Logo
image

মছজিদত নামাজ আদায়ৰ সময়তে বিস্ফোৰণঃ ৪৫ জন নিহত, ১৫০ৰো অধিক আহত

ডিজিটেল ডেস্ক: ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তানৰ পেছাৱাৰ৷ দুপৰীয়া প্ৰায় ১.৪০ বজাত নামাজ আদায়ৰ সময়ত পেছাৱাৰৰ এটা মছজিদত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ। আত্মঘাতী বিস্ফোৰণৰ ফলত প্ৰায় এইপৰ্যন্ত ৪৫ জন লোক নিহত হোৱাৰ লগতে ১৫০ৰো অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে৷

আৰক্ষী বিষয়া ছিকন্দৰ খানে জানিবলৈ দিয়া মতে, বিস্ফোৰণৰ সময়ত মছজিদত প্ৰায় ২৬০ জন লোক নামাজৰ বাবে সমবেত হৈছিল। পাছত আহতসকলক পেছাৱাৰৰ লেডী ৰিডিং হাস্পতালত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয়

বিস্ফোৰণৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আহতসকলৰ উপযুক্ত চিকিৎসাৰ বাবে নিৰ্দেশ দিয়াৰ লগতে এই বিস্ফোৰণৰ লগত জড়িত সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে  কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি কয়৷ আনহাতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানেও এই বিস্ফোৰণক গৰিহণা দিয়াৰ লগতে এই বিস্ফোৰণক 'সন্ত্রাসবাদী আত্মঘাতী আক্ৰমণ' বুলি অভিহিত কৰে। আনহাতে পাকিস্তানৰ সাংবাদ মাধ্যমে দাবী কৰা অনুসৰি তেহৰিক-ই-তালিবান পাকিস্তানে আক্ৰমণৰ দায়িত্ব লৈছে৷