Logo
image

চৰ-চাপৰিবাসীয়েহে জীয়াই ৰাখিছে অসমীয়া

আমাৰ অসম, ৩০ জানুৱাৰী: নাৰায়ণপুৰত অসম সাহিত্য সভাৰ অধিৱেশনৰ প্ৰস্তুতি যুদ্ধকালীন তৎপৰতাৰে চলি থকাৰ সময়তে এআইইউডিএফ মুৰব্বী বদৰুদ্দিন আজমলৰ অদ্ভূত দাবী–মুছলমান লোকেহে হেনো অসমীয়া ভাষা জীয়াই ৰাখিছে৷ সততে বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্যৰে নিজৰ ৰাজনৈতিক অস্তিত্ব ৰক্ষাৰ চেষ্টা কৰি থকা বদৰুদ্দিন আজমলৰ এই শেহতীয়া মন্তব্যক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ কেৱল আজমলে নহয়, কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ দাবী– মিঞা জনগোষ্ঠীয়ে হেনো অসমত ভৰি দিয়াৰ লগে লগে নিজৰ ভাষা ত্যাগ কৰি অসমীয়া ভাষাক আকোঁৱালি ল’লে৷ এইআইইউডিএফৰ মুৰব্বী আজমলে এখন জনসভাত বিতৰ্কিত মন্তব্য কৰি কয়–‘মই প্ৰত্যাহ্ৱান দি ক’ব পাৰো যে আজি অসমত অসমীয়া ভাষা যদি কোনোবাই জীয়াই ৰাখিছে তেন্তে সেয়া মুছলমান মানুহে ৰাখিছে৷ চৰত এটাও বেংগলী মাধ্যমৰ বিদ্যালয় দেখুৱাই দিব নোৱাৰিব৷ চৰত থকা বিদ্যালয়ত ১০০ শতাংশই অসমীয়া মাধ্যমৰ৷ তেন্তে অসমীয়া ভাষা কোনে ৰক্ষা কৰি আছে? আমি ৰক্ষা কৰি আছো৷ কিন্তু এক ছেকেণ্ডতে চৰৰ মানুহক বাংলাদেশী বুলি কৈ দিয়ে৷ বাংলাদেশত কি অসমীয়া ভাষা শিকে নেকি? চৰত সকলোৱে অসমীয়াত কথা পাতে৷ অসমীয়া বিদ্যালয়ত পঢ়ে৷’ উল্লেখ্য যে নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে আজমল আৰু তেওঁৰ দল এআইইউডিএফ সক্ৰিয় হৈ পৰিছে ৰাজনৈতিক পথাৰখনত৷ শেহতীয়াভাৱে কংগ্ৰেছৰ পৰা এলাগী হৈ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত এআইইউডিএফৰ ঘনিষ্ঠ হোৱা বিধায়ক শ্বেৰমান আলী আহমেদে অসম সাহিত্য সভাক মিঞা জনগোষ্ঠীৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে মুকলি সমালোচনা কৰি কয়–অসমত মিঞা জনগোষ্ঠীৰ ইতিহাস প্ৰায় ডেৰশ বছৰ পুৰণি৷ নিজৰ মাতৃভাষা বিসৰ্জন দি মিঞা জনগোষ্ঠীৰ লোক সকল অসমত ভৰি দিয়াৰ লগে লগে অসমীয়া ভাষা গ্ৰহণ কৰে৷ প্ৰতিটো অঞ্চলতে অসমীয়া ভাষাৰ বিদ্যালয় স্থাপন কৰে৷ অসম সাহিত্য সভাৰ কাণ্ডাৰীসকলৰ আহ্ৱানৰ প্ৰতি সঁহাৰি জনাই অসমীয়া জাতিৰ সৈতে জীন যোৱাৰ চেষ্টা কৰে৷ কিন্তু এতিয়া মিঞা জনগোষ্ঠীক অসমীয়া নহয় বুলি প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলি আছে৷ অসম আন্দোলনৰ সময়খিনি আমাৰ বাবে অতি দুখ লগা৷ সেই সময়ত সাহিত্য সভাৰ ভূমিকা অত্যন্ত নিস্প্ৰভ৷ অসম আন্দোলন এটা সময়ত হিন্দুত্ববাদী শক্তিৰ পাকচক্ৰত সম্পূৰ্ণৰূপে মুছলমান বিদ্বেষী হিচাপে গা কৰি উঠিছিল৷ অসম সাহিত্য সভাৰ মাহী আইৰ দৃষ্টিৰ কাৰণে চৰ-চাপৰি সাহিত্য পৰিষদ গঢ় লৈ উঠে৷ সাহিত্য সভাই নিজৰ স্থিতি স্পষ্ট কৰিব লাগে মিঞা জনগোষ্ঠীৰ ক্ষেত্ৰত৷ মিঞা জনগোষ্ঠীৰ লোকসকলক অসমীয়া বুলি সাহিত্য সভাই ক’ব লাগে৷ অসম সাহিত্য সভা এতিয়া হিন্দুত্ববাদীৰ পাকচক্ৰত পৰিছে৷ সাহিত্য সভাৰ অধিৱেশন নে বিজেপিৰ অধিৱেশন ধৰিবই নোৱাৰি? সাহিত্য সভাই মুখত এটা কয় কামত এটা কৰে৷ মিঞা অধ্যুষিত অঞ্চললৈ আহিলে মিঞা জনগোষ্ঠীক অসমীয়া বুলি কয় আৰু দিছপুৰত যোৱাৰ লগে লগে মিঞা জনগোষ্ঠীক অসমীয়া বুলি স্বীকৃতি দিবলৈ কুণ্ঠাবোধ কৰে৷’ আনহাতে আজমলৰ ভাষ্যক তীব্ৰভাৱে সমালোচনা কৰিছে মন্ত্ৰীপীয়ূষ হাজৰিকা আৰু বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই৷ মন্ত্ৰী হাজৰিকাৰ দাবী–তেওঁলোকে কৰবাত অসমীয়া ভাষাত কথা কয় নেকি? আজমলক অসমীয়া কোৱা কেতিয়াও দেখা নাই৷ তেওঁলোক ছিলেটীয়া ভাষাহে কয়৷ অসমীয়া ভাষাক অসমীয়া মানুহে ভালকে ৰাখিছে৷ আনহাতে বিধায়ক মৃণাল শইকীয়াৰ মন্তব্য–আজমলৰ ভাষা আমাৰ বাবে এটা এৰ্লাম বেল৷ ভৱিষ্যতে অসমীয়া ভাষা তেওঁলোকৰ দখলতহে যাব৷ অসমীয়াগিৰি বুলি দাংকোপ মাৰি থকাসকলৰ ভাই-ভতিজা কিন্তু ইংৰাজী মাধ্যমত পঢ়ে৷ অসম সাহিত্য সভাও এই দুয়োজন ৰাজনৈতিক নেতাৰ ভাষ্যক তীব্ৰ বিৰোধিতা কৰিছে৷

মুখ্যমন্ত্ৰীক মানৱতাৰ হকে কাম কৰাৰ আহ্ৱান আজমলৰ

কামৰূপ জিলাৰ বকো সমষ্টিৰ সোণতলীত এআইইউডিএফ দলৰ এখনি বিশাল বিশাল গণ সমাবেশ অনুষ্ঠিত হয়৷ অসমৰ চৰাঞ্চলৰ মাটিৰ পট্টা, এন আৰ চি, ডি ভোটাৰ আৰু খহনীয়া সমস্যা সমাধানৰ দাবীত দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু বকো সমষ্টি কমিটীৰ সহযোগত সোণতলী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় এই গণ সমাবেশ৷ দলৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি কালিন্দ্ৰ ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা উক্ত সমাৱেশৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক বৰহান আলী আহমেদে৷ সমাৱেশত এআইইউডিএফ দলৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে মুখ্য অতিথি হিচাপে উপস্থিত থাকি সংখ্যালঘু জাতিৰ হকে মাত মাতি সাম্প্ৰদায়িক আখ্যাৰে অভিহিত হ’লেও তাত কোনো আপত্তি নাই বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে৷ সাংসদ আজমলে কয়– আমাক চাকৰি নালাগে, আমাক লাগে শিক্ষা, সংস্থাপন, মাটিৰ পট্টা, খহনীয়া প্ৰতিৰোধ, ডি ভোটাৰৰ সমাধান, এন আৰ চিৰ সমাধান আৰু মৰ্যাদাসহকাৰে জীয়াই থকাৰ পৰিৱেশ৷ মুখ্যমন্ত্ৰী আহিব আৰু যাব পিছে  মানৱতা জীয়াই থাকিব বুলি কৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক মানৱতাৰ হকে কাম কৰি যোৱাৰ আহ্ৱান জনায়৷ সভাত মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে পৰিচালনা কৰা যোগদান অনুষ্ঠানত ১৯৯৫ চনৰ পৰা কংগ্ৰেছ দলৰ হৈ কাম কৰি আহি সোণতলী টুপামাৰী জিলা পৰিষদৰ তিনিবাৰৰ বিজয়ী সদস্য ছাহজাহান আলীৰ নেতৃত্বত কেবাশতাধিক লোকে এআইইউডিএফ দলত যোগদান কৰে৷  সমাৱেশত জনিয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে অংশ লৈ আইইউডিএফ দলে অসমৰ সকলো নিষ্পেষিত- শোষিত জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি অহা দল বুলি উল্লেখ কৰে৷ সমাৱেশত সোণাই সমষ্টিৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই মাদ্ৰাছা ভঙা বুলডজাৰ মামাই পাঠানক চিনি নাপায়, শ্বাহৰুখ খানক চিনি নাপায় বুলি কটাক্ষ কৰে৷ সমাৱেশত হাইলাকান্দি সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ, দলগাঁও সমষ্টিৰ বিধায়ক মজিবৰ ৰহমান, চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন, দলৰ কেন্দ্ৰীয় উপ- সভাপতি ছিদ্দিক আলী ঠাকুৰীয়া, সম্পাদক ৰাইজুদ্দিন শ্বেখ, যুৱ মৰ্চাৰ সভাপতি জেহিৰুল ইচলাম, ছাত্ৰ মৰ্চাৰ সভাপতি আবু নছিম আহমেদ, বৰপেটা জিলা সমিতিৰ সধাৰণ সম্পাদক মামুন আশ্ৰাফুল ইচলাম, বকো সমষ্টি কমিটীৰ সভাপতি আব্দুল জলিল ছয়গাঁও সমষ্টি কমিটীৰ সভাপতি আব্দুল আজিজ প্ৰমুখ্যে দলৰ বিভিন্ন পৰ্যায়ৰ ভালেসংখ্যক নেতৃবৃন্দ উপস্থিত থাকে৷