Logo
image

বেলতলাত 'স্বচছতাৰ সংকল্প' শীৰ্ষক সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন

ডিজিটেল সংবাদ, গুৱাহাটীঃ আমাৰ চৌপাশৰ বাট পথ-ঘাট, ৰাজহুৱা স্থান, নৈ, বিল, পুখুৰী আদি পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্য তথা প্লাষ্টিকৰ ব্যৱহাৰ কম কৰা, পুনঃব্যৱহাৰ আৰু পুনৰাৱৰ্তনৰ গুৰুত্ব সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ কনকলতা ছাত্রী নিবাসৰ আবাসীসকলৰ সহযোগত ষ্টেট বেংক অৱ ইণ্ডিয়াই দেওবাৰে  বেলতলা বজাৰত 'স্বচছতাৰ সংকল্প' শীৰ্ষক এখনি বাটৰ নাট প্ৰদৰ্শন কৰে। 

ভাস্বৰীতা দত্তই ৰচনা কৰা আৰু লীজা বৰা আৰু নয়না বৰাই পৰিচালনা কৰা নাটখন প্ৰদৰ্শন কৰে বিদিশা বৰা, উৰ্জা দাস, ভাস্বতী দাস, দেৱাশ্ৰী দেৱ নাথ, দিশা হাজৰিকা, আশিয়া বেগম, পিংকি শ্বাহ অনুষ্কা দত্ত, টিনা কার্কিয়ে। নাট প্ৰদৰ্শনত উপস্থিত থাকে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ সহকাৰী মহাপ্ৰৱন্ধক ড° দেৱজ্যোতি দত্ত৷ তেওঁ নিজৰ চমু ভাষণ আগবঢ়াই উপস্থিত ৰাইজক পৰিৱেশ পৰিষ্কাৰ তথা বহনক্ষমতাৰ বিষয়ে গুৰুত্ব দিবলৈ আহ্বান জনায়। ইয়াৰোপৰি যিসকল গ্ৰাহকে বজাৰলৈ প্লাষ্টিকৰ মোনাৰ সলনি ঘৰৰ পৰা মোনা লৈ আনিছে তেওঁলোকক উৎসাহ জনাবলৈ একোটিকৈ উপহাৰ দিয়াৰ লগতে প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰা সকলক মৰাপাটৰ মোনা উপহাৰ দিয়া হয়৷ উপস্থিত ৰাইজে উক্ত পদক্ষেপত সহাৰি জনায় আৰু এনে এটি সময়োপযোগী পদক্ষেপৰ বাবে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ লগতে শিক্ষাৰ্থী সকলক ধন্যবাদ জনায়।