Logo
image

জি-২০ আৰু অসমৰ গুৰুত্ব

চলিত বছৰত ভাৰতত অনুষ্ঠিত হ’ব জি ২০ৰ বৈঠক৷ এই বৈঠকত সভাপতিত্ব কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ অৱশ্যে প্ৰতিখন সদস্য ৰাষ্ট্ৰই এই বৈঠক অনুষ্ঠিত কৰাৰ সুবিধা লাভ কৰে৷ এই বৈঠকৰ জৰিয়তে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত ভূ-ৰাজনৈতিক কূটনীতি আৰু বাণিজ্যিক সম্পৰ্ক গাঢ় কৰাৰ লগতে গোলকীয় বিত্তীয় স্থিৰতা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ 

জি-২০ হৈছে বিশ্বৰ ২০খন দেশৰ এটা সমূহীয়া উদ্দেশ্যত গঠন হোৱা গোট৷ ১৯৯৯ চনৰ ৪ ছেপ্টেম্বৰত গঠন হোৱা এই গোটটোৰ সদস্য ৰাষ্ট্ৰসমূহে গোলকীয় বেপাৰৰ ৭৫%, জি ডি পিৰ ৮০% আৰু ৬০%ৰো অধিক জনসংখ্যাক নিয়ন্ত্ৰণ কৰে৷ এই গোটটোৰ সদস্য ৰাষ্ট্ৰসমূহ হৈছে অষ্ট্ৰেলিয়া, আৰ্জেণ্টিনা, ব্ৰাজিল, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানী, ভাৰত, ইন্দোনেছিয়া, ইটালী, জাপান, ৰিপাব্লিক অব কোৰিয়া, মেক্সিকো, ৰাছিয়া, দক্ষিণ আফ্ৰিকা, ছৌদি আৰব, আমেৰিকা যুক্তৰাষ্ট্ৰ , ইউনাইটেড কিংডম, তুৰস্ক আৰু ইউৰোপীয়ান ইউনিয়ন৷ ১৯৯৯ চনৰ পৰা প্ৰতিবছৰেই এখন সদস্য ৰাষ্ট্ৰই ইয়াৰ সভাপতিৰ দায়িত্ব বহন কৰে৷ এইবাৰৰ সভা অনুষ্ঠিত কৰাৰ দায়িত্ব ভাৰতৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইয়াৰ সভাপতি৷ তদুপৰি কেইখনমান অতিথি দেশেও এই অনুষ্ঠানত ভাগ ল’ব৷ জি-২০ৰ মূল কথাই হ’ল গোলকীয় বিত্তীয় স্থিৰতা আৰু বহনযোগ্য বিত্তীয় ঋণৰ বোজা৷ কিন্তু এই স্থিৰতা আহিবলৈ পৃথিৱীখনত মানুহ জীয়াই থাকিব লাগিব আৰু মানুহ জীয়াই থাকিবলৈ জলবায়ু জীৱৰ অনুকূল হ’ব লাগিব৷ তাৰ বাবে পাৰিপাশ্বিৰ্ক সচেতনতা আৰু জলবায়ু ভাৰসাম্যতা ৰক্ষা কৰা অতি প্ৰয়োজন৷ জীয়াই থকাৰ পৰিৱেশ নাথাকিলে বিত্তীয় স্থিৰতা দীৰ্ঘম্যাদী নহয়৷ 

ভাৰতে ৯ আৰু ১০ ছেপ্টেম্বৰত এই গোটটোৰ সদস্য ৰাষ্ট্ৰসমূহৰ নেতৃস্থানীয় লোকসকলৰ সৈতে বৈঠকত মিলিত হ’ব৷ এইবাৰৰ জি-২০ সন্মিলনৰ থীমটো হৈছে ‘বসুধৈৱ কুটুম্বকম’ অৰ্থাৎ এক ধৰা এক পৰিয়াল এক ভৱিষ্যৎ৷ অসমেও ইয়াৰ অংশৰূপে দায়িত্ব পালিবলৈ আগবাঢ়িছে৷ অসমত ৬-৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব জি-২০ সন্মিলনৰ য়ুথ ২০ সন্মিলন৷ এই বৈঠক সফল কৰাৰ বাবে অসম চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ বহুদিন ধৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অৱহেলিত অসমে গুৰুত্ব পোৱা আৰম্ভ কৰিছে যোৱা এটা দশকৰ পৰাহে৷ ইয়াৰ ৰূপান্তৰ প্ৰতিফলিত হয় লুক ইষ্ট পলিচীৰ পৰা এক্ট ইষ্ট পলিচীৰ ৰূপান্তৰৰ মাধ্যমেৰে৷ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক অৱস্থিতি এছিয়া পেচিফিক দেশৰ সৈতে ভূ-ৰাজনৈতিক কূটনীতি আৰু বাণিজ্যিক সম্পৰ্ক গাঢ় কৰা তথা বেপাৰৰ প্ৰসাৰৰ বাবে প্ৰচেষ্টা কৰা হ’ব৷ যিহেতু অসম উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ, সেয়ে অসমে এই দিশত সংবেদনশীল তথা গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পৰা ৰাজ্য৷   এই সুযোগতে অসম উপযুক্তৰূপে উপস্থাপিত হ’লে আমাৰ সকলোৰে বাবে মংগলদায়ক হ’ব৷ অসমত অনুষ্ঠিত হ’বলগীয়া তিনিদিনীয়া বৈঠকত কৰ্মৰ ভৱিষ্যৎ, জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ প্ৰশমন,  শান্তি স্থাপন আৰু মীমাংসা, গণতন্ত্ৰ আৰু স্বাস্থ্য,  সুস্থতা আৰু ক্ৰীড়াত যুৱ সমাজৰ অংশগ্ৰহণ আদি বিষয়ত গুৰুত্ব দিয়া হ’ব৷ যদিহে এই বৈঠকতে অসমে বিশ্ব প্ৰেক্ষাপটত নিজক উপস্থাপন কৰাৰ সুযোগ ল’ব পাৰে, তেন্তে আগত সময়ত অসম বিভিন্ন ক্ষেত্ৰত বহু আগুৱাই যাবলৈ সক্ষম হ’ব৷