Logo
image

গুৱাহাটী মেডিকেলৰ অন্য নাম এতিয়া ‘অপেক্ষা’

আমাৰ অসম, ৩১ জানুৱাৰী: ৰাজ্যৰ মুখ্য চৰকাৰী চিকিৎসালয় হিচাপে পৰিচিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অৰাজকময় তথা অব্যৱস্থাপনাৰ বাবে চৰম হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে ৰোগী আৰু  ৰোগীৰ অভিভাৱকে৷ উন্নত চিকিৎসাৰ আশাত দূৰদূৰণিৰ পৰা অহা সাধাৰণ ৰোগীসকলক জি এম চি এইচৰ চিকিৎসক-নাৰ্ছে দুৰ্ব্যৱহাৰ কৰাটো সাধাৰণ কাৰ্যত পৰিণত হৈছে যদিও ৰাজ্যৰ আগশাৰী হাস্পতালখনত পৰিচালনাৰ ক্ষেত্ৰত থকা অৰাজকতাৰ বাবেও ৰোগী আৰু ৰোগীৰ অভিভাৱকে যেন যমৰ যন্ত্ৰণা ভোগ কৰিবলীয়া হৈছে৷  শ শ কোটি টকা ব্যয়ৰে জি এম চি এইচৰ চৌহদত এখনৰ পাছত এখন বহুমহলীয়া হাস্পতালৰ বিল্ডিং নিৰ্মাণ কৰি চমক সৃষ্টি কৰিলেও বাস্তৱত আজিও চিকিৎসাজনিত সা-সৰঞ্জাম আৰু পৰ্যাপ্ত মানৱ সম্পদৰ অভাৱত চিটি স্কেন, আলট্ৰাছাউণ্ড, এম আৰ চি পি, এম আৰ আই, এক্সৰে আদিৰ বাবে ৰোগীয়ে এসপ্তাহৰ পৰা এপষেক পৰ্যন্ত অপেক্ষা কৰিবলগীয়া হয়৷ এতিয়া যেন গুৱহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰোগীয়ে চিকিৎসা লাভৰ পৰিৱৰ্তে এটাৰ পাছত এটা কাউণ্টাৰত দীঘলীয়া শাৰী পাতি ‘অপেক্ষা’ৰ নামত সময় পাৰ কৰিবলগীয়া হৈছে৷ বহু সময়ত এনে পৰীক্ষা কৰি ৰোগ ধৰা পৰালৈকে বহু পলম হৈ যোৱাত ৰোগীৰ মৃত্যু পৰ্যন্ত হোৱাৰো অনেক উদাহৰণ আছে৷ কেৱল ৰোগৰ নমুনা  পৰীক্ষাৰ বাবে ১০-১৫ দিন ৰোগীয়ে অপেক্ষা কৰাই নহয়, প্ৰতিদিনেই  নমুনা পৰীক্ষাৰ কাউণ্টাৰত ধন জমা দিবলৈ ৰোগী তথা ৰোগীৰ অভিভাৱকে ২-৩ ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হয় জি এম চি এইচত৷ যাৰ পৰিপ্ৰেক্ষিতত জি এম চি এইচৰ ধন জমা লোৱা কাউণ্টাৰসমূহত ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ দীঘলীয়া শাৰী সুলভ দৃশ্যত পৰিণত হৈছে৷ বহিঃবিভাগ আৰু অন্তঃবিভাগৰ সকলো ৰোগীয়েই দিন ভাগৰ লগতে নিশাৰ ভাগতো নমুনা পৰীক্ষাৰ বাবে কাউণ্টাৰত ধন জমা দিবলৈ বোন্দাপৰ দি যমৰ -যাতনা ভোগাৰ দৃশ্য নিত্য-নৈমিত্তিক পৰিঘটনালৈ পৰিগণিত হৈছে৷ বিশেষকৈ কাউণ্টাৰত ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰিবলগীয়া হোৱাত বহু সময়ত ৰোগী শাৰী পাতি থকা অৱস্থাতে অচেতন হৈ পৰি যোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে৷ জি এম চি এচিত ৰোগী ভৰ্তি হ’লে এজন এটেনডেণ্ট থকাৰ অনুমতি দিয়াত উক্ত এটেনডেণ্টজনে নমুনা পৰীক্ষাৰ ধন জমা দিবলৈ কাউণ্টাৰতে ডেৰ-দুই ঘণ্টা পৰ্যন্ত শাৰীপাতি থাকিবলগীয়া হ’লে ৰোগীৰ কি অৱস্থা হ’ব পাৰে সেয়া নক’লেও অনুমেয়৷ জি এম চি এইচত ৰোগী আৰু ৰোগীৰ অভিভাৱকে সন্মুখীন হোৱা এই হাৰাশাস্তিৰ সন্দৰ্ভত এতিয়া বিভিন্নজনে কতৃৰ্পক্ষক অভিযোগ দিয়াৰ লগতে গুৱাহাটী উচ্ছ ন্যায়ায়লয়ত অধিবক্তা কৃষ্ণ গগৈয়ে সামাজিক মাধ্যমযোগেও ক্ষোভ ব্যক্ত কৰিছে৷ কিন্তু ইয়াৰ পাছতো অধ্যক্ষ ডাঃ অচ্যুৎ কুমাৰ বৈশ্যৰ নেতৃত্বাধীন জি এম জি এইচ কতৃৰ্পক্ষই ৰোগী আৰু অভিভাৱকে সন্মুখীন হোৱা সমস্যা অনুধাৱন কৰিবলৈ চেষ্টা কৰা নাই৷ যি সময়ত জি এম চি এইচ কতৃৰ্পক্ষই ব্যক্তিগত ফাৰ্মৰ জৰিয়তে শ শ সুৰক্ষা কৰ্মী আৰু চাফাই কৰ্মীক নিয়োগৰ ঠিকা দিছে, তেনেসময়ত ধন সংগ্ৰহৰ কাউণ্টাৰৰ  সংখ্যা বৃদ্ধি কৰি ৰোগী আৰু অভিভাৱকক হাৰাশাস্তিৰ পৰা সকাহ দিয়াৰ বাবে অস্থায়ী কৰ্মচাৰী নিয়োগ কৰিব নিবিচৰা কাৰ্যক লৈও সন্দেহৰ দৃষ্টিয়ে চাইছে খোদ জি এম চি এইচৰ একাংশ সচেতন কৰ্মচাৰীয়ে৷ প্ৰত্যক্ষভাৱে জি এম চি এইচ কতৃৰ্পক্ষই অস্থায়ী কৰ্মচাৰী নিযুক্তি দি কাউণ্টাৰৰ সংখ্যা বৃদ্ধি কৰাত আপত্তি ক’ত বুলিও এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷ স্বাভাৱিকতেই এতিয়া জি এম চি এচিৰ ভিতৰত চলি থকা অৰাজকতাৰ আৰু অব্যৱস্থাপনাৰ সন্দৰ্ভত  স্বাস্থ্যমন্ত্ৰীয়ে কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষণীয়৷