Logo
image

হাতীয়ে খেদি গচকি মাৰিলে অধিবক্তাক

আমাৰ অসম, ৩০ জানুৱাৰী: গুৱাহাটী মহানগৰীত শোকাৱহ ঘটনা৷ পুত্ৰৰ জন্মদিনৰ দিনাই আকস্মিকভাৱে মৃত্যু মুখত পৰিল এজন জ্যেষ্ঠ অধিবক্তা তথা বিশিষ্ট শিল্পী৷ গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী চন্দ্ৰপুৰত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা৷ চন্দ্ৰপুৰৰ ঠাকুৰকুছিৰ খামব্ৰেঙা বিলৰ পাৰত বন্যহস্তীৰ গচকত থিতাতে নিহত হয় গুৱাহাটীৰ বীৰকুছিৰ দিলীপ নাথ [৫৭]৷ শনিবাৰে নিশা তেওঁৰ ৰান্ধনী কৰ্মচাৰীৰ সৈতে খামব্ৰেঙা বিলৰ পাৰলৈ যাওঁতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো৷ গুৱাহাটীৰ বীৰকুছিৰ মাৰিয়া স্কুলৰ সমীপৰ ৰিভ ৰিনা এপাৰ্টমেণ্টৰ বাসিন্দা তথা কামৰূপ মহানগৰ   জিলাৰ চেচন কৰ্টৰ চৰকাৰী অধিবক্তা দিলীপ নাথৰ ৮ বছৰীয়া পুত্ৰৰ জন্মদিন উপলক্ষে শনিবাৰে বীৰকুছিৰ ঘৰত বিশেষ আয়োজন চলিছিল৷ নিশাৰ ভাগত পুত্ৰৰ জন্মদিন উপলক্ষে আয়োজন কৰা অনুষ্ঠানত শিল্পী-অধিবক্তা দিলীপ নাথে গীত পৰিবেশন কৰি অতিথিক আপ্লুত কৰিছিল৷ অনুষ্ঠানৰ শেষত দিলীপ নাথে জন্মদিনৰ বাবে অহা ৰান্ধনীক লৈ বীৰকুছিৰ ঘৰৰ পৰা ঠাকুৰকুছিত থকা তেওঁৰ ‘কানমাই’ নামৰ ৰিজ’ৰ্টখনলৈ ব্যক্তিগত বাহনৰে গৈ থকা অৱস্থাত বন্যহস্তীৰ আক্ৰমণৰ সন্মুখীন হয়৷ হঠাতে হাতীৰ জাক দেখি ভয়ত বিতত হৈ পৰা দিলীপ নাথে তেওঁৰ ছুইফট গাড়ীখন ৰখায়েই গাড়ীৰ পৰা নামি পলাই যোৱাৰ চেষ্টা চলায়৷  তেনেতে তিনিটা হাতীয়ে শিল্পীজনক আক্ৰমণ কৰে আৰু হাতীৰ গচকত থিতাতে নিহত হয় অধিবক্তা দিলীপ নাথ৷ সেই সময়ত গাড়ীৰ ভিতৰত বহি থকা অধিবক্তজনৰ বন্ধু, শিল্পী চাজুৱে ঘটনাটো গাড়ীৰ ভিতৰৰ পৰা অসহায়ভাৱে প্ৰত্যক্ষ কৰে আৰু ভয়-শোকত মুক হৈ পৰে৷ ইপিনে,  হাতীৰ জাকটো দেখি গাড়ীৰ ভিতৰত থকা ৰান্ধনি তিনিজনেও বাহনৰ পৰা নামি পলায়ন কৰে৷ ঘটনাস্থলীত স্থানীয় যুৱকৰ দল উপস্থিত হৈ প্ৰাগজ্যোতিষপুৰ থানাত খবৰ দিয়ে৷ আৰক্ষীয়ে দিলীপ নাথৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে দেওবাৰে মৃতদেহটো পৰিয়ালৰ লোকক গতাই দিয়ে৷ অমায়িক স্বভাৱৰ শিল্পী দিলীপ নাথৰ আকস্মিক মৃত্যুত অঞ্চলটোৰ লগতে শিল্পী আৰু অধিবক্তা সমাজত গভীৰ শোকৰ ছাঁ পৰিছে৷ উল্লেখ্য, গুৱাহাটী মহানগৰীত বন্যহস্তী-মানুহৰ সংঘাত তুংগত উঠিছে৷ এইক্ষেত্ৰত জিলা প্ৰশাসন আৰু বন বিভাগে কাৰ্যতঃ হাত দাঙি দিছে৷