Logo
image

মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে বিয়া নাপাতে কংগ্ৰেছীয়ে

আমাৰ অসম, ৩০ জানুৱাৰী:  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিয়া বিবাহৰ ‘কাট অব মাৰ্ক’ পৰামৰ্শ মান্য নকৰে কংগ্ৰেছীয়ে৷ আজি মুখ্যমন্ত্ৰীৰ ভাষ্যক এক প্ৰকাৰে নসাৎ কৰি কংগ্ৰেছৰ বিধায়িকা শিৱামণি বৰাই ক’লে–‘২২-৩০ বছৰত বিয়া পাতিলেই নহ’ব, নিজক সক্ষম কৰিও লব লাগিব৷ বিয়া পাতি ল’ৰাজনে পত্নীক খুৱাব-পিন্ধাবও পাৰিব লাগিব৷ উপাৰ্জন কৰিব লাগিব৷ ঘৰ পৰিয়াল চাব পৰাৰ সামৰ্থ অৰ্জন কৰিব লাগিব৷ এইসকলো কৰিব পাৰিলেহে  নিশ্চয় সেই বয়সত বিয়া পাতিব পাৰিব৷’ অৱশ্যে মুখ্যমন্ত্ৰীৰ বাল্য বিবাহও নিষিদ্ধকৰণক বিধায়িকাগৰাকীয়ে সমৰ্থন কৰে বুলিও জানিবলৈ দিয়ে৷ ইফালে কালি এআইইউডিএফৰ প্ৰধান মৌলনা বদৰুদ্দিন আজমলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি বিধায়িকাগৰাকীয়ে কয় যে– ‘এইবাৰ এআইইউডিএফৰে মিত্ৰতা নোহোৱাটো খাটাং৷ কংগ্ৰেছে নিজাববীয়াকৈ নগাঁও কলিয়াবৰ, ধুবুৰী, বৰপেটাত প্ৰাৰ্থীত্ব দিব৷ এআইইউডিএফতকৈ বেছি আসন লাভ কৰিব৷’ উল্লেখ্য যে কালি মৌলানা আজমলে ‘না না কৰকে প্যায়াৰ তুমছি ছে কৰ বেথে’ শীৰ্ষক হিন্দী গীতৰ কলি আওৰাই মন্তব্য কৰিছিল যে ‘এআইইউডিএফে মিত্ৰতা কৰাটো কংগ্ৰেছৰ মজবুৰি,  ভূপেন বৰাই যিমানেই না নকৰক মিত্ৰতা হ’বই৷ ভূপেন বৰাই গালি পাৰিলেও আমি তেওঁক দোৱা কৰিম৷ যাতে তেওঁ  ৰাজনীতি বুজিব পাৰে৷’ এই প্ৰসংগত আজি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইনে শিকদাৰে কয় যে ‘যেতিয়া মানুহে আন্ধাৰ দেখে, তেতিয়াহে এনে কথা কবলৈ ধৰে৷ আজমলে সন্মুখত অন্ধকাৰ দেখিছে৷ আল্লাই তেওঁক সুমতি দিয়ক৷”