Logo
image

৩০ আৰু ৩১ জানুৱাৰীত ট্ৰেইন নাৰ্চ এছ'চিয়েচন অৱ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় অভিৱৰ্তন

ডিজিটেল সংবাদ, গুৱাহাটীঃ ট্ৰেইন নাৰ্চ এছ'চিয়েচন অৱ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় অভিৱৰ্তন গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৩০ আৰু ৩১ জানুৱাৰীত অনুষ্ঠিত হ'ব। এই অভিবৰ্তনৰ লগত সংগতি ৰাখি ২৭ জানুৱাৰীত সভা অনুষ্ঠিত হোৱাৰ লগতে শনিবাৰ আৰু দেওবাৰে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত আন্দামানকে ধৰি দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। 

আনহাতে ৩০ আৰু ৩১ জানুৱাৰীত প্ৰতিনিধিসকলৰ উপৰিও টিএনএ আইৰ সাধাৰণ সদস্যই অংশগ্ৰহণ কৰিব। এতিয়ালৈ মুঠ ১৭০০ সদস্যই পঞ্জীয়ন কৰিছে। তদুপৰি কাইলৈ থিতাতে অসম তথা উত্তৰ-পূর্বাঞ্চলৰ নাৰ্চসকলে নাম পঞ্জীয়ন কৰিব পাৰিব। এই অভিৱৰ্তনত এছ'চিয়েছনৰ ৰাষ্ট্ৰীয় অধ্যক্ষ, উপাধ্যক্ষসকলৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰিব। এই অভিৱৰ্তন উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যাকেইখনৰ সহযোগত অনুষ্ঠিত হৈছে।