সংঘ চালক ডাঃ ভূপেশ শৰ্মাই সংবাদ মাধ্যমৰ নেতিবাচক বাৰ্তা প্ৰভাৱৰ পেলাইছে তাৰ বিপৰীতে এই নিউজ পৰ্টেলটোৱে সমাজত ইতিবাচক খবৰ আৰু সংস্কাৰ, সংস্কৃতি আদিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰাৰ কথা প্ৰকাশ  কৰে। ইফালে অনুষ্ঠানত প্ৰাস্তবিক ভাষণ প্ৰদান কৰে প্ৰাগজ্যোতিষ অসমীয়া অসমীয়া সাপ্তাহিক কাকতৰ পৰিচালন সম্পাদক খগেন শইকীয়াই । 

প্ৰণামিকা শৰ্মাই আঁত ধৰা এই নিউজ পৰ্টেল উদ্বোধন অনুষ্ঠানত ৰাজ্য চৰকাৰৰ প্ৰাক্তন আইন উপদেষ্টা শান্তনু ভৰালী, বিশিষ্ট লেখক পৰমেশ দত্ত,ঈশান দৰ্পন কাকতৰ যুটীয়া সম্পাদক নৱ ঠাকুৰীয়া, প্ৰাগজ্যোতিষ কাকতৰ সম্পাদক শশীপ্ৰভা দাস, জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি তালুকদাৰ, বিশিষ্ট অধিবক্তা সত্যধৰ মটক, লেখক মল্লিকা শৰ্মা, বিশিষ্ট প্ৰৱন্ধকাৰ, লেখক মনোজ শ্ৰুতিকৰ, সমাজকৰ্মী লোকেন্দ্ৰ প্ৰসাদ ডেকা,মণিপতি শৰ্মাকে ধৰি অগণন শুভাকাংক্ষী আৰু গণ্য মান্যলোক উপস্থিত থাকে। প্ৰাগজ্যোতিষ কাকতৰ প্ৰচলন প্ৰমূখ ঘনশ্যাম শইকীয়াই শলাগৰ শৰাই জ্ঞাপন কৰা প্ৰকাশন ট্ৰাষ্টৰ পৰিয়ালবৰ্গৰ সহযোগিতাৰে সুন্দৰ অনুষ্ঠানৰ সামৰণি পৰে।