Logo
image

বিহু বিশ্বজনীন কৰিবলৈ কেবিনেটৰ বিশেষ কমিটী

আমাৰ অসম, ৩১ জানুৱাৰী: বিহুক বিশ্বজনীন কৰিবলৈ সোমবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকত এখন বিশেষ কমিটী গঠন কৰা হয়৷ উল্লেখ্য যে, ১৪ এপ্ৰিলত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰীজনক আদৰিবলৈ ৰাজকীয় আয়োজনৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে৷ পহিলা ব’হাগত প্ৰধানমন্ত্ৰীক ২০০০ নাচনিৰ জৰিয়তে ঢোলে-দগৰে আদৰিবৰ কাৰণে ককালত টঙালি বান্ধিছে ৰাজ্য চৰকাৰে৷ ইয়াৰ বাবে আজি ডিব্ৰুগড়ত অনুষ্ঠিত অসম মন্ত্ৰী সভাৰ বৈঠকত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গঠন কৰিছে চাৰিজনীয়া কেবিনেট মন্ত্ৰীৰ বিশেষ কমিটী৷ মন্ত্ৰী বিমলা বৰা, ডাঃ ৰণোজ পেগু, কেশৱ মহন্ত, জয়ন্ত মল্ল বৰুৱাক লৈ গঠন কৰা কেবিনেট সমিতিখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত সৰুসজাইত প্ৰায় দুই হাজাৰ নাচনিয়ে নৃত্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব৷ আজিৰ এই কেবিনেট বৈঠকত উদ্যোগ নীতিক লৈয়ো গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়৷ অসম চৰকাৰে ৰাজ্যৰ নতুন উদ্যোগ নীতি গঠনৰ বাবে আজিৰ কেবিনেটে বিশেষভাৱে আলোচনা কৰে৷ এই সন্দৰ্ভত পৰামৰ্শ লাভ কৰাৰ পাছত পৰৱৰ্তী কেবিনেটেত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে৷ উল্লেখ্য যে, বিশ্বক অসমৰ বাপতি সাহোন বিহুৰ বিষয়ে জনোৱাৰ উদ্দেশ্যৰে অসম চৰকৰে গ্ৰহণ কৰিছে এক বিশাল পদক্ষেপ৷ বিশ্ব দৰবৰালৈ বিহুক লৈ যোৱাৰ উদ্দেশ্যৰে গীনিজ বুক অৱ ৱ’ল্ডৰ্ ৰেকৰ্ডছত ইয়াক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য লৈছে চৰকাৰে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰি কৈছিল যে অহা ১৪ এপ্ৰিলত দিনাখন গুৱাহাটীত ১০১ পৰা ১৫ হেজাৰ ঢুলীয়া আৰু নাচনীয়ে একে লগে বিহু গীত পৰিৱেশন কৰিব৷