Logo
image

টোগাড়িয়াই ক'লে, আৰু ৫০ বছৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন নকৰিলে সুৰক্ষিত নাথাকিব ৰাম মন্দিৰ

ডিজিটেল ডেস্কঃ জনসংখ্যা নিয়ন্ত্ৰণ আইনক লৈ দেশত বিবাদ অব্যাহত থকাৰ মাজতে জনসংখ্যা নিয়ন্ত্ৰণ আইনক লৈ বিশেষ মন্তব্য কৰিছে হিন্দুত্ববাদী নেতা প্ৰবীণ টোগাড়িয়াই৷ টোগাড়িয়াই দেশত জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন কৰাৰ দাবী জনাইছে৷ তেওঁ কয় যে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন নকৰিলে সুৰক্ষিত নাথাকিব ৰাম মন্দিৰ৷

হিন্দু পৰিষদৰ আহ্বায়ক প্ৰবীণ টোগাড়িয়াই কয় যে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন নকৰিলে ৫০ বছৰৰ পিছত সুৰক্ষিত নাথাকিব ৰাম মন্দিৰ৷ লগতে তেওঁ জনসংখ্যা নিয়ন্ত্ৰণ আৰু জনসংখ্যাৰ ভাৰসাম্যহীনতাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি কয় যে হিন্দুসকলে একত্ৰিত হৈ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে এটা আন্দোলন আৰম্ভ কৰিছিল। বহু আন্দোলন, বহু প্ৰচেষ্টাৰ পিছত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে আৰু যদি জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন কৰা নহয় তেন্তে ৫০ বছৰৰ পিছত ৰাম মন্দিৰ সুৰক্ষিত নহ'ব।