Logo
image

চাৰি দিনৰ ছুটী লৈ ঘৰলৈ গৈছিল ডলী : পিতৃৰ সৈতে মাংস কিনিবলৈ যোৱাৰ সময়তে দুৰ্ঘটনাত থিতাতে মৃত্যু

ডিজিটেল ডেস্কঃ চাৰি দিনৰ ছুটী লৈ কৰ্মীস্থলীৰ পৰা ঘৰলৈ গৈছিল সংবাদকৰ্মী ডলী হাজৰিকা৷ কিন্তু কোনে জানিছিল, ডলীৰ এই যাত্ৰাই হ'ব অন্তিমটো যাত্ৰা৷  কৰ্মীস্থলীত আৰু কেতিয়াও দেখা পোৱা নাযাব ডলীক৷ 

বিহপুৰীয়াৰ পাঁচআলিত দেওবাৰে সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত মৃত্যুক আকোৱালি ল'লে ডলীয়ে৷ মাংস কিনিবলৈ যোৱাৰ সময়তে এখন আল্ট্ৰা বাছে মহতিয়াই নিয়ে ডলীৰ লগতে তেওঁৰ পিতৃক৷ এই ভয়াৱহ দুৰ্ঘটনাত থিতাতে নিহত হয় ডলী হাজৰিকা৷ আনহাতে সংকটজনক অৱস্থাত বৰ্তমান চিকিৎসাধীন ডলীৰ পিতৃ৷

ডলী গুৱাহাটীৰ এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত আছিল৷ যোৱা ২৬ জানুৱাৰীত মামাকৰ বিয়াৰ বাবে ছুটী লৈ ঘৰলৈ গৈছিল ডলী৷ এই যাত্ৰাই হ'ল ডলীৰ অন্তিমটো যাত্ৰা৷ ডলীৰ মৃত্যু শোকস্তব্ধ সংবাদ জগতৰ লগতে সমগ্ৰ বিহপুৰীয়া অঞ্চল৷