Logo
image

আজি ‘ভাৰত জোড়ো’ৰ সামৰণি

আমাৰ অসম, ৩০ জানুৱাৰী: পণ্ডিত জৱাহৰলাল নেহৰুৱে উত্তোলন কৰাৰ ৭৫ বছৰ পাছত তেওঁৰ আজো নাতিয়েক ৰাহুল গান্ধীয়ে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ লালচ’কত দেওবাৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাকে ধৰি অনেক নেতিবাচক সমালোচনাই চৰ্চাত ৰাখিছে ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো যাত্ৰা৷  সোমবাৰে জন্মু-কাশ্মীৰত সামৰণি পৰিবলগীয়া এই ৫ মহীয়া ভাৰত জোড়ো যাত্ৰাৰ বিতৰ্ক সম্ভৱতঃ সমাপ্তিৰ আগদিনাই তুংগত উঠিল৷ কিয়নো বিচ্ছিন্নতাবাদীৰ প্ৰবল বাধাৰ বাবে বছৰ বছৰ ধৰি লালচ’কত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব পৰা হোৱা নাই৷ তদুপৰি লালচ’কত জাতীয় পতাকা উত্তোলন কৰাটো আছিল আৰ এছ এছৰ কাৰ্যসূচী৷ আৰ এছ এছে জাতীয় পতাকা উত্তোলন কৰাৰ পূৰ্বেই ৰাহুল গান্ধীয়ে উত্তোলন কৰি আৰ এছ এছ-ৰ সূচী হাইজেক কৰাত বিতৰ্কৰ সৃষ্টি কৰিছে আৰ এছ এছৰ সমগোত্ৰীয়ে সংগঠনে৷ অৱশ্যে যোৱা ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাক লৈ ঘাইকৈ বিজেপিয়ে কম বিতৰ্কৰ সৃষ্টি কৰা নাই৷ ভগ্নী প্ৰিয়ংকা গান্ধীৰ কন্যা, নিজৰ ভাগিনক ৰাহুল গান্ধীয়ে এই যাত্ৰাৰ সময়ত কাষত বহুৱাই হাতত ধৰি থকা এখন ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰি এগৰাকী বিজেপি নেত্ৰীয়ে ৰাহুলৰ চৰিত্ৰ হনন কৰিছিল৷ উত্তৰ ভাৰতৰ প্ৰচণ্ড শীততো কেৱল এটা টি-শ্বাৰ্ট পিন্ধি ৰাহুল গান্ধীয়ে কেনেকৈ কটাইছে সেই লৈয়ো বিজেপিয়ে কম মূৰ ঘমোৱা নাই৷ বিজেপিৰ একাংশৰ দাবী, ৰাহুল গান্ধীয়ে পৰিধান কৰা টি-শ্বাৰ্টটোৰ মূল্য ৪২ হাজাৰ টকা আৰু এইটো পৰিধান কৰিলে শৰীৰত শীত নালাগে৷ চীনত ক’ভিডৰ সংক্ৰমণ হোৱা দেখি ভাৰতত মোদী চৰকাৰে ৰাহুল গান্ধীৰ এই যাত্ৰা বন্ধ কৰিবলৈ উঠিপৰি লাগিছিল আৰু ৰাহুল গান্ধীয়ে ক’ভিড বিধি উলংঘা কৰি ভাৰত জোড়ো যাত্ৰা অব্যাহত ৰখা  বুলি মোদী চৰকাৰে তীব্ৰ সমালোচনা কৰিছিল৷  অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক তেওঁক দাড়িৰে সৈতে ছাদ্দাম হুছেইনৰ দৰে একে হোৱা বুলি মন্তব্য কৰিছিল৷ তেওঁ কৈছিল, ৰাহুল গান্ধীয়ে জাতিৰ পিতা মহাত্মা গান্ধী অথবা আন নহ’লেও তেওঁৰ আজোককাক জৱাহৰলাল নেহৰুৰ পদানুসৰণ কৰা উচিত৷ ছাদ্দাম হুছেইন হৈ তেওঁ একো ভাল আদৰ্শ দেখুওৱা নাই বুলি হিমন্ত বিশ্ব শৰ্মাই বিতৰ্কৰ জোৱাৰ তুলিছিল৷ 

সোমবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত ভাৰত জোড়ো যাত্ৰাৰ সমাপ্তি অনুষ্ঠানত মুঠতে ১২টা বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে যোগদান কৰিব৷ কংগ্ৰেছৰ পক্ষৰ পৰা সমাপ্তি অনুষ্ঠানলৈ মুঠতে ২১টা ৰাজনৈতিক দলক আমন্ত্ৰণ জনোৱা হৈছিল৷ তাৰ ভিতৰত ডিএমকেৰ মুৰব্বী এম কে ষ্টেলিন, শাৰদ পাৱাৰৰ এন চি পি, তেজস্বী যাদৱৰ আৰ জে দি, নীতিশ কুমাৰৰ জে ডি [ইউ], উদ্ধৱ থাকৰেৰ শিৱসেনা, চিপিএম, চিপিআই, ভিচিকে, কেৰালা কংগ্ৰেছ, ফাৰুক আব্দুল্লাৰ নেশ্যনেল কনফাৰেন্স, মেহবুবা মুফটিৰ পিডিপি, শিবু ছোৰেনৰ জে এম এমৰ প্ৰতিনিধিয়ে যোগ দিব৷ তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টী, তেলুগু দেশম পাৰ্টী ইত্যাদিয়ে অনুষ্ঠানত যোগদান নকৰে৷